হুদাইবিয়াৰ সন্ধি
হুদাইবিয়াৰ সন্ধি (Turning Point):The Treaty of Hudaibiya
হুদাইবিয়াৰ সন্ধি
“ইন্নাল হামদুলিল্লাহ ; নাহমাদুহু ৱা নাছতায়ীনোহু ৱা নাছতাগফিৰহু , ৱা নাউজুবিল্লা মিন চুৰুৰী আন ফুচিনা , ৱা মিন ছাইয়ীয়াতি আমালিনা , মাই য়াহদিহিল্লাহু ফালা মুদিল্লালাহ ,অমাই য়োদিল্ললাহু ফালা হাদিয়ালাহ । ৱা আছহাদো আলা ইলাল্লাহু ৱাহ দাহু লা শ্বৰীকালাহু ৱা আছহাদো আন্না মোহাম্মাদান আবদুহু ৱা ৰাচুলোহু”। ( নিশ্চয় সকলো প্রসংশাৰ যোগ্য এক মাত্র আল্লাহ । মই কেৱল মাত্র তেওঁৰেই প্রসংশা কৰো আৰু তেওঁৰ ওচৰতেই মাফি বিছাৰো , মোৰ মনত উদয় হোৱা সকলো বেয়াৰ পৰা তেওঁৰ ওচৰতে আশ্রয় বিছাৰো আৰু সকলো বেয়া কামৰ পৰা তেওঁৰে আশ্রয় বিছাৰো । আল্লাহে যাক হিদায়ত দিয়ে(তাৰ কর্মৰ বাবে) তাক কোনেও গুমৰাহ কৰিব নোৱাৰে আৰু আল্লাহে যাক গুমৰাহ কৰে(তাৰ কর্মৰ বাবে) তাক কোনেও হিদায়ত দিব নোৱাৰে । মই সাখি দিঁও যে এক মাত্র আল্লাহৰ বাহিৰে ইবাদতৰ কোনো যোগ্য মাবুদ নাই যাৰ বাহিৰে কোনো উপাসনাৰ যোগ্য মাবুদ নাই, তেওঁৰ কোনো অংশিদাৰ নাই আৰু সাখি দিওঁ যে মোহম্মদ(ছ:) আল্লাহৰ বান্দা আৰু ৰচুল ।)(স্বহী মুছলিম ২০০৮)
হে আল্লাহ, আমি(একমাত্ৰ) তোমাৰেই উপাসনা কৰো আৰু (একমাত্ৰ)তোমাৰ ওচৰতে (অদৃশ্যত) সাহার্য্য প্ৰাৰ্থণা কৰো। আমাক সৰল পথটো দেখুউৱা, যিটো পথত চলা সকলে তোমাৰ পৰা পুৰস্কাৰ পালে, সেইটো পথ নহয় যি পথত চলা বিলাকৰ ওপৰত তোমাৰ গজব হ’ল যিসকল পথভ্রষ্ট । (আআমীন) হে আল্লাহ, তুমি আমাৰ এই দোৱা কবুল কৰা ।
‘‘চিৰা’ তুন্নবি’ৰ ‘হুদাইবিয়াৰ সন্ধি’ এই অংশটো মুল ইংৰাজীত ‘ডঃ য়াচিৰ কাজী’ চাহাবৰ ভিডিঅ’ বুক চিৰিজ (video book series)ৰ ‘‘চিৰা’ অব প্ৰফেট’ৰ (Seerah of Prophet) হুদাইবিয়া সন্ধি অংশৰ ভাৱানুবাদৰ চেষ্টা মাথোন । আৰবি ‘‘চিৰা’ ’ শব্দৰ অৰ্থ হল ৰছুল(ছঃ) ৰ জীৱন বৃত্তান্ত (Life and Time of Prophet) । ‘‘চিৰা’ ’ অধ্যয়ণ মানে ৰছুলৰ (ছঃ) জীৱন আৰু তেখেত(ছঃ)ৰ লগত জড়িত সৰু বৰ সকলো ঘটনাৰ পুংখানুপুংখ অধ্যয়ণ । আমি কিয় ‘‘চিৰা’ ’ অধ্যয়ণ কৰিব লাগে ? ইয়াৰ কাৰণ আল্লাহৰ নিৰ্দেশ । মহান আল্লাহে ‘আল্ কোৰাণৰ’ প্ৰায় 50 টা মান আয়াতত আমাক ৰছুল(ছঃ)ক অধ্যয়ণ কৰিবলৈ প্ৰত্যক্ষ বা পৰোক্ষ ভাবে নিৰ্দেশ কৰিছে । চুৰা ‘নিছা’ৰ 69 নং আয়াতত আল্লাহে কৈছে, ‘‘যিজনে আল্লাহ আৰু আল্লাহৰ ৰছুলৰ আনুগত্য কৰিব তেওঁ সেই সকলৰ সংগ লাভ কৰিব যিসকলৰ প্ৰতি আল্লাহে নিয়ামত দান কৰে” । চুৰা ‘আল্ ইমৰাণ’ৰ 31 নং আয়াতত আল্লাহে কৈছে , ‘‘যদি তোমালোকে আল্লাহক ভাল পোৱা , তেন্তে ৰছুল(ছঃ)ক অনুকৰণ কৰা , তেতিয়া আল্লাহে তোমালোকক ভাল পাব আৰু তোমালোকৰ গুণাহ বোৰ মাফ কৰি দিব” । চুৰা তৌবাৰ 24 নং আয়াতত আল্লাহে কৈছে যে যদি আমি আমাৰ নিজৰ মা-বাবা, লৰা-ছোৱালী, পৰিবাৰ-পৰিজন, ককাই-ভাই, ধন-সম্পত্তি, বাণিজ্যৰ বস্তু, ঘৰ-দুৱাৰ আদিতকৈ আল্লাহ আৰু আল্লাহৰ ৰছুল(ছঃ)ক বেছি ভাল পাব নোৱাৰো তেন্তে আমাৰ ধ্বংস অনিবাৰ্য্য, আল্লাহে আমাক সুপথও প্ৰদৰ্শণ নকৰিব। চুৰা আল্ ইমৰাণত আকৌ কৈছে যে “যিয়ে ৰছুল(ছঃ)ৰ আনুগত্য কৰিলে , সি আল্লাহৰেই আনুগত্য কৰিলে” । আল্লাহে আকৌ কৈছে যে “ৰছুল(ছঃ) হল আমি অনুসৰণ কৰিবলৈ উত্তম আদৰ্শ” । সেয়েহে চাহাবা(ৰাঃ) সকলে ৰছুল(ছঃ) ক হুবহু নকল কৰিবলৈ চেষ্টা কৰিছিল। আব্দুল্লাহ বিন ওমৰ (ৰাঃ)এ ৰছুল(ছঃ)ৰ মৃত্যুৰ পাছত এবাৰ কোনো ঠাইলৈ যাত্ৰা কৰি থকা অৱস্থাত হঠাৎ উটৰ পৰা নামি উটটোক ঠাইতে এপাক ঘুৰাই লৈ পূণৰ যাত্ৰাৰ বাবে উটত উঠিল। লগৰীয়া সকলে এনেকৈ কৰাৰ কাৰণ সুধিলত তেখেতে(ৰাঃ) কলে, ‘‘মই এবাৰ এই ৰাস্তাৰে আল্লাহৰ ৰছুল(ছঃ)ৰ লগত যাত্ৰা কৰি আছিলো, এই ঠাই পোৱাৰ লগে লগে ৰছুল(ছঃ)ৰ উটজনীয়ে এনেকৈয়ে এপাক ঘুৰি দিছিল আৰু পুনৰ যাত্ৰা কৰিছিল । সেয়েহে ময়ো মোৰ উটটোক এই ঠাইত এপাক ঘুৰাই ললো” । ‘বিদায়ী হজত’ আব্দুল্লাহ বিন ওমৰ(ৰাঃ) ও ৰছুল(ছঃ)ৰ সংগী আছিল। এই যাত্ৰাত ৰছুল(ছঃ) এ যি যি ঠাইত জিৰণী লৈছিল, প্ৰস্ৰাব কৰিছিল, অজু কৰিছিল, নামাজ পঢ়িছিল ; আব্দুল্লাহ বিন ওমৰ(ৰাঃ)এ পাচত যেতিয়াই হজৰ বাবে আহিছিল, সেই সেই ঠাই সমূহতে জিৰণী লৈছিল, অজু কৰিছিল, নামাজ পঢ়িছিল ; আনকি প্ৰস্ৰাব কৰিব নালাগিলেও সেই ঠাইত ক্ষন্তেক সময় বহিহে পুনৰ যাত্ৰা কৰিছিল । মদিনাৰ বাহিৰৰ এজন চাহাবাই ৰছুল(ছঃ)ক জীৱনত এবাৰেই ক্ষন্তেক সময়ৰ বাবেহে লগ পাইছিল । সেই সময়ত ৰছুল(ছঃ) এ হয়তো গৰমৰ বাবে চোলাৰ ওপৰৰ বুতামটো খুলি ৰাখিছিল আৰু তেখেত(ছঃ)ৰ বুকুখন সামান্য ওলাই আছিল । সেই চাহাবাজনে ওৰে জীৱন চোলাৰ ওপৰৰ বোতামটো খোলা ৰাখি বুকুখন সামান্য ওলিয়াই ৰাখিছিল । কোনোৱে এই বিষয়ে সুধিলে কৈছিল ‘‘মই ৰছুল (ছঃ)ক এনেকৈ থকা দেখিছো” । এয়া হল চাহাবা(ৰাঃ) সকলৰ ৰছুল(ছঃ)ৰ প্ৰতি থকা মৰম-ভালপোৱা তথা তেখেত(ছঃ)ক অনুকৰণ কৰিবলৈ কৰা চেষ্টাৰ নমুনা । চাহাবা(ৰাঃ) সকলে ৰছুল(ছঃ)ক ওচৰৰ পৰা পাইছিল বাবে তেখেত(ছঃ)ৰ প্ৰতি ইমান মৰম-ভালপোৱা আছিল যে নিজৰ মা-বাবা, লৰা-ছোৱালী, পৰিবাৰ-পৰিজন, ধন-সম্পত্তি, ঘৰ-দোৱাৰ আনকি নিজৰ জীৱন পৰ্যন্ত উৎসর্গা কৰিবলৈ সদা প্ৰস্তুত আছিল । আমি ৰছুল(ছঃ)ক আৰু নাপাও । কিন্তু আমি ৰছুল(ছঃ)ৰ জীৱনৰ সকলো সৰু-বৰ সঠিক ঘটনাৰে যদি অধ্যয়ণ কৰো, হয়তো অলপ হলেও তেখেত(ছঃ)ৰ প্ৰতি আমাৰ মৰম, ভালপোৱা বাঢ়িব বুলি আশা কৰা যায় । সেয়েহে মোৰ এই প্ৰয়াস । মোৰ এই চেষ্টাই যদি এজন পাঠকৰো আল্লাহ আৰু ৰছুল(ছঃ)ৰ প্ৰতি মৰম-ভালপোৱা বৃদ্ধিত অলপ হলেও সহায় হয় তেন্তে এই প্রয়াস আল্লাহৰ ওচৰত মোৰ নাযাতৰ জৰিয়া হওক । ই হওক মোৰ মা-বাবা তথা পৰিয়ালৰ ঈমানৰ সৈতে এই পৃথিবী এৰি যোৱা লোক সকলৰ বাবে ‘ইচালে চাৱাব’। তেখেত সকলক আৰু মোক আল্লাহে মাফ কৰি দিয়ক (আআমীন) ।
য়াচিৰ কাজীৰ সম্পুৰ্ণ নাম হল - আবু আম্মাৰ য়াচিৰ কাজী (Abu Ammar Yaseer Qadhi) । আমেৰিকাৰ টেক্সাচত জন্মগ্ৰহণ কৰা য়াচিৰ কাজীৰ পূৰ্বপুৰুষ স্বাধীনতাৰ আগতে ভাৰতবৰ্ষৰ পৰা যোৱা (বৰ্তমান পাকিস্থানৰ কৰাচী)। পাঁচ বচৰ বয়সতে মাক-বাপেকৰ লগত চাউদি আৰবৰ জেদ্দালৈ যায় আৰু তাতে স্কুলিয়া জীৱন আৰম্ভ কৰি কলেজীয়া জীৱন শেষ কৰে । তাৰপাচত আমেৰিকালৈ আহি হিউচটন ইউনিভাৰচিটিৰ (Huston University) পৰা কেমিকেল ইঞ্জিনীয়াৰিঙত সফলতাৰে স্নাতক সন্মান অৰ্জন কৰে । তাৰ পাচত হিউচটনৰেই “দ’ কেমিকেল” (Daw Chemical) নামৰ এটা প্ৰতিস্থানত কৰ্মজীবন আৰম্ভ কৰিছিল যদিও অতি সোনকালেই চাকৰী এৰি মদিনালৈ আহি ইছলামীক উনিভাৰচিটি অব মদিনা (Islamic University of Madina) ত নামভৰ্তি কৰি আৰবি ভাষাৰ ওপৰত দুবছৰীয়া ডিপ্লোমা কোৰ্চ কৰে । তাৰপাচত হাদিছ শাস্ত্ৰত চাৰিবছৰীয়া পাঠ্যক্ৰম সম্পুৰ্ণ কৰি আকৌ দুবছৰীয়া স্নাতোকোত্তৰ পাঠ্যক্ৰম সম্পুৰ্ণ কৰে । কাজী চাহেবে তাৰপাচত ইছলামিক ষ্টাডিজ (Islamic Studies)ত ডি ফিল আৰু এম ফিল কৰে আৰু য়েল ইউনিভাৰচিটিৰ (Yale University) পৰা ‘ইবনে টাইমিয়াৰ এৰেবিক লিটাৰেচাৰ’ (Arabic Literature of Ibne Taimiya) ত পি এইচ ডি কৰি ডক্টৰেট সন্মান লাভ কৰে। তাৰ পাচত পুনৰ আমেৰিকালৈ আহি বৰ্তমানলৈকে ‘আল মগৰিব ইনষ্টিটিউটত’ (Al Maghrib Institute) ডীন হিচাবে কাৰ্য্য নিৰ্বাহ কৰি আছে , লগতে ইছলামৰ বিভিন্ন বিষয়ৰ ওপৰত আল কোৰআন আৰু ছহিহ হাদিছৰ সহায়ত ইংলেণ্ড , আমেৰিকা , ভাৰত, আৰব ৰাষ্ট্ৰ সমূহ , ইজিপ্ত আদি দেশৰ বিভিন্ন ইছলামিক চেটেলাইট টিভি চেনেল আৰু ইন্টাৰনেটৰ দ্বাৰা দাৱাতৰ কাম কৰি আছে । এই কৰ্মব্যস্ততাৰ মাজতেই ডঃ চাহাবে ৰছুল(ছঃ)ৰ ওপৰত গৱেষনামূলক অধ্যয়ন আৰম্ভ কৰে । দহ বছৰ বিস্তৃত এই অধ্যয়নৰ ফলতেই জন্মলাভ কৰে ‘‘চিৰা’ অব প্ৰফেট’ (Seera of Prophet) নামৰ 106 খণ্ডৰ এটি ভিডিঅ বুক ছিৰিজ (Video Book Series) যিটো তেখেতে 5 বছৰ ধৰি ইউ টিউবত (YouTube) আপলোড কৰিছে । এই ছিৰিজৰ 61 খণ্ডৰ পৰা 65 খণ্ডৰ বক্তৃতা সমূহত হুদাইবিয়াৰ সন্ধিৰ সম্বন্ধে বিস্তাৰিত ভাবে আলোচনা কৰা হৈছে (মুঠ 6 ঘন্টা 35 মিনিটৰ বক্তৃতা)। কোনো আগ্ৰহী লোকে যদি ডঃ য়াচিৰ কাজী চাহাবৰ মূল বক্তৃতা সমূহ চাব বিচাৰিলে ইউ টিউবত (YouTube) Seera of Prophet by Dr. Yaseer Qadhi বুলি চাৰ্চ কৰি চাব পাৰিব নতুবা মোৰ পৰা ব্যক্তিগতভাবে সংগ্ৰহ কৰিব পাৰিব ।
‘চিৰা’ অব প্ৰফেট’ৰ (Seera of Prophet) উৎসৰ বিষয়ে আলোচনা কৰি ডঃ য়াচিৰ কাজী চাহাবে কৈছে যে ৰছুল(ছঃ)ৰ ‘চিৰা’ ৰ প্ৰথম উৎস হল আল-কোৰআন । তেখেতৰ মতে আমি কোৰআন বুজিবৰ বাবে ৰছুল(ছঃ)ৰ ‘চিৰা’ অধ্যয়ন কৰিব লাগিব আৰু ৰছুল(ছঃ)ৰ ‘চিৰা’ অধ্যয়ন কৰিবলৈ হলে কোৰআন অধ্যয়ন কৰিব লাগিব । দ্বিতীয় উৎস হল ৰছুল(ছঃ)ৰ হদিছ সমূহ (শ্বহী ইচনাদৰ) । তৃতীয় উৎস হল ৰছুল(ছঃ)ৰ জীৱনৰ আধাৰত ৰচনা কৰা বিভিন্নজনৰ গ্ৰন্থসমূহ । এই ক্ষেত্ৰত প্ৰথম প্ৰয়াস কৰিছিল চাহাবা সকলৰ সতি-সন্ততি সকলে । এই সকলৰ ভিতৰত অন্যতম হল উৰুৱা(ৰঃ)। এখেতৰ জন্ম ৰছুল(ছঃ)ৰ মৃত্যুৰ পাচত হৈছিল যদিও তেখেতৰ মা-বাবা , ককাই-বাই , নানা-নানী সকলো চাহাবা আছিল । উৰুৱা(ৰঃ) জুবাইৰ(ৰাঃ) ৰ পুত্ৰ আৰু ৰছুল(ছঃ)ৰ বিবি আয়েশা(ৰাঃ)ৰ ভাগিন । ৰছুল(ছঃ)ৰ ‘চিৰা’ গ্ৰন্থ লিখা আৰু এজন উল্লেখযোগ্য ব্যক্তি হল আব্বান(ৰঃ) যিজন আছিল উছমান গণী(ৰাঃ)ৰ পুত্ৰ । তাৰপাছত ‘ইবনে হিছাম আবজুহুৰী’(ৰঃ) নামৰ এজন তাবেঈনে ৰছুল (ছঃ)ৰ ‘চিৰা’ ৰ এখন বিৰাট গ্ৰন্থ ৰচনা কৰিছিল । প্ৰথম প্ৰথম ৰছুল(ছঃ)ৰ ‘চিৰা’ ৰ গ্ৰন্থ ৰচনা কৰা এই লোকসকলৰ কিতাবৰ উল্লেখ পিছৰ লেখক সকলৰ কিতাবত পোৱা যায় যদিও মূল গ্ৰন্থসমূহ বৰ্তমান পাবলৈ নাই । তাৰ পাছৰ পৰ্য্যায়ত ৰছুল(ছঃ)ৰ ‘চিৰা’ ৰ গ্ৰন্থ লিখা লোকসকলৰ ভিতৰত অন্যতম ব্যক্তি হল ‘ইবনে ইছহাক’(ৰঃ)। তেখেতৰ জন্ম 85 হিজৰিত মদিনাত হৈছিল । ‘ইবনে ইছহাক’(ৰঃ)এই প্ৰথম ৰছুল(ছঃ)ৰ জীৱনৰ বিভিন্ন ঘটনাৱলী প্ৰণালীবদ্ধভাবে আৰু একাদিকক্ৰমে উল্লেখ কৰি গ্ৰন্থখন ৰচনা কৰিছিল । ইয়াৰ বাবে তেখেতে বিভিন্ন ঠাই ভ্ৰমণ কৰি চাহাবা সকলকো লগ কৰি কৰি সমল গোটাইছিল । ইবনে ইছহাক(ৰঃ)এ চনদ আৰু ৰাবিসকলৰো বৰ্ণনা এই গ্ৰন্থত উল্লেখ কৰি যোৱাৰ বাবে এই গ্ৰন্থখনে বিৰাট আকাৰ ধাৰণ কৰিছিল । 150 হিজৰিত ইবনে ইছহাক(ৰঃ)ৰ মৃত্যুৰ পিছত তেখেতৰ এজন ছাত্ৰৰ ছাত্ৰ আব্দুল মালিক ইবনে হিছাম(ৰঃ)এ এই বিৰাট গ্ৰন্থখনৰ সম্পাদনা কৰি কেবল মূল ঘটনাসমূহ সন্নিবিষ্ট কৰি ‘‘চিৰা’ ত ইবনে হিছাম’ নামেৰে তুলনামুলকভাবে এখন সৰু গ্ৰন্থ সংকলণ কৰে , যিখন চাৰিটা খণ্ডত এতিয়াও আছে আৰু মূল আৰবী ভাষাৰ পৰা বিভিন্ন ভাষালৈ অনুদিত হৈছে । 230 হিজৰিত ইবনে হিছাম(ৰঃ)ৰ মৃত্যু হয় । ‘ইবনে ইছহাক’(ৰঃ)ৰ মূল কিতাবখন হেৰাই যোৱা বুলি ভবা হৈছিল যদিও বিংশ শতিকাৰ মাজভাগত এজন ভাৰতীয় ইছলামিক গৱেষক ‘ডঃ হামিদুল্লাহ’(ৰঃ)এ লণ্ডন, বাৰ্লীণ, পেৰিছ, মস্কো আদি বিভিণ্ণ ঠাইৰ মিউজিয়াম সমূহৰ পৰা চাহাবা সকলৰ যুগৰ হাতে লিখা বহুতো কোৰআন , হদিছ আৰু আন বহুতো পাণ্ডুলিপী উদ্ধাৰ কৰে । তাৰ মাজতে ইবনে ইছহাক(ৰঃ)ৰ গ্ৰন্থখনৰো বহু অংশ উদ্ধাৰ হয় । ডঃ হামিদুল্লাহ চাহাবে সেই কপিসমূহ ইংৰাজী ভাষালৈ অনুবাদ কৰাত দেখা গল যে ‘‘চিৰা’ ত ইবনে হিছাম’ গ্ৰন্থখন ইবনে ইছহাক (ৰঃ)ৰ গ্ৰন্থৰে সম্পাদিত ৰূপ । গতিকে বুজা গল যে ইবনে হিছাম(ৰঃ)ৰ গ্ৰন্থখন ৰছুল(ছঃ)ৰ মৃত্যুৰ এশ বছৰৰ ভিতৰত লিখা ‘চিৰা’ তৰ কিতাব । যিখন এতিয়াও বিদ্যমান ।
ৰছুল(ছঃ)ৰ ‘চিৰা’ তৰ চতুৰ্থটো উৎস হল ইয়াৰ পাচৰ পৰ্য্যায়ত লিখা ৰছুল(ছঃ)ৰ স্বভাৱ-চৰিত্ৰ, ৰূপ-সৌন্দৰ্য্য আৰু গঠনৰ ওপৰত লিখা বিভিন্ন গ্ৰন্থ সমূহ । এই গ্ৰন্থ সমূহক কোৱা হয় ‘চামাঈল’ । চামাঈল সমূহৰ ভিতৰত উল্লেখযোগ্য গ্ৰন্থ হল তিৰমিজী চাহাবৰ ‘চামাঈলে তিৰমিজী’। ৰছুল(ছঃ)ৰ ‘চিৰা’ তৰ আৰু এটা উৎস হল ৰছুল(ছঃ)ৰ দ্বাৰা প্ৰকাশ পোৱা মোজেজা সমূহৰ বৰ্ণনাৰে ৰচনা কৰা গ্ৰন্থসমূহ । এই সমূহক কোৱা হয় ‘দালাঈল’। এই ক্ষেত্ৰত অন্যতম গ্ৰন্থ হল বাইহাকী(ৰঃ)ৰ ‘দালাঈলে নবুৱা আল বাইহাকী’ । ৰছুল(ছঃ)ৰ ‘চিৰা’ তৰ আৰু এটা উৎস হল মক্কা মদিনাৰ বুৰঞ্জী , পাৰষ্য আৰু ৰোমান সকলৰ বুৰঞ্জী আৰু তাবেঈন আৰু তাবে-তাবেঈন সকলে লিখা চাহাবা সকলৰ জীৱনি।
“সৰ্বশেষত সকলো প্ৰশংসাৰ মালিক আল্লাহ । তেৱেই সকলো ইজ্জতৰ মালিক । তেঁও সকলো ভুল-ত্ৰুতিৰ পৰা মুক্ত , সমগ্ৰ জগতসমূহৰ প্ৰতিপালক” । হে আল্লাহ , প্ৰিয় নবি মহম্মদ(ছঃ) আৰু তেঁওৰ পৰিয়ালবৰ্গৰ ওপৰত ৰহমত আৰু কৰুণা বৰ্ষণ কৰা যেনেদৰে তুমি ইব্ৰাহীম(আঃ) আৰু তেঁওৰ পৰিয়ালবৰ্গৰ ওপৰত কৰিছিলা । নিশ্চয় তুমি অত্যন্ত প্ৰশংসিত আৰু মহান ।
40 বছৰ বয়সলৈকে যিজন লোক সমগ্ৰ মক্কাতে আমানতদাৰ (আল্ আমীন), বিশ্বাসী (আচ্ ছিদ্দিক) বুলি প্ৰশংসিত হৈ আহিছিল , যিজন লোকৰ আচাৰ আচৰণ , কথা বতৰাই মক্কাৰ সকলোকে মূহিত কৰি আহিছিল, ডাঙৰে মৰম, লগৰীয়া আৰু সৰু সকলে মৰম ও সন্মান কৰিছিল , যিজন লোকক কোৰাইছ সকলে ‘আমাৰ কোৰাইছৰ সন্তান’ বুলি কৈ আনৰ আগত গৌৰব কৰিছিল নবুৱত পাই ইচলাম প্ৰচাৰ কৰাৰ লগে লগেই সেই একেখিনি মানুহেই এইজন লোকৰ শত্ৰু হৈ পৰিল, এই লোক জনেই হল আল্লাহৰ শেষ নবী মহম্মদ(ছঃ)। সত্যবাদী আৰু বিশ্বাসী বুলি জনাৰ পাচতো তৌহিদৰ প্ৰচাৰ কৰাৰ লগে লগে ৰছুল(ছঃ)ক মক্কাৰ প্ৰায় সকলো লোকেই অস্বীকাৰ কৰাৰ প্ৰধান কাৰণটো হ’ল মক্কাৰ লোক সকলে নিজৰ বোপা-ককাৰ যুগৰ ৰিতি-নীতিবিলাক এৰিব বিচৰা নাছিল । সময় বাগৰাৰ লগে লগে মক্কবাসীয়ে ৰছুল(ছঃ)ক গালি-গালাজ আদি কৰি বিভিন্নভাবে তেখেত(ছঃ)ক অপমানিত কৰিবলৈ ধৰে - জীন লগা মানুহ , পাগল , যাদুকৰ ইত্যাদি কৈ তেখেত (ছঃ)ৰ বিৰুদ্ধে অপপ্ৰচাৰ আৰম্ভ কৰে । দিন যোৱাৰ লগে লগে মক্কাৰ মুশ্বৰীক বিলাকে ৰছুল(ছঃ) আৰু যি সকলে ইচলাম গ্ৰহণ কৰিছিল তেওঁলোকৰ ওপৰত মানসিক আৰু শাৰিৰীক অত্যাচাৰ কৰিব ধৰে । লাহে লাহে পৰিস্থিতি এনে হ‘ল যে মুছলমানসকলে নিজৰ জান আৰু ঈমাণ বচাবলৈ নিজৰ অতিকৈ প্ৰিয় জন্মভূমি মক্কা ত্যাগ কৰিব লগা হয় । ৰছুল(ছঃ)ৰ নিৰ্দেশত প্ৰথম অবস্থাত মুছলমানৰ এটা দলে আবিছিনিয়া (আফ্ৰিকা) লৈ আৰু পাছত সৰু সৰু দল বান্ধি ‘য়াঠৰিব’ (মদিনা) লৈ হিজৰত কৰিবলৈ ধৰে । মক্কাৰ অন্যতম প্ৰভাবশালী ব্যক্তি ৰছুল(ছঃ)ৰ খুড়াক ও তত্বাবধায়ক আবু তালিবৰ মৃত্যুৰ পাছত যেতিয়া মুশ্বৰিক বিলাকে ৰছুল(ছঃ)ক হত্যা কৰাৰ ষড়যন্ত্ৰ কৰিলে , আল্লাহৰ নিৰ্দেশত নবুৱত পোৱাৰ 13 বছৰৰ পিছত ৰছুল(ছঃ)এ ও মদিনালৈ হিজৰত কৰে ।
হিজৰতৰ 6 বছৰৰ পাছত ৰছুল(ছঃ)এ এদিনাখন সপোনত দেখিলে যে তেখেত(ছঃ)এ এহৰাম পৰিধান কৰি কাবা ঘৰৰ তোৱাফ কৰিছে অৰ্থাৎ ওমৰাহ হ কৰিছে আৰু চুলি খুৰাইছে অৰ্থাৎ ওমৰাহ হ সম্পূৰ্ণ কৰিছে । এই সপোনটোৰ অৰ্থ বুজাই দি তেখেত(ছঃ)এ চাহাবা সকলক কলে যে আল্লাহে তেখেত(ছঃ)ক ওমৰাহ হ কৰাৰ বাবে নিৰ্দেশ কৰিছে । যিহেতু নবীসকলক আল্লাহে সপোনৰ দ্বাৰাও নিৰ্দেশ প্ৰদান কৰে , যেনেকৈ ইব্ৰাহীম(আঃ)ক সপোনৰ দ্বাৰাই আল্লাহে কোৰবাণীৰ নিৰ্দেশ দিছিল । ৰছুল(ছঃ)এ সকলো মুছলমানকে ওমৰাহ হৰ বাবে আহ্বান জনোৱাৰ লগে লগে সকলো চাহাবাই আনন্দত উৎফুল্লিত হৈ উঠিল । ইচলাম গ্ৰহণ কৰাৰ পাছত সকলোৱে প্ৰথমবাৰৰ বাবে ওমৰাহ হ কৰাৰ আহ্বান লাভ কৰিলে । বিশেষকৈ মক্কাৰ পৰা হিজৰত কৰি অহা ‘মুহাজিৰ’ চাহাবাসকলৰ অন্তৰ আনন্দত নাচি ওঠিল । দিঘলীয়া 6 টা কৈ বছৰ নিজৰ প্ৰিয় জন্মভূমিৰ পৰা আতৰি থাকি , বিশেষকৈ কাবাঘৰত তোৱাফ কৰিব নোৱাৰি তেওঁলোকৰ অন্তৰে কান্দি আছিল । ওমৰাহ হৰ বাবে আহ্বান পোৱাৰ লগে লগেই সকলো মুছলমানেই যাত্ৰাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰি দিলে , কিন্তু মুনাফিক বিলাকে ৰছুল(ছঃ)ৰ ওছৰত আহি এই যাত্ৰাৰ পৰা হাত সাৰিবলৈ বিভিন্ন মিছা অযুহাত দেখুৱাব ধৰে । ৰছুল(ছঃ)এও সিহঁত বিলাকৰ কথা বিশ্বাস কৰি সিহঁত ক এই যাত্ৰাৰ পৰা ৰেহাই দিলে । মুনাফিক বিলাকৰ এই অযুহাত যে মিছা তাক আল্লাহে চুৰা ফাতাহত ফাদিল কৰি দিয়ে , এই চুৰাৰ ১১ আৰু ১২ নং আয়াত নাজিল কৰি আল্লাহে কয় মুনাফিক বিলাকে ভাবিছিল যে ওমৰাহ হৰ বাবে মক্কালৈ গ’লে
মক্কাৰ মোছৰিক বিলাকে মদিনাৰ পৰা যোৱা এজনো লোকক জীৱন্তে মদিনালৈ ঘূৰি আহিব নিদিব কিয়নো তেতিলৈকে হৈ যোৱা বদৰ ,উহোদ, খন্দক আদি যুদ্ধ কিখনত মুছলমানৰ হাতত মক্কাৰ ভালেকেইজন অন্যতম ডাঙৰ ডাঙৰ চর্দাৰৰ মৃত্যু হৈছিল , প্রতিশোধ লোৱাৰ ইমান সুন্দৰ সুযোগ হাততে পালে মক্কাৰ মোছৰিক বিলাকে নিশ্চয় এনেয়ে এৰি নিদিব ।
আগৰ অভিযান বিলাকত ৰছুল(ছঃ)এ কোনফালে যাব , কেতিয়া যাব আদি কথাবিলাক অতি গোপণে ৰাখিছিল । শত্ৰু পক্ষই যাতে মুছলমান সকলৰ আগমনৰ খবৰ আগতিয়াকৈ পাই নাযায় তাৰ বাবেই এনে সাবধানতা অবলম্বন কৰা হৈছিল । তাৰ ওপৰিউ শত্ৰুপক্ষৰ চোৰাংচোৱাক বিভ্ৰান্ত কৰিবৰ বাবে ৰছুল(ছঃ)এ যি দিশত প্ৰকৃততে অভিযান চলাব তাৰ বিপৰীত দিশবিলাকত কিছুমান সৰু সৰু দল আগতিয়াকৈ পঠিয়াই দিছিল আৰু এই দল বিলাকক নিৰ্দিষ্ট কিছু দিন সেই দিশত যোৱাৰ পিছত ঘুৰি পকি নিৰ্দিষ্ট কোনো ঠাইত ৰছুল(ছঃ)ৰ মূল দলটোক লগ কৰিবলৈ নিৰ্দেশ দিছিল। কেতিয়াবা ৰছুল(ছঃ)এ নিজেও বিপৰিত দিশেৰে মদিনাৰ পৰা বাহিৰ হৈ ঘুৰিপকি নিৰ্দিষ্ট দিশ টোলৈ যাত্ৰা কৰিছিল । এইবাৰ কিন্তু ৰছুল(ছঃ)এ এনে কোনো পদক্ষেপ লোৱা নাছিল , ওমৰাহ হৰ বাবে মক্কালৈ যোৱাৰ কথা মুকলিকৈ প্ৰচাৰ কৰিছিল । তেখেত(ছঃ)এ জিলকদ্ মাহৰ এক তাৰিখটো এই যাত্ৰাৰ বাবে নিৰ্দিষ্ট কৰিছিল । ইয়াৰ দ্বাৰা মক্কাবাসীলৈ এই বাৰ্তা দিব বিছৰা হৈছিল যে মুছলমান সকলে যুদ্ধৰ বাবে নহয়, ওমৰাহ হৰ বাবেহে মক্কালৈ আহিব বিছাৰিছে , কিয়নো জিলকদ্ মাহটো আছিল পবিত্ৰ মাহসমূহৰ প্ৰথমটো মাহ । জিলকদ্, জিলহজ্জ, মহৰুম আৰু ৰজব এই চাৰিটা মাহক অতীজৰ পৰাই আৰবৰ সকলো জাতি-জনগোষ্ঠীয়ে আল্লাহৰ পবিত্ৰ মাহ বুলি গণ্য কৰি আহিছিল । সকলোৱে যুদ্ধ-বিগ্ৰহৰ পৰা বিৰত থাকি এই মাহ কেইটাক হজ আৰু ওমৰাহ হৰ বাবে নিৰ্দিষ্ট কৰি লৈছিল । কোনোৱে যদি নিজ পিতাকৰ হত্যাকাৰীকো এই পবিত্ৰ মাহকেইটাত পাইছিল তথাপিও প্ৰতিশোধৰ বাবে হাতত তৰোৱাল ওঠাই লোৱা নাছিল । অতীজৰ পৰা মক্কাৰ ‘কাবাঘৰ’ৰ ত্বত্তাবধায়ক আছিল কোৰাইছ সকল । এই পবিত্ৰ মাহকেইটাত ওমৰাহ হ আৰু হজৰ বাবে অহা লোকসকলক মক্কাৰ কোৰেইছ সকলে খুউব সন্মান কৰিছিল আৰু বিভিন্ন ধৰণৰ সহায়ৰ হাত আগ বঢ়াইছিল , আনকি হাজী সকলৰ খিদমত কৰিবলৈ কোৰেইছৰ বিভিন্ন গোত্ৰৰ মাজত মনে মনে প্ৰতিযোগীতাও ছলিছিল । হাজীৰ খিদমত কৰাটোক তেওঁলোকে ডাঙৰ নেকীৰ কাম বুলি বিশ্বাস কৰিছিল , তেওঁলোকে ওমৰাহ হ বা হজৰ বাবে অহা কোনো হজ যাত্রীকে বাধা দিয়াৰ উদাহৰণ নছিল ।
ওমৰাহ হৰ বাবে মক্কালৈ যোৱাৰ কথা আগতিয়াকৈ প্রচাৰ কৰি দিছিল যদিও ৰছুল(ছঃ) কিন্তু মুছলমান সকলৰ সুৰক্ষাৰ বিষয়টোত উদাহীন হৈ যোৱা নাছিল , মক্কাৰ পৰিস্থিতিৰ বুজ লবলৈ এজন চোৰংচোৱাক আগতিয়কৈ মক্কালৈ পঠিয়াই দিছিল । এই লোকজন আছিল ‘বুছৰ ইবনে ছাফৱান আলখোজায়ী’ তেওঁ আছিল ‘খোজাআ’ গোত্রৰ লোক, এই গোত্রটোৱে তেতিলৈকে মুছলমান বা মক্কাৰ মুছৰিক কাৰোৰে পক্ষ নলৈ এটা নিৰপেক্ষ গোত্র হৈ আছিল, তাৰ উপৰিও ‘বুছৰ ইবনে ছাফৱান’ৰ বাহিৰে এই গোত্রৰ কোনো লোকে তেতিয়ালৈকে ইছলাম গ্রহণ কৰা নাছিল আৰু তেওঁৰ ইছলাম গ্রহণৰ কথাটো সম্পূর্ণ গোপণ আছিল । ৰছুল(ছঃ)এ আল্লাহৰ ওপৰত সম্পূর্ণ ভাৰষা কৰিছিল আৰু নিজৰ ফালৰ পৰা সতর্কতা অবলম্বনত কৰাত কোনো গফিলতি কৰা নাছিল । এহৰামত থকাৰ বাবে যুদ্ধৰ কোনো অস্ত্র-শস্ত্র মুছলমান সকলে লগত ৰখিব পৰা নাছিল , প্রয়োজন হলে যাতে শত্রুৰ লগত মোকাবিলা কৰিব পৰা যায় তাৰ বাবে ৰছুল(ছঃ)এ যুদ্ধৰ অস্ত্র-শস্ত্র বিলাক জন্তুৰ পিঠিত বোজাই কৰি দি পিছে পিছে অনাই আছিল ।
পবিত্র জিলকদ মাহৰ এক তাৰিখে ৰছুল(ছঃ)এ প্রায় ১৪০০ মান চাহাবা লগত লৈ ওমৰাহ হ বাবে মদিনাৰ পৰা যাত্রা আৰম্ভ কৰে, ‘জোলহুলাইফা’ নামৰ ঠাইখনত আহি ৰছুল(ছঃ)ৰ নির্দেশত সকলোৱে দুই ৰাকাত নফল নামাজ আদাই কৰি ওমৰাহ ৰ বাবে এহৰাম অৱস্থালৈ আহে (এহৰাম বান্ধে) আৰু কোৰবানীৰ জন্তু বিলাক প্রস্তুত কৰিবলৈ আৰম্ভ কৰে , ইয়াক কোৱা হয় ‘এহলাল’ কৰা বুলি । ‘এহলাল’ হ’ল আল্লাহৰ উদ্দেশ্যে কোৰবানী কৰিবলৈ নিদিষ্ট কৰা জন্তুটোক ফুল-মালা আদি পিন্ধাই সজায় পৰাই তোলা আৰু চিহ্ণ দিয়া , বিশেকৈ জন্তুটোৰ কান্ধৰ ওচৰত চোকা চুৰীৰে সামান্য ভাবে ৰেপ দি যি সমান্য তেজ বিৰিঙে তাক জন্তুটোৰ কান্ধটোতে মলি দি এই চিহ্ণ দিয়া হয় ইয়াক কোৱা হয় “ইছাৰ” কৰা বুলি । এনেদৰে ‘এহলাল’ কৰা জন্তু দেখিলেই আৰবৰ সকলোৱে বুজি উঠিছিল যে জন্তুটো কাবা ঘৰত নি আল্লাহৰ উদ্দেশে কোৰবানী কৰিবলৈ নিদিষ্ট কৰা হৈছে , ইয়াৰ মাংস মক্কাৰ দুখীয়া-নিছলা লোক সকলৰ মাজত বিতৰণ কৰি দিয়া হব । এনেকৈ এহলাল কৰা জন্তুক একান্তই প্রয়োজন নহলে বেলেগ কোনো কামতে ব্যবহাৰ কৰা নহৈছিল , এনে জন্তুবোৰ হ’ল ধার্মিকতাৰ প্রতীক , ইমানৰ চিন্ , আল্লাক ভাল পোৱাৰ চিহ্ন সেয়েহে আৰবৰ সকলোৱে এনে জন্তুবোৰক মৰম আৰু সন্মান কৰি আহিছিল । আৰবৰ কোনো কোনো ঠাইত এই ‘এহলাল’ প্রক্রিয়া এতিয়াও আছে যদিও ই আমাৰ সমাজত এটা অচিনাকি চুণ্ণত । ৰছুল(ছঃ)এ নিজৰ বাবে এনেদৰে ৭০ টা উট প্রস্তুত(‘এহলাল’) কৰি লৈ মক্কালৈ বুলি পুণৰ যাত্রা আৰম্ভ কৰে ।
যাত্রা পথত শত্রু পক্ষই হঠাতে যাতে আক্রমণ কৰি দিব নোৱাৰে তাৰ বাবে সাৱধানতা অবলম্বণ কৰি আল্লাহৰ ৰছুল(ছঃ)এ ৩/৪ জনৰ কিছুমান সৰু সৰু দল মুছলমান সকলৰ মূল দলটোৰ আগে আগে গৈ থাকিব দিছিল যাতে কোনো সন্দেহ জনক গতিবিধিৰ খবৰ পালে তৎকালেই সুৰক্ষাৰ ব্যবস্থা লব পাৰে , এনে এটা দলৰ পৰা খবৰ আহিল যে মূল ৰাষ্টাৰ কাষৰে ‘গাইকা’ নামৰ এদুখৰ ঠাইত কিছু লোক জমা হৈ আছে , ৰছুল(ছঃ)এ লগে লগে মুছলমানৰ গোটেই দলটোক ঠাইতে ৰখাই দি এই বিষয়ে সবিশেষ জানিবৰ বাবে তিনি জনীয়া এটা সৰু দল সেই ফাললৈ পঠালে এই দলটোৱে খবৰ লৈ জানিব পাৰিলে যে সেই লোক সকল মক্কাৰ পৰা অহা কোনো শত্রুৰ দল নহয়, হয়তো ওমৰাহ ৰ বাবে মক্কালৈ যোৱা লোকহে । খবৰ আনিবলৈ যোৱা ছাহাবা সকলৰ এই সৰু দলটোত ‘আবু কতাদাহ আলআনচাৰী’(ৰা:)ও আছিল , তাখেত(ৰা:) কিবা কাৰণত এহৰাম অস্থাত নাছিল , (হয়টো পহৰাদাৰি গোটবিলাকৰ দায়িত্ব তেখেত(ৰা:)ৰ ওপৰত ন্যস্ত আছিল বা আন কিবা কৰণও হব পাৰে ) ‘গাইকা’ নামৰ ঠাই দুখৰত জমা হোৱা লোকসকল যে শত্রুপক্ষৰ নহয় তাক জনাবৰ বাবে ঘূৰি আহি থকা অবস্থাত বাটতে জেব্রা জাতীয় এবিধ জন্তু দেখা পালে , যিকিজন ছাহাবাই জন্তু কেইটা প্রথম দেখা পালে এহৰাম অস্থাত চিকাৰ কৰা হাৰাম হোৱা বাবে তেখেত(ৰা:)সকলে নেদেখাৰ দৰে গৈ থাকিল আৰু এহৰাম অৱস্থাত নথকা ‘আবু কতাদাহ’(ৰা:)ক দেখুৱাবৰ বাবে কোনো ইংগিত পর্য্যন্ত নকৰিলে । যেতিয়া ‘আবু কতাদাহ’(ৰা:)ৰ চকু জন্তু কেইটাৰ ওপৰত পৰিল লগে লগে লগৰ চহাবি কেইজনক চিকাৰৰ বাবে ধনু-কাড় বিছাৰিলে কিন্তু কোনো এজন চাহাবাইও তেওঁক কোনো প্রকাৰে সহায় কৰিবলৈ মান্তি নহল, তেতিয়া ‘আবু কতাদাহ’(ৰা:)এ নিজৰ ঘোঁৰাৰ পৰা নামি ধনু-কাড় যোগাৰ কৰি পুণৰ ঘোঁৰাত উঠি জন্তু কেইটাৰ পিচ লৈ চিকাৰ কৰেগৈ, চিকাৰ হালাল কৰি মাংসলৈ যেতিয়া ‘আবু কতাদাহ’(ৰা:) ঘূৰি আহিল লগৰ চাহাবা কেইজনে চিকাৰৰ মাংস গ্রহণ কৰিবলৈ অস্বীকাৰ কৰিলে । ঘূৰি আহি যেতিয়া ৰছুল(ছ:)ক এই সমষ্ট ঘটনা বিবৰি কোৱা হ’ল তেতিয়া ৰছুল(ছ:)এ এহৰাম অৱস্থাত থকা চাহাবা কেইজনে জন্তু কেইটা দেখাত বা চিকাৰ কৰাত কিবা প্রকাৰে সহায় কৰিছিল নিকি সুধিলে , চাহাবা কেইজনে এনে কৰা নাছিল বুলি কোৱাত ৰছুল(ছ:)এ কলে যে ‘তেতিয়া হলে তোমালোকে এই মাংস খাব পাৰিবা যদি বেছিকৈ আছে মোকো অলপ দিব পাৰা’ । এই ঘটনা টোৰ পৰা বুজিব পৰা যায় চাহাব(ৰা:)সকল এহৰাম অৱস্থাতে হওক বা সাধাৰণ অৱস্থাতে হওক হাৰাম হালালৰ প্রতি কিমান সর্তক আছিল , সেই সময়ত মৰুভূমিৰ মাজেৰে ইমান এটা ডাঙৰ দলে কৰা এটা দীঘলীয়া যাত্রাত সাধাৰণতে সকলোৱে খজুৰ , বর্লি জাতীয় লঘূ আহাৰহে লগত লৈ ফুৰিছিল ,গতিকে তেনে অৱস্থাত মাংস পোৱাটো আছিল অতি আনন্দৰ কথা আৰু স্বাস্থ্যৰ বাবে অতিকে প্রয়োজনীয় । এহৰাম অৱস্থাত চিকাৰৰ মাংস খোৱাটো হালাল হয় নে নহয় সন্দেহ হোৱাৰ বাবেই ৰছুল(ছ:)ৰ পৰা সন্দেহ দূৰ নোহোৱালৈকে তেনে অৱস্থাতো মাংস গ্রহণ কৰিবলৈ ৰাজী নাছিল । কাৰণ চাহাবা(ৰা:)সকলে ৰছুল(ছ:)ৰ প্রতিটো কথাই দৃঢ় ভাবে বিশ্বাস কৰি আন্তৰিকতাৰে সৈতে তাৰ ওপৰত আমল কৰিছিল, চাহাবা(ৰা:)সকলে ৰছুল(ছ:)ক কোৱা শুণিছিল “শৰীৰৰ সেই অংশ জান্নাতত প্রবেশ কৰিব নোৱাৰিব যি অংশ হাৰাম লোকমাৰ দ্বাৰা গঠিত হৈছে” অর্থাৎ হাৰাম খালে জান্নাত হাৰাম হৈ যাব । এনেকুৱা বিষয়ত আহকচুন এবাৰ আমি নিজৰ ফাললৈ চাওঁ –কোৰান মজিদত স্পষ্টভাবে ‘সুদ’ক হাৰাম ঘোষণা কৰাৰ পাছতও আমি হালাল জ্ঞান কৰি ইয়াৰ পক্ষত বিভিন্ন যুক্তি প্রদর্শণ কৰি থাকো ।
ৰছুল(ছ:)আৰু লগৰিয়া সকলে যাত্রাপথত ‘আছফান’ নামৰ ঠাই খন পাই জীৰণি লবৰ বাবে তাতে তম্বু তৰে । এই ঠাইদুখৰ মক্কা আৰু মদিনাৰ প্রাই মধ্যবর্তি ঠাই, মক্কালৈ গোপণে খবৰ লবলৈ যোৱা ‘বুছৰ ইবনে ছফৱানে’ এই ঠাইতে আহি ৰছুল(ছ:)ক লগ কৰি মক্কাৰ পৰিস্থিতিৰ বিষদ বিৱৰণ দিলে তেখেত(ৰা:)জনালে যে মক্কাৰ মুচৰিক বিলাকে ৰছুল(ছ:)এ মুছলমান সকলক লগত লৈ মক্কালৈ আহি থকাৰ খবৰ পোৱাৰ লগে লগেই মুছলমান সকলক মক্কালৈ অহাত বাধা দিবলৈ যুদ্ধৰ পূর্ণ প্রস্তুতি আৰম্ভ কৰি দিছে আৰু ‘খালিদ বিন ৱালিদক’(ৰা:)[তেতিয়ালৈকে ইছলাম গ্রহণ কৰা নাছিল] দুশ ঘোঁৰা আৰু বহু সংখ্যক উটেৰে গঠিত এক বিৰাত শক্তিশালী বাহিনী দি ‘গেমেইম’ নামৰ ঠাই এদুখৰত মুছলমান সকলক বাধা দিবৰ বাবে খাপ পিটি ৰৈ থাকিবৰ বাবে ততাতৈয়াকৈ পঠিয়াইছে । এই ঠাই দুখৰ মদিনাৰ পৰা মক্কালৈ আহোতে পোৱা মক্কাৰ ওচৰৰ এখন মুকলি ঠাই । এই খবৰ পাই আল্লাহৰ ৰছুল(ছ:)ভীষণ ভাবে হতাশ হৈ পৰিল আৰু বিষণ্ণ মনেৰে কৈ উঠিল “হে কোৰেইছ সকল তোমালোকৰ যে কি হৈছে , তোমালোক ইমানেই যুদ্ধ প্রিয় হৈ পৰিলানে যে আল্লাহৰ এই পবিত্র মাহত( জিলকদ)এই পবিত্র ভূমি( মক্কা)ত ওমৰাহ কৰিবলৈ অহা তোমালোকৰ এই ভাই সকলক {ৰছুল(ছ:)আৰু মক্কাৰ পৰা হিজৰত কৰি মদিনালৈ যোৱা কোৰেইছ সকলক}বাধা দিব বিচাৰিছা , মোক যদি তোমালোকে ইমানেই ঘৃণা কৰা তেনেহলে আৰবৰ বাকী জাতি বিলাকৰ বাবে মোক এৰি নিদিয়া কিয় ? আৰবৰ অন্যান্য জতি বিলাকে যুদ্ধ কৰি মোক যদি নি:শেষ কৰি দিয়ে তোমালোকৰ মনৰ আশা পূৰণ হৈ যাব আৰু যুদ্ধত যদি আমাৰ জয় হয় তেনেহলে তোমালোকেও গৌৰব কৰিব পাৰিবা এজন কোৰেইছৰে জয় হোৱা বুলি । কিছু সময় টলকা মাৰি ৰছুল(ছ:)এ দৃঢ় ভাবে কৈ উঠিল “এই পবিত্র মাহত পবিত্র ভূমিত ওমৰাহ কৰিবলৈ আহি মই যুদ্ধ কৰিব বিছৰা নাই । কিন্তু যদি আমাক বাধা দিয়া হয় তেন্তে আল্লাই বিজয় নিদিয়ালৈকে অথবা দেহত প্রাণ থকালৈকে যুদ্ধ কৰা হব”।
মক্কাৰ কোৰাইছ আৰু মিত্রবাহিনীয়ে মুছলমান সকলক ওমৰাহ কৰাত বাধা দিবৰ বাবে যে যুদ্ধৰ প্রস্তুতি ছলাইছে এই খবৰটো দিবৰ বাবে চাহাবা সকলক গোটাইলৈ ৰছুল(ছ: )এ আল্লাহৰ প্রশংসাৰে খুতবা দি মক্কাৰ পৰিস্থিতিৰ বিষয়ে বিবৰি কলে আৰু সকলোৰে পৰামর্শ বিছাৰি নিজৰ মতামত দাঙিধৰি কলে –“আমি প্রথমে মক্কাৰ চাৰিওফালৰ সৰু সৰু গোত্র বোৰক আক্রমণ কৰো যিবিলাকে মানুহ বা অস্র-শস্ত্র দি মক্কাৰ লোক সকলৰ লগ লাগি আমাৰ লগত যুদ্ধ কৰিব বিছাৰিছে” । তেতিয়া আবু বক্কৰ চিদ্দিক(ৰা:)এ নিজৰ মত আগবঢ়াই কলে –“হে আল্লাহৰ ৰছুল(ছ:) আমি একমাত্র আল্লাহৰ ঘৰক(ওমৰাহ কৰাৰ) উদ্দেশ্য কৰিহে আমাৰ ঘৰ-বাৰী এৰি এনেদৰে আহিছো , গতিকে যি পবিত্র ঘৰলৈ তোৱাফ কৰাৰ উদ্দেশ্যে আহিছো আমি তালৈকে গৈ থাকো ,যদি যুদ্ধৰ পৰিস্থিতিৰ সৃষ্টি হৈ যায় তেতিয়াহে আমি যুদ্ধ কৰিম” । ৰছুল(ছ:)ৰ লগতে অন্যান্য চাহাবা সকলেও আবুবক্কৰ চিদ্দিক(ৰা:)ৰ এই পৰামর্শ ভাব পালে , আৰু ৰছুল(ছ:)এ কলে –“তেতিয়া হলে ব’লা আমি আল্লাহৰ নামত আগবাঢ়ো” । এই সৰু ঘটনাটোৰ পৰা আমি বুজিব পাৰো যে ৰছুল(ছ:) এ সাধাৰণতে নিজৰ সিদ্ধান্তক চাহাবা সকলৰ ওপৰত জাপি নিদি সকলোৰে লগত আলোচনা কৰিহে সিদ্ধান্ত গ্রহণ কৰিছিল ।
‘গেমেইম’ নামৰ ঠাই দুখৰত মুছলমান সকলক বাধা দিবৰ বাবে খাপপিটি ৰৈ থাকা ‘খালিদ বিন ৱালিদ’(ৰা:)ৰ মুখা-মুখি হলেই যে যুদ্ধ পৰিহাৰ কৰিব পৰা নাজাব সেই কথা ৰছুল(ছ:) ৰ লগতে অন্যান্য চাহাবা সকলেও ভাব দৰেই বুজি পাইছিল । সেয়েহে আল্লাহৰ ৰছুল(ছ:) এ খালিদ বিন ৱালিদ(ৰা:) ৰ মুখা-মুখি নোহোৱাকৈ যুদ্ধ পৰিহাৰ কৰি আগবাঢ়িবৰ বাবে মক্কালৈ যোৱা মূল পথ এৰি অন্য এটা পথ পাবৰ বাবে এটুকুৰা দুর্গম ঠাইৰ মাজেদি সকলোকে নিবলৈ ধৰে । এই ঠাই দুখৰ আছিল ওখোৰা-মোখোৰা আৰু সৰু ডাঙৰ শিলেৰে ভৰা । এই দুর্গম ঠাইৰ মাজেদি যাত্রা কৰোতে চাহাবা সকলৰ ভীষণ কষ্ট হৈছিল , বহুতো চাহাবাৰ শিলেৰে কাতি ভৰিৰ পৰা তেজ ওলাইছিল , এই কষ্ট দেখি ৰছুল(ছ:)এ সকলো চাহাবাকে উৎসাহিত কৰি কব ধৰিলে –“তোমালোকৰ বাবে এই ঠাই দুখৰ অতিক্রম কৰাটো বনি ইস্রাইলৰ সেই দুৱাৰ খনৰ দৰে , এই দুর্গম ঠাই দোখৰ পাৰ হোৱা সকলৰ সকলো গুণাহ আল্লাহে মাফ কৰি দিব কেৱল ৰঙা উটৰ মালিক জনৰ বাহিৰে” । উৎসাহিত হৈ চাহাবা সকলেও এই ঠাই দোখৰ যিমান পাৰি সোনকলে অতিক্রম কৰিবলৈ চেষ্টা কৰিলে । ৰছুল(ছ:)এ উল্লেখ কৰা ৰঙা উটৰ মালিকজননো কোন আৰু কিয় বা আল্লাহে তেওঁক মাফ নকৰে এই কথা জানিবৰ বাবে বহুতো চাহাবাৰ মনত কৌতুহল হৈছিল , ক্ষন্তেক পাছতে দেখা গ’ল দলটোৰ শেষৰ ফালে এজন বেদুইন জাহীল আৰবে এটা ৰঙা উট হেৰোৱা বুলি হৈ-হাল্লা কৰি চিঞৰ-বাখৰ কৰি দিয়ে , চাহাবা(ৰা:) সকলে লোক জনক ৰছুল(ছ:)ৰ সু-সংবাদটো দি সোনকালে এই ঠাই দোখৰ অতিক্রম কৰিবলৈ বুজনি দিলে, খঙত লোকজনে চিঞৰি উঠিল ‘তোমালোকৰ লগৰিয়া জনৰ(ছ:) কথা মতে এই ঠাই পাৰ হৈ গুণাহ মোচন কৰোৱাত কৈ মোৰ কাৰণে মোৰ উটটো বেছি জৰুৰী আৰু ভাল’ । এই লোক জন আছিল এজন মোনাফিক । ইয়াৰ পৰা বুজিব পাৰি যে ওমৰাহ ৰ বাবে যোৱা উক্ত মুছলমানৰ দলটোত দুই এজন মুনাফিকেও আন কিবা উদ্দেশ্য লৈ যাত্রা কৰি আছিল , হয়তো শত্রু পক্ষৰ চোৰাংচোৱা হিচাবে ।
সমগ্র দিনটো অতি কষ্টৰে চাহাবা সকলে এই দুর্গম ঠাই দোখৰ পাৰ হৈ মগৰিবৰ লগে লগে যি দোখৰ মুকলি ঠাই পালে গৈ এই ঠাই খনেই হল – “হুদাইবিয়া” । এই ঠাই দোখৰ বর্ত্তমান জেদ্দাৰ পৰা মক্কালৈ যোৱা মূল পথৰ কাষত অৱস্থিত , তেতিয়াও ঠাই দোখৰ সেই সময়ৰ জেদ্দাৰ পৰা মক্কালৈ যোৱা মূল পথৰ একেবেৰে কাষত অবস্থিত আছিল । দুর্গম ঠাই দোখৰ পাৰ কৰি ‘হুদাইবিয়া’ পোৱাৰ লগে লগে আল্লাহৰ ৰছুল(ছ:)ৰ উট জনী মাটিত বহি পৰিল , এই উটজনীৰ নাম আছিল – “কছোৱা” । ‘কছোৱা’ মাটিত বহি পৰাৰ লগে লগে মুছলমানৰ গোটেই দলটোৱেই ৰৈ যাব লগা হ’ল , চাহাবা সকলে উটজনীক উঠাবলৈ চেষ্টা কৰি বাৰে বাৰে বিফল হৈ দুই একে উটজনীকে বকা-বকি কৰি কব ধৰে –‘আজি কালি ‘কছোৱা’ বদমেজাজী হৈ গৈছে , তাই ইমান আকোৰ গোজ হৈ গৈছে যে আল্লাহৰ ৰছুল(ছ: )ক ও গ্রাহ্য নকৰা হৈছে’ , ‘কছোৱাক’ এনেকৈ বকা-বকি কৰাটো ৰছুল(ছ:) ভাল নাপাই লাহেকৈ কলে –“ ‘কছোৱা’ই মইমতালি কৰা নাই বা তাই আকোৰগোজ ও হোৱা নাই , তাইৰ এইটো স্বভাব নহয় , বৰঞ্চ ‘কছোৱাক’ আগুৱাই যোৱাত সেই জনে বাধা প্রদান কৰিছে যি জনে আব্রাৰৰ হাতীক মক্কালৈ যোৱাত বাধা দিছিল” অর্থাৎ স্বয়ং আল্লাহে । লগে লগে সকলোৱে যাত্রা সমৰি ইয়াতে তম্বু তৰিবলৈ আৰম্ভ কৰে ।
এই খিনিতে আমি মন কৰা উচিত যে আল্লাহৰ ৰছুল(ছ:) ৰ উট জনীৰ নাম পর্য্যন্ত আমাৰ ওচৰত সংৰক্ষিত হৈ আছে , চাহাবা সকলৰ পৰা ৰছুল(ছ:)ৰ সৰু-বৰ সকলো কথাই ইমান বিশদ ভাবে বর্ণিত হৈছে যে তেখেত(ছ:) ৰ চুলি আৰু দাড়ি মিলাই মাত্র ১৯ দাল মান হে পকিছিল বুলিও আমি জানিছো , গতিকে আমাৰ বাবে প্রয়োজনীয় কিবা দীনৰ কথা চাহাবা সকলে নোকোৱাকৈ এৰি গৈছে বুলি ভাবিব পাৰিনে ? গতিকে আমি সকলোৱে দ্বীনৰ প্রতিটো ক্ষেত্রতে চাহাবা সকলক হে অনুকৰণ কৰা উচিত । আৰু এটা কথা আমি সকলোৱে মন কৰা উচিত যে বকা-বকি কৰাটোকে উটজনীৰ সন্মান লাঘব হোৱা বুলি ভাবি ৰছুল(ছ:) এ উট জনীৰ হৈ মাত মাতি কৈছিল –“কছোৱা নম্র স্বভাবৰ , তাই বদ মেজাজি নহয় আল্লাহৰ ইচ্ছাতহে তাই আগবাঢ়িব বিছৰা নাই” । এতিয়া আমাৰ অবস্থাটো অলপ ভাবি ছাওকছোন আমি জীৱ-জন্তুটো দূৰৰে কথা যিকোনো মানুহ তথা কোনো মুছলমানকো অপমানিত কৰিবলৈ আমি অলপও কন্ঠাবোধ নকৰো । মুছলমানক অপমানিত কৰাটোক আমি গুনাহ বুলিয়ে নাভাবো ।
এতিয়া আমি অলপ জানি লও আহক ঠাই দুখৰৰ নাম হুদাইবিয়া কেনেকৈ হ’ল , হুদাইবিয়া শব্দটো মূল ‘হাদবা’ আৰবি শব্দৰ পৰা হোৱা বুলি কোৱা হয় যাৰ অর্থ হ’ল বেকা হৈ যোৱা , এই অঞ্চলতে এজোপা গছ আছিল যি জোপা গছ ওপৰলৈ পোনকৈ বঢ়ি বেকা হৈ ঘূৰি মাতিৰ ফালে মূৰ কৰিছিল , প্রথমে প্রথমে এই গছ জোপাকে সকলোৱে হুদাইবিয়া বুলি মাতিছিল যদিয়ও পাছলৈ এই গছ জোপাৰ কষতে থকা কোঁৱাটোৰ নাম হুদাইবিয়া হয়গৈ আৰু লাহে লাহে গোটেই ঠাই খনৰ নাম হুদাইবিয়া বুলি জনা-জাত হৈ পৰে । বর্ত্তমান সেই ঠাই খনৰ নাম হ’ল ‘আচচুমাইছী’ , মক্কাৰ পৰা প্রাই ২০ কি.মি. মান দূৰত্বত । সেই সময়ত ৰছুল(ছ:)ৰ লগৰিয়া সকলৰ বাবে এই দূৰত্বটো আছিল জীৰণি নোলোৱাকৈ খোজ কাঢ়ি এবাৰতে অতিক্রম কৰিব পৰা দূৰত্ব ।
কোঁৱাটোৰ পৰা পানী আনিবলৈ যোৱা দুজনমান চাহাবা(ৰা:)এ আহি ৰছুল(ছ:)ক খবৰ দিলে যে কোঁৱাটোত একেবেৰে পানী কম আছে , মুছলমানৰ গোটেই দলটো আৰু জন্তু বিলাকৰ কাৰণে আজি ৰাতি টোৰ বাবেই কম হব । লগে লগে ৰছুল (ছ:)এ কোঁৱাটোৰ ওচৰলৈ আহি দুজন চাহাবাক কোঁৱাটোৰ তললৈ নামি এটা পাত্রত অলপ পানী আনিবলৈ নির্দেশ দিলে , পাত্রটোৰ পৰা সেই পানী মুখত লৈ আল্লাহৰ ৰছুল(ছ:)এ কুলি কৰি উক্ত পাত্র টোতে দিলে আৰু দুপাত কাড় দি চাহাবা দুজনক পুণৰ কোঁৱাৰ তললৈ নামি কাড় দুপাত পুতি দি পাত্রটোৰ কুলি কৰা পানী খিনি তাত বাকি দিবলৈ নির্দেশ দিলে , এনে কৰাৰ লগে লগে কোঁৱাটোত পানীৰ ওঁহৰ সৃষ্টি হয় আৰু অলপ সময়ৰ ভিতৰতে কোঁৱটো পানীৰে ভৰি পৰে । হুদাইবিয়াত অৱস্থানৰ কাল চোৱাত ( প্রায় ২০ দিন মান ) ১৪০০ ত কৈও বেছি চাহাবা আৰু লগত লৈ যোৱা হাজাৰতকৈও বেছি জন্তুৱে ব্যবহাৰ কৰাৰ পাছত ও কোঁৱাটোৰ পানী অলপ মানও কমা নাছিল , ই আছিল আল্লাহৰ ফালৰ পৰা ৰছুল(ছ:)ৰ দ্বাৰা প্রকাশিত এটি মোজেজা (miracle) । হুদাইবিয়াত অবস্থান কৰিয়ে ৰছুল(ছ:)এ চাহাবা সকলৰ আগত ঘোষণা কৰি কলে –“ আল্লাহৰ শপত যাৰ হাতৰ মুঠিত মোৰ প্রাণ , কোৰেইছ সকলে বিছৰা যি কোনো স্বত্বই মই মানি লম যেতিয়ালৈকে সি আল্লাহ আৰু আল্লাহৰ প্রতীক সমূহৰ বাবে অপমান জনক নহয়” । ইয়াৰ দ্বাৰা চাহাবা সকলক ও আগতিয়াকৈ জনাই দিব বিছাৰিলে যে যুদ্ধ পৰিহাৰ কৰি শান্তিৰ খাতিৰত হাৰাম নোহোৱা সকলোখিনি কৰিবলৈ প্রস্তুত আছে , চাহাবা সকলে যিমান আশা আৰু উৎসাহেৰে ওমৰাহ কৰাৰ উদেশ্যে মক্কালৈ আহিছিল সেইটো যে নহব ও পাৰে তাৰ বাবে তেখেত(ৰা:) সকলক মানসিক ভাবে প্রস্তুত কৰিব বিছাৰিছিল ।
ইতিমধ্যে ‘খালিদ বিন ৱালিদ(ৰা:)এও জানিব পাৰিলে যে মুছলমান সকলে পথ সলনি কৰি হুদাইবিয়াত গৈ উপস্থিত হৈছে । নিজৰ সৈন্য বাহিনী লৈ তেওঁ মক্কালৈ ওভতি আহিল আৰু নতুন নতুন পৰিকল্পণা কৰিব ধৰে । এটা নতুন পৰিকল্পণাৰে মক্কাৰ মুছৰিক বিলাকে ৮০ জন মানৰ বছা বছা লোকে গঠিত এটা বিশেষ বাহিনীৰে এদিনাখন শেষ ৰাতি ‘তনইম’ নামৰ পাহাৰিয়া অঞ্চলেৰে মুছলমান সকলৰ ওপৰত আকস্মিক আক্রমণ চলালে , তেওঁলোকৰ উদ্দেশ্য আছিল হঠাতে আক্রমণ কৰি যিমান পাৰি মুছলমানক হত্যা কৰি পলাই যোৱা , কিন্তু ৰছুল(ছ:) মুছলমান সকলৰ সুৰক্ষাৰ খেত্রত অত্যন্ত সজাগ আছিল, মুছলমান সকলৰ সুৰক্ষাৰ বাবে হুদাইবিয়াৰ চাৰিওফালে দিনে-নিশাই সৰু সৰু প্রহৰীৰ দল কিছুমান সস্তম কৰি ৰাখিছিল, এনে এটা প্রহৰীৰ দলৰ চকুত কোৰাইছৰ উক্ত দলটো পৰাৰ লগে লগে ৰছুল(ছ:)ক এই বিষয়ে অবগত কৰা হয় , লগে লগে ৰছুল(ছ:)এ মুছলমানৰ এটা বৃহৎ দল ততাতৈয়াকৈ গঠণ কৰি কোৰাইছৰ উক্ত দলটোক চাৰিউফালৰ পৰা আগুৰি ধৰে, উপাইহীন হৈ কোৰাইছ বিলাকে আত্মসমর্পণ কৰিবলৈ বাধ্য হৈ পৰে । আল্লাহৰ ইচ্ছাত কোনো হানি-বিঘিনি নোহোৱাকৈ কোৰাইছৰ ৮০ জনেই মুছলমানৰ হাতত বন্দী হয় , সেই সময়ত পৰিস্থিতি ইমান উত্তপ্ত আছিল যে যিকোনো পক্ষৰে এজন লোকও হতা-হত হোৱা হলে এখন বিৰাট যুদ্ধৰ সূচনা হ’ল হেতেন । আল্লাহৰ ইচ্ছাত ৰছুল(ছ:)এ ৮০ জনকে মাফ কৰি মক্কালৈ ঘূৰাই পঠাই , ইয়াৰ দ্বাৰা ৰছুল(ছ:)এ মক্কাবসীলৈ এই বার্ত্তাও পঠাব বিছাৰিলে যে মুছলমান সকল যুদ্ধৰ বাবে নহয় ওমৰাহৰ বাবেহে আহিছে । এই ঘটনাটোৰ বিষয়ে আল্লাহে চুৰা ‘ফাতাহৰ’ ২৪ নং আয়াতত এনেদৰে উল্লেখ কৰিছে –“এইজনেই সেইজন আল্লাহ যিজনে সিহঁত বিলাকৰ হাতক তোমালোকক পোৱাত আৰু জয়ী হোৱাৰ পাছত ও তোমালোকৰ হাতক সিহঁতক পোৱাৰ পৰা ৰক্ষা কৰিলে” ।
পবিত্র ‘জিলকদ’ মাহত আল্লাহৰ পবিত্র ঘৰৰ চাৰিওফালে এনে উশাহ লব নোৱাৰা উত্তেজনাময় পৰিস্থিতি উদ্ভব হৈ আছে যে নিৰপেক্ষ সকলোৱে মনে মনে আশা কৰি আছিল যে দুয়ো পক্ষৰ মাজত অতি সোনকালেই কিবা এটা মিলা মিছা হওক , এই পবিত্র মাহত পবিত্র ঘৰৰ মর্য্যদা যুদ্ধৰ দ্বাৰা হানি নহওক । হজ আৰু ওমৰাহৰ সময়ত কোনেও কেতিয়াও এনে শ্বাস ৰুদ্ধকৰ পৰিস্থিতি দেখা নাছিল , যিকোনো মূহূর্ত্ততে বিৰাট কিবা এটা হৈ যাব পাৰে বুলি সকলোৱে শংকা কৰি আছিল,এই পৰিস্থিতিৰ অৱসান ঘটাবলৈ যিজন লোকে প্রথম চেষ্টা চলালে সেই লোক জন হ’ল ‘খোজাআ’ গোত্রৰ অন্যতম দলপতি “বুদাইল ইবনে ৱাৰকা” , খোজাআ গোত্রটো মক্কাৰ চাৰিওফালে বসবাস কৰা এটা অন্যতম ডাঙৰ গোত্র । এই গোত্রটো মক্কাৰ কোৰাইছ বা মুছলমান কাৰোৰ পক্ষতে নাছিল যদিও মুছলমান সকলৰ প্রতি অলপ সহানুভূতিশীল আছিল , ‘বুদাইলে’ নিজাববিয়াকৈ শান্তিৰ বাবে চেষ্টা চলাবলৈ প্রথমে হদাইবিয়ালৈ আহে আৰু ৰছুল(ছ:)ক লগ ধৰি কয় –“হে মোহাম্মদ(ছ:) মই এই মাত্র মক্কাৰ পৰা আহিছো আৰু দেখি আহিছো মক্কাৰ সকলো বীৰ যুদ্ধাই নিজকে যুদ্ধৰ বাবে সম্পূর্ণ প্রস্তুত কৰি লৈছে” উত্তৰত ৰছুল(ছ:)এ কলে –“আমি যুদ্ধৰ বাবে অহা নাই, আমি আহিছো আল্লাহৰ পবিত্র ঘৰত ওমৰাহ কৰিবৰ বাবে, কিন্তু যদি মক্কাৰ কোৰাইছ বিলাকে আমাক যুদ্ধৰ মাজলৈ ঠেলি দিয়ে তেতিয়া হলে শৰীৰত শেষ বিন্দু তেজ থকালৈকে অথবা আল্লাহে কিবা ব্যবস্থা নকৰা লৈকে যুদ্ধ চলিব”, কোৰাইছ সকলে যদিহে দুই চাৰি দিনৰ বাবে মূছলমান সকলক ওমৰাহ কৰিবলৈ সুবিধা কৰি দিয়ে তেতিয়া হলে ওমৰাহ কৰিয়ে মুছলমান সকল ওভতি যাবগৈ, যদিহে এই বিষয়ত চিন্তা কৰিবলৈ দুই এদিন সময়ৰ প্রয়োজন মুছলমান সকল হুদাইবিয়াতে অপেক্ষা কৰিব । প্রথম বাৰৰ বাবে মুছলমান সকলৰ ফালৰ পৰা এটা বিধিগত বার্তা (Official massage) মক্কাবাসীলৈ পঠোৱা হ’ল যে – ‘মুছলমান সকল ওমৰাহ আদায় কৰিবলৈহে মক্কালৈ আহিব বিছাৰিছে’ । ‘বুদাইলে’ মক্কালৈ আহি কোৰাইছ সকলক কলেহি যে- ‘মই হুদাইবিয়ালৈ গৈ মহম্মদ(ছ:)ক লগ কৰি কথা পাতি আহিছো , তোমালোকে যদি অনুমতি দিয়া মই কথাখিনি তোমালোককো শুণাব বিছাৰিছো । লগে লগে কোৰাইছৰ মাজৰ আটাইতকৈ মূর্খ ব্যক্তিজনে চিঞৰি উঠিল - ‘আমি তোমাৰ কথা শুনিবলৈ কোনো প্রয়োজন অনুভব কৰা নাই, আমি ভালদৰে জানো মহম্মদ(ছ:) মক্কালৈ কিয় আহিব বিছাৰিছে’ । কিন্তু কোৰাইছৰ মাজৰ জ্ঞানী সকলে ‘বুদাইল’ক কলে –‘হব বাৰু কোৱা মহম্মদ(ছ:)ৰ কব লগা কি আছে আমিও শুনো’ । কোৰাইছৰ পৰা অনুমতি পায় ‘বুদাইলে’ ৰছুল(ছ:)ৰ লগত হোৱা কথা বতৰা সকলো বিলাক বিবৰি কলে,আৰু নিজা পৰামর্শ আগবঢ়াই কলে–“হে কোৰাইছ সকল মই জানো তোমালোকে এই মানুহজনক(ছ:) বেয়া পোৱা , কিন্তু এইবাৰ সচাকৈয়ে তেওঁ যুদ্ধৰ বাবে ইয়ালৈ অহা নাই , আল্লাহৰ পবিত্র ঘৰত ওমৰাহ কৰিবৰ বাবেহে আহিছে ” । ‘বুদাইল’ৰ কথা শুনি কোৰাইছৰ দলপতি এজনে কৈ উঠিল –“আল্লাহৰ শপত আমি মোহম্মদ(ছ:) আৰু লগৰীয়া সকলক যি কোনো মূল্যৰ বিনিময়ত নহওক কিয় পবিত্র কাবা ঘৰলৈ আহিব দিব নোৱাৰো , এনে কৰিব দিলে সমগ্র আৰবতে প্রচাৰ হৈ যাব যে কোৰাইছ সকলে ভয় কৰি মুছলমান সকলক মক্কালৈ আহিবৰ বাবে বাট এৰি দিলে কোৰাইছ সকলৰ যি মান-সন্মান আৰু ভক্তি সমগ্র আৰবত আছে সি মাতিৰ লগত মিহলি হৈ যাব”। এইটোৱেই হ’ল প্রধান কাৰণ যিটো কাৰণে কোৰাইছ সকলে হুদাইবিয়াৰ শেষলৈকে এই স্থিতিত অতল হৈ থাকিল । কোৰাইছ সকলে সেই সময়ত আল্লাহৰ পবিত্র মাহ তথা পবিত্র কাবা ঘৰৰ সন্মান ৰক্ষা কৰাতকৈ নিজৰ ভেম তথা আত্মসন্মানৰ কথাটোত বেছি কৈ গুৰুত্ব দিছিল । শান্তিৰ বাবে ‘বুদাইলে’ কৰা এই প্রথম প্রচেষ্টাই বিশেষ ফল নধৰিলে যদিও দুয়ো পক্ষৰ মাজত অনানুষ্ঠানিক আলোচনাৰ বাবে এটা বাট মুকলি হ’ল । ইয়াৰ পাছত প্রথমবাৰৰ বাবে কোৰাইছ সকলৰ ফালৰ পৰা প্রতিনিধি হৈ “উৰুৱা ইবনে মছউদ” নামৰ এজনে আলোচনাৰ বাবে মুছলমানৰ শিবিৰলৈ আহিল , এই লোক জন ‘তাঈফ’ নামৰ ঠাই খনৰ ‘ছাকিফ’ গোত্রৰ অন্যতম প্রধান নেতা আৰু তেখেতৰ মাক আছিল সন্মানিত কোৰাইছ বংশৰ লোক । “উৰুৱা ইবনে মছউদ”ক যদিও কোৰাইছ সকলে নিজৰ প্রতিনিধি হিচাবে পঠোৱা নাছিল তেঁও কিন্তু কোৰাইছ সকলৰ অনুমতি সাপেক্ষেহে আলোচনাৰ বাবে আগবাঢ়ি আহিছিল । ‘উৰুৱাই’ ৰাচুল(ছ:)ক সাক্ষাৎ কৰি পোনচাতেই ধমকৰ সুৰত অভিযোগ আনি কব ধৰিলে –“হে মোহাম্মদ(ছ:) তুমি এনে এজন লোক যিজনে নিজৰ জাতিৰ লগতে যুদ্ধ কৰি নিজ জাতিকে ধ্বংস কৰিব বিচাৰিছা , নতুন এটা ধর্মৰ সৃষ্টি কৰি বোপা–ককাৰ দিনৰ পৰা চলি অহা ধর্মৰ পৰা আমাক আতৰাই সমগ্র আৰবতে এটা অশান্তি বিয়পাই দিছা , এই পবিত্র মাহত পবিত্র ভূমি মক্কাত অশান্তিৰ সৃষ্টি কৰি কাবা ঘৰৰ পবিত্রতা নষ্ট কৰিব বিচাৰিছা , তুমি আৰব জাতিৰ বিভিন্ন ময্যদা সম্পন্ন গোত্রৰ লগতে যা-তা গোত্র কিছুমানৰ লোকক লগত লৈ ইয়ালৈ যুদ্ধৰ বাবে আহি আমাৰ বিভিন্ন জাতী-গোষ্ঠিৰ মাজত থকা একতা আৰু শান্তি তুমি ধ্বংস কৰিব বিচাৰিছা”। এই অভিযোগ ধৈয্যৰে সৈতে শুণি আল্লাহৰ ৰছুল(ছ:)এ কলে – “হে ‘উৰুৱা ইবনে মছউদ’ তোমালোকে কিয় এনেকৈ ভাবিছা , মই মানুহৰ মাজত একতা ধ্বংস কৰিবলৈ নহয় সকলোকে এক আল্লাহৰ লগত সম্পর্ক কৰাই দি একতাৰ দোলেৰে বান্ধি এটা মাত্র জাতি গঢ়িবলৈ চেষ্টা কৰিছো , আল্লাহৰ এক মাত্র মনোনিত ধর্ম ‘ইছলাম’ক তোমালোক সকলোকে দিব আহিছো ,মই নিজৰ জাতিৰ বাবে আটাইতকৈ উত্তম ধর্মটো লৈ আহিছো , দুনিয়া আৰু আখিৰাত দুয়োটাতে যাতে সকলোৰে ভাল হয় মই তাৰ হে চিন্তা কৰিছো ” । ৰছুল(ছ:)ৰ কথাত বিশেষ গুৰুত্ব নিদি ‘উৰুৱা’ই পুনৰ কব ধৰিলে –“যদি তুমি এই যুদ্ধত জয়ী হোৱা তেন্তে তুমিয়েই হ’বা আৰবৰ প্রথম জনলোক যিয়ে নিজ জাতিৰ মাজতে কটা-মৰা কৰি নিজ জাতিকে ধ্বংস কৰিব ওলাইছে । কিন্তু মই নাভাবো এই যুদ্ধত তুমি জয়ী হব পাৰিবা , কিয়নো যিবিলাক মানুহক লগত লৈ তুমি যুদ্ধৰ বাবে ইয়ালৈ আহিছা দুই এজনৰ বাদে কোনো বীৰ যুদ্ধা মোৰ চকুত পৰা নাই, বিভিন্ন জাতি-গোষ্ঠীৰ এই মানুহ বিলাকৰ মাজত যুদ্ধৰ সময়ত আটাইতকৈ বেছি প্রয়োজনীয় একতাৰ কোনো সূত্র মই দেখা পোৱা নাই , এই মানুহ বিলাকে যুদ্ধৰ প্রথম অৱস্থাতেই তোমাক এৰি নিজৰ প্রাণ বছাবলৈ পলাই যাব” । সেই সময়ত সমগ্র আৰবতে জাতিবাদ আৰ গোষ্ঠি বাদেই আছিল মানুহ বিলাকৰ মাজৰ একতাৰ একমাত্র সূত্র , সেয়েহে সকলো পৰিস্থিতে লোক সকলে নিজ নিজ জাতি-গোষ্ঠিৰ উচৰত থিয় দিছিল , সত্য-অসত্য ভুল-শুদ্ধৰ কোনো বাচ বিছাৰ নকৰাকৈ সকলোৱে নিজ জাতি তথা গোষ্ঠিৰ হৈ যুদ্ধ কৰিবলৈ সদায় প্রস্তুত আছিল, এয়াই আছিল তেওঁলোকৰ নীতি তথা ধর্ম । কিন্তু ইছলামৰ একতাৰ দোল দাল কি ইমানদাৰ লোকৰ বাহিৰে বেলেগে তেতিয়াও বুজি পোৱা নাছিল আজিও বুজি নাপায় । উৰুৱাৰ এই কথা বিলাক শুনি ধিৰ-স্থিৰ আৰু শান্ত স্বভাবৰ বুলি খ্যাত আবু বক্কৰ চিদ্দিক(ৰা:)ৰ ধৈয্যৰ বান্ধ চিঙি গ’ল আৰু গৰজি উঠি সিহঁতৰ দেব-দেবী সম্পর্কত অতি বেয়াকৈ গালি পাৰি উৰুৱাক অপমানিত কৰি কলে- “তুমি কেনেকৈ ভাবিব পাৰিলা যুদ্ধক্ষেত্রত আমি আমাৰ প্রাণতকৈও প্রিয় ৰছুল(ছ:)ক এৰি পলাই যাম” । দেব দেবী আকলৰ প্রতি কৰা এই অপমান সহ্য কৰাটো যদিও খুউবেই কথিন আছিল তথাপিও যেনে তেনে এই ভীষণ অপমান সহ্য কৰি ‘উৰুৱাই’ তেখেত(ৰা:) লৈ চাই লাহে লাহে কব ধৰিলে –“হে আবু বক্কৰ এটা সময়ত তুমি মোক এটা বহুত ডাঙৰ উপকাৰ কৰি থৈছা যিটো উপকাৰৰ বদলা মই আজিলৈকে পূৰণ কৰিব পৰা নাই , গতিকে তুমি কৰা এই অপমানৰ কোনো জবাব এতিয়া মই দিব নোৱাৰো , এনে নোহোৱা হলে ইয়াৰ যুগ্য প্রত্যোত্তৰ তুমি পালা হেতেন” । যদিও আবু বক্কৰ চিদ্দিক(ৰা:)এ ‘উৰুৱা’ৰ সেই কথা খিনি মুছলমান তথা ৰছুল(ছ:)ৰ বাবে অপমানজনক বুলি ভাবি এনে ব্যবহাৰ কৰিছিল কিন্তু ‘উৰুৱা’ই আল্লাহৰ ৰছুল(ছ:)ক অপমান কৰিবলৈ বা হেয় প্রতিপন্ন কৰিবলৈ এনে দৰে এই কথা খিনি কোৱা নাছিল , তেঁও ভাল দৰে জানিছিল যে মুছলমান সকলে ওমৰাহৰ বাবে হলেও আৰু অলপ আগবাঢ়িলেই যুদ্ধ আৰম্ভ হৈ যোৱাটো নিশ্চিত, সেয়েহে তেঁও যেনে তেনে বুজাই মেলি ৰছুল(ছ:)ক হুদাইবিয়াৰ পৰাই ওভতি যোৱাৰ বাবে সৈমান কৰাব বিছাৰিছিল ।
সেই সময়ত আৰবৰ বহুতো জনগোষ্ঠিৰ মাজত এটা ৰিতী আছিল যে যেতিয়া দুজন নেতাই বিশেষ কিবা আলোচনা কৰে তেতিয়া নিজৰ নিজৰ আন্তৰিকতা দেখুৱাবৰ বাবে এজনে আনজনৰ দড়িত হাত বোলাই বোলাই কথা পাতে , ‘উৰুৱা’ই ও নিজৰ আন্তৰিকতা প্রকাশ কৰিবৰ বাবে বাৰে বাৰে ৰছুল(ছ:)ৰ ডাড়ি মোবাৰকত হাত বুলাব বিছাৰিছিল কিন্তু কোনো এজন চাহাবা(ৰা:) এ প্রতি বাৰতে তৰোৱালৰ মুঠিৰে ‘উৰুৱা’ৰ হাতত আঘাট কৰি তেনে কৰাত বাধা দিছিল, কেইবাবাৰো এনে হোৱাৰ পাচত উক্ত চাহাবা জনে উৰুৱাৰ হাতত জোৰেৰে আঘাট কৰি চিঞৰি কলে –“তুমি যদি আৰু এবাৰ আমাৰ ৰছুল(ছ:)ৰ দাড়িত হাত দিব লৈ চেষ্টা কৰা তেতিয়া হলে তোমাৰ হাত খন কাতি দুডখৰ কৰি দিয়া হব , ভালে ভালে হাত আতৰাই ৰাখা” । এই চাহাব জনে সম্পূর্ণ যুদ্ধৰ সাজত আছিল আৰু মুখ খনও আবৰণেৰে ঢাক খাই আছিল বাবে উৰুৱাই চিনিব নোৱাৰি কোন হয় সুধিলে । মুখৰ আবৰণ খন আতৰাই দিলত চিনি পালে যে এইজন নিজৰে ভতিজা লৰা “মুগিৰা ইবনে ছ’বা আচছাকাফি” । ‘মোগিৰা’ক চিনি পাই ‘উৰুৱা’ই কৈ উঠিল – “অ’! তুমি হে ! তোমাৰ নীচ কর্মই আমাৰ গোটেই জাতিটোৰে মান মর্য্যদা মাতিত মিলাই দিলে , তোমাৰ তেনে নীচ কামৰ ফল এতিয়াও আমি ভোগ কৰি থাকিব লগা হৈছে , এতিয়া আকৌ আন এটা নতুন ৰূপলৈছা” । ‘উৰুৱা’ৰ কথাৰ কোনো উত্তৰ নিদি মুগিৰা মনে মনে থাকিল কিয়নো এই কথাখিনি সম্পূর্ণ সচা আছিল , চফল ডেকা বয়সত মুগিৰা আছিল এজন অতি উদণ্ড যুবক ,লগৰীয়া কিছুমানৰ লগ হৈ কম বয়সতে তেঁও বহুতো বেয়া কাম কৰি ফুৰিছিল , লাহে লাহে বেয়া কামৰ মাত্রা বাঢ়ি গৈ তেঁওলোকে মৰুভূমিত লুত-পাত কৰিবলৈ আৰম্ভ কৰি দিয়ে । এবাৰ এটা শক্তিশালী গোত্রই ‘মুগিৰা’ আৰু তেওঁৰ দলৰ লোক সকলৰ ওপৰত অতিষ্ঠ হৈ ‘ছাকাফি’ গোত্রৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰি দিয়ে , যুদ্ধ পৰিহাৰ কৰিবলৈ ‘ছাকাফি’ গোত্রৰ প্রধান প্রধান নেতা সকলে আলোচনা কৰি উক্ত গোত্রটোক প্রতিশ্রুতি দিয়ে যে – ‘মুগিৰা’ আৰু তেওঁৰ দলৰ লোক সকলক ধৰি আনি বিচাৰ কৰি উপযুক্ত শাস্তি প্রদান কৰা হব । তেতিয়া শাস্তিৰ পৰা ৰক্ষা পাবলৈ ‘মুগিৰা’ই নিজৰ গোত্রকে এৰি পলায়ন কৰে আৰু য’তে ত’তে পলাই ফুৰি এটা সময়ত আল্লাহৰ ৰছুল(ছ:)ৰ ওচৰত আহি ইছলাম গ্রহণ কৰাৰ ইচ্ছা প্রকাশ কৰে , ৰছুল(ছ:)এ জনালে যে – মুগিৰাই ইছলাম গ্রহণ কৰক কিন্তু মানুহ কটা-মৰা কৰি আহৰণ কৰা কোনো টকা-কড়ি বা সম্পত্তি ইছলামৰ হকে ব্যবহাৰ কৰিব নোৱাৰিব । এই স্বত্ব মানি লৈ মুগিৰাই ইছলাম গ্রহণ কৰি ব্যক্তিগত দেহৰক্ষীৰ দৰে ছাঁটো হৈ ৰছুল(ছ:)ৰ লগতে থাকিব ললে ।
বহু চেষ্টাৰ পাচত ও উৰুৱাই ৰছুল(ছ:)ক মদিনালৈ উভতি যাবলৈ মান্তি কৰাব নোৱাৰি মক্কালৈ উভতি আহে আৰু কোৰাইছৰ নেতা সকলক লগধৰি কয় –“হে কোৰাইছৰ লোক সকল মই বহুতো ডাঙৰ ডাঙৰ ৰাজ দৰবাৰলৈ গৈছো,ৰোমৰ সম্রাট “ছীজাৰ” , পাৰস্য সম্রাট “কিছৰা” আৰু আবিছিনিয়াৰ সম্রাট “নাজ্জাছি”ৰ ৰাজ-দৰবাৰতও মোৰ যোৱাৰ সৌভাগ্য ঘটিছে , মই আল্লাহৰ নামত শপত খাই কব পাৰো যে কোনো এজন সম্রাটকে তেঁওৰ কোনো প্রজাই এনেকুৱা সন্মান কৰা দেখা নাই যেনেকুৱা সন্মান মহম্মদক(ছ:) তেঁওৰ প্রজা সকলে কৰা দেখি আহিছো । আল্লাহৰ শপত মহম্মদে(ছ:) যদি মুখৰ থুও পেলাব বিছাৰে তেঁওৰ প্রজা সকলে সেই থু মাটিত পৰিব নিদি হাত পাতি ধৰি লয় , তেঁও(ছ:)ৰ হাট-মুখ ধোৱা পানী (অজুৰ পানী) মাটিত পৰাৰ আগতেই উচৰতে থকা লোক বিলাকে (চাহাবা সকলে) হেতা উপৰা কৰি হাট পাতি ধৰি নিজৰ নিজৰ শৰীৰত ঘঁহি লয় , হাতত পানী নোপোৱা সকলে পোৱা সকলৰ হাততে হাত ঘঁহি নিজৰ মুখত ঘঁহি লয় ” ।
এদিনাখন এনেকৈ কিয় কৰে বুলি ৰছুল(ছ:)এ সোধাত চাহাবা(ৰা:)সকলে কলে যে মহান আল্লাহৰ পৰা ৰহমত আৰু বৰকতৰ আশাৰে এনে কৰে তেতিয়া ৰছুল(চ:)এ কলে –“তোমালোকে যদি আল্লাহ আৰু আল্লাহৰ ৰছুল(ছ:)ৰ ভালপোৱাটো বিছাৰা তেতিয়া হলে নিজৰ কথাত সদাই সত্যবাদি হবা , বিশ্বাসযোগ্য হবলৈ সদায়েই চেষ্টা কৰিবা আৰু ওচৰ চুবুৰিয়াৰ লগত সদাই ভাল সম্পর্ক বজায় ৰাখিবা , চুবুৰিয়াক কেতিয়াও অশান্তি নিদিবা ” । তেনে কৰিবলৈ (অজুৰ পানী মুখত ঘহা) চাহাবা(ৰা:) সকলক মানা নকৰি ৰছুল(ছ:)এ আল্লাহৰ সন্তুষ্টি লাভৰ এটা অতিৰিক্ত পথ হে দেখুৱাই দিলে , প্রথমটো পথ বর্ত্তমান নাই আৰু দ্বিতীয়টো পথ সকলো মুছলমানৰ বাবে সদায় খোলা থাকিব।
খন্তেক সময় নিৰবে থাকি উৰুৱা ইবনে মছউদে পুণৰ কব ধৰে –“ কৰোবাক কিবা কোৱাৰ বাবে মহম্মদে মূৰ তুলি চোৱাৰ লগে লগেই তেঁওৰ নির্দেশ পালন কৰিবলৈ সকলো সষ্টম হৈ উঠে , যেন প্রতিযোগীতাহে পতা হৈছে কোনে কিমান সোনকালে তেঁওৰ নির্দেশ পালন কৰিব পাৰিব। যেতিয়া তেঁও(ছ:)কিবা কথা কয় লগৰিয়া সকলে মুখেৰে এটা টু শব্দ উচ্চাৰণ নকৰে , সকলোৱে তেঁওক ইমানেই সন্মান কৰে যে তেঁও কথা কৈ থকা অৱস্থাত কোনেও তেঁওৰ মুখলৈ চাই নাথাকি তল মূৰ কৰি লৰচৰ নকৰাকৈ শুনি থাকে । কোনো নেতাৰ প্রতি জনতাৰ এনেকোৱা সন্মান , ইমান ভালপোৱা ইমান মৰম, ইমান সমীহ মই জীৱনত কেতিয়াও দেখা পোৱা নাই ” । ‘উৰুৱা’ই পুণৰ কব ধৰে “হে মক্কা বাসী সকল মই এনে এটা দল লগ পাই আহিছো যি দলৰ পুৰুষ সকলটো বাদেই মহিলা সকলেও মহম্মদ(ছ:)ৰ সামান্য এটা ইংগিতত নিজৰ প্রাণ পয্যন্ত উচর্গা কৰিবলৈ সদা প্রস্তুত হৈ থাকে” । চাহাবা সকলৰ আচাৰ আচৰণ দেখি-শুনি ক্ষন্তেক সময়তে ‘উৰুৱা’ৰ মনৰ ইমান পৰিবর্ত্তন হৈ গ’ল যে তেঁও কোৰাইছ সকলক কব ধৰে –“তোমালোক সংখ্যাত যদিও বহুত বেছি , তোমালোকে কিন্তু মহম্মদ(ছ:)ৰ লগত কেতিয়াও যুদ্ধত জয়ী হব নোৱাৰিবা , তাৰ উপৰিও এই পবিত্র জিলকদ মাহত কোনো লোককে কাবাঘৰলৈ ওমৰাহ কৰিব অহাত তোমালোকে বাধা দিয়া উচিত নহয় , তোমালোকৰ পূর্বপুৰুষ সকলে কোনোকলেই এনেকোৱা কৰা নাই”। চাহাবা(ৰা:)সকলৰ ৰছুল(ছ:)ৰ প্রতি থকা মৰম-ভালপোৱা , তেঁওলোকে দেখুৱা মান-সন্মান , আচাৰ-আচৰণে তেতিয়ালৈকে ইছলাম গ্রহণ নকৰা তথা ইছলামৰ বিষয়ে বিশেষ কোনো ভাল ভাব নথকা ‘উৰুৱা ইবনে মছউদে’ সেইকণ সময়তে ইছলামৰ প্রতি সদয় হৈ পৰিছিল । তেতিয়া যদিও লগে লগে ইছলাম গ্রহণ কৰি লোৱা নাছিল কিন্তু তেঁওৰ মনৰ আমূল পৰিবর্ত্তন হৈ গৈছিল , চাহাবা সকলৰ ব্যৱহাৰ পাতিয়ে তেঁওক মূহিত কৰি পেলাইছিল । মক্কা বিজয়ৰ পাছত ‘উৰুৱা ইবনে মছউদ’(ৰা:)এ ইছলাম গ্রহণ কৰে, তেঁও ইছলাম গ্রহণ কৰাৰ ক্ষেত্রত আছিল ‘ছাকাফি’ গোত্রৰ প্রধান লোক সকলৰ প্রথম ব্যক্তি, নিজ ঘৰৰ চাদৰ উপৰত নামাজ পঢ়ি থকা অৱস্থাত কোনোৱে কাড় মাৰি তেখেত(ৰা:)ক শ্বহীদ কৰে ।
‘উৰুৱা’(ৰা:)ৰ কথাখিনি শুনি কোৰাইছৰ সভাত কাঁহ পৰি জিন যোৱা অবস্থা হ’ল , হঠাতে কোৰাইছৰ এজন নেতাই চঞৰি উঠিল –“হে উৰুৱা(ৰা:) তোমাৰ দৰে এজন লোকৰ পৰা আমি এনেকুৱা কথা শুনিবলৈ পাম বুলি কেতিয়াও আশা কৰা নাছিলো, তুমি নহৈ যদি আন কোনোৱে এই কথা খিনি কলে হেতেন নিশ্চয় আমি বিহিত ব্যবস্থা ললো হেতেন, আমি তোমাৰ পৰা আৰু কোনো কথা শুনিব নিবিছাৰো, তুমি এতিয়াই ইয়াৰ পৰা বাহিৰ হৈ যোৱা”। কোৰাইছৰ আন এজন নেতাই গম্ভীৰ স্বৰে কৈ উঠিল –“মহম্মদ(ছ:) আৰু লগৰীয়া সকলক অন্তত: এই বাৰ কোনোপধ্যেই মক্কাত প্রবেশ কৰিব দিব নোৱাৰি ” । কোৰাইছৰ সকলো প্রধান নেতাই এই কথাত একমত পোষন কৰি যুদ্ধৰ বাবে প্রস্তুত হবলৈ নিজ নিজ গোত্র সমূহক নির্দেশ দিলে ।
এনেদৰে যিজনেই ৰছুল(ছ:)ৰ সংস্পর্শলৈ আহিল সেই জনেই কোৰাইছ সকলৰ পক্ষ এৰি মানসিক ভাবে হলেও মুছলমান সকলৰ পক্ষলৈ গুছি আহিছিল । আল্লাহৰ ৰছুল(ছ:) প্রথম অৱস্থাৰ পৰাই যুদ্ধৰ পক্ষত নাছিল , যুদ্ধপৰিহাৰ কৰিবলৈ এইবাৰ ৰছুল(ছ:)এ নিজৰ ফালৰ পৰা চেষ্টা আৰম্ভ কৰিলে । লগৰিয়া সকলৰ লগত বহু আলোচনাৰ পাছত ৰছুল(ছ:)এ ‘খোজাআ’ গোত্রৰ “খিৰাছ ইবনে উমাইয়া” নামৰ এজন চাহাবা(ৰা:)ক মুছলমানৰ কটকী হিচাপে মক্কালৈ আলোচনাৰ বাবে পঠালে । ‘খোজাআ’ গোত্রটোৱে মুছলমানৰ পক্ষত থাকি কোৰাইছৰ বিৰুদ্ধে তেতিয়া লৈকে কোনো যুদ্ধতে অংশ গ্রহণ কৰা নাছিল বাবে কোৰাইছ সকলৰ লগত এই গোত্রৰ কোনো পোনপতিয়া শত্রুতা নাছিল । ৰছুল(ছ:)এ নিজৰ উটটোত উঠাই ‘খিৰাছ’(ৰা:)ক মক্কালৈ পঠিয়াইছিল যাতে মক্কাৰ সকলোৱে বুজিব পাৰে যে ‘খিৰাছ’(ৰা:) আছলতে ‘মহম্মদ’(ছ:)ৰ প্রতিনিধি হিচাপেহে আহিছে , মক্কাত ‘খিৰাছ’(ৰা:)এ যি পৰিস্থিতিৰ মুখামুখি হ’ল তেনে এটা পৰিস্থিতিৰ সৃষ্টি হ’ব বুলি আল্লাহৰ ৰছুল(ছ:)এ কেতিয়াও আশা কৰা নাছিল । মক্কাত প্রবেশ কৰাৰ লগে লগে ৰছুল(ছ:)ৰ ঊটটোক সকলোৱে চিনি পাই উত্তেজিত হৈ এক হূলস্থূলিয়া পৰিবেশৰ সৃষ্টি কৰিলে , কোন কোনৱে উটটোকে আঘাট কৰি আহত কৰি পেলালে , দুজন মানে ‘খিৰাছ’(ৰা:)কে হত্যা কৰিবলৈ উদ্যত হ’ল , কিন্তু সেই সময়ত মক্কাতে থকা “খোজাআ” গোত্রৰ কেইজন মান লোকৰ সহযোগত ‘খিৰাছ’(ৰা:)এ কোনোমতে নিজৰ প্রাণ ৰক্ষা কৰিবলৈ সক্ষম হয় । কোৰাইছ বিলাকে কোনো আলোচনা নকৰাকৈয়ে তেখেত(ৰা:)ক লগে লগে মক্কাৰ পৰা উভতাই পঠিয়াই ।
পবিত্র ‘জিলকদ’ মাহত ওমৰাহ আৰু হজৰ শান্তি পূর্ণ সুন্দৰ পৰিবেশৰ পৰিবর্ত্তে ঘটি থকা এই ঘটনাৱলীয়ে মক্কা আৰু ইয়াৰ আশে পাশে থকা চাৰিওফালৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত এক অস্বস্থিকৰ তথা উত্তেজনাময় পৰিবেশ সৃষ্টি কৰি ৰাখিছিল , সকলোৱেই ভালদৰেই বুজিছিল যে যিকোনো মুহূর্ত্ততে পবিত্র মক্কাত যুদ্ধৰ দামামা বজি উঠিব পাৰে আৰু তেতিয়া ইচ্ছাকৃত ভাবে হওক বা অনিচ্ছাকৃত ভাবেই হওক সকলোৱে যুদ্ধত জড়িত হৈ পৰিব লাগিব , যিমানে হজৰ সময় ওচৰ চাপিব ধৰে পৰিবেশটোও সিমানে উত্তেজনাতময় হব ধৰে , সমস্যাটোৰ এটা সমাধান সূত্র উলিয়াবৰ বাবে এই বাৰ চেষ্টা চলালে ‘কিনানা’ গোত্রৰ অন্যতম প্রধান মূৰব্বি “আল হুলাইছ ইবনে আলকাম” নামৰ এজন লোকে । ‘কিনানা’ গোত্রটো হ’ল মক্কাৰ চাৰীওফালে বসবাস কৰা আটাইতকৈ ডাঙৰ গোত্র , এই গোত্রৰ লোক সকল সমগ্র আৰবতে “আলাহাবিছ” বুলি খ্যাতিসম্পন্ন আছিল । ‘আল হুলাইছে’ মক্কাৰ কোৰাইছ সকলৰ লগত আলোচনা কৰি কোৰাইছৰ প্রতিনিধি হিচাপে মহম্মদ(ছ:)ক সাক্ষাৎ কৰিব বিছাৰিলে , কোৰাইছ সকলেও এই ‘কিনানা’ গোত্রটোক যথেস্থ মর্য্যদা দিছিল আৰু কিবা এটা সমাধান সূত্র বাহিৰ হওক বুলি কোনো আপত্তি নকৰিলে , কোৰাইছৰ প্রতিনিধি হিচাপে ‘আল হুলাইছ’ ‘হুদাইবিয়া’লৈ আহিল। আল্লাহৰ ইচ্ছাত ৰছুল(ছ:)এ ‘আল হুলাইছক’ বহুদূৰতে চিনি পায় আৰু চাহাবা সকলক কোৰবানীৰ বাবে নির্দিষ্ট কৰি অনা জন্তু বিলাকক সজাই পৰাই ‘আল হুলাইছৰ’ আগেদি শাৰী শাৰী কৈ কুচ-কাৱাজ কৰাই নিবৰ বাবে নির্দেশ কৰিলে , কিয়নো ৰছুল(ছ:)এ ভাল দৰে জানিছিল যে ‘কিনানা’ গোত্রৰ লোক সকলে আল্লাহৰ ঘৰলৈ কোৰবানীৰ বাবে নির্দিষ্ট কৰি অনা জন্ত বিলাকক খুব পবিত্র বুলি গণ্য কৰিছিল আৰু বিশেষ মর্য্যদা দান কৰিছিল , চাউনিৰ ওচৰ চপাৰ লগে লগে চাহাবা(ৰা:) সকলে এহৰাম পৰিধান কৰি উচ্ছ স্বৰে ‘তালবিয়া’ পাঠ কৰি কৰি কোৰবানীৰ বাবে সজায় পৰাই নির্দিষ্ট কৰি অনা জন্তবোৰক শাৰী শাৰীকৈ ‘আল হুলাইছৰ’ আগেদি নিব ধৰে , এহৰামত থকি হাজাৰতকৈ বেছি লোকে চিঞৰি চিঞৰি পঢ়া ‘তালবিয়া’ৰ পৰিবেশ তথা কোৰবানীৰ কাৰণে সজাই-পৰাই অনা হাজাৰ হাজাৰ জন্তু বোৰক দেখি ‘আল হুলাইছ’ স্তম্ভীত হৈ পৰিল , আল্লাহৰ বাবে উচর্গিত জন্তু বোৰক আল্লাহৰ ঘৰলৈ যোৱাত বাধা দিবলৈ চেষ্টা কৰাত মর্মাহত হৈ কোৰাইছ সকলৰ ওপৰতে অসন্তুষ্ট হৈ উঠিল আৰু চাউনিলৈ আহিও ৰছুল(ছ:)ক সাক্ষাৎ নকৰাকৈয়ে তেখেত মক্কালৈ ওভতি আহে আৰু কোৰাইছ সকলক কঠোৰ স্বৰৰে কব ধৰে –“এই পবিত্র মাহত আল্লাহৰ নামত উৎসর্গীত এই পবিত্র জন্তুবোৰক আল্লাহৰ ঘৰলৈ অনাত বাধা দিয়াৰ অধিকাৰ তোমালোকৰ নাই , ই এটা বিৰাট অন্যায় কাম । হে কোৰাইছৰ লোক সকল তোমালোকৰ পূর্বপুৰুষ সকলে কেতিয়াও কোনো লোককে ওমৰাহ বা হজৰ বাবে বাধা দিয়াৰ নজিৰ নাই”, তাৰ পাচত ‘আল হুলাইছে’ কাবা ঘৰতগৈ দৃঢ় ভাবে ঘোষণা কৰি কয় -“এনে অন্যায় কামত কোনো ‘আহাবিছ’ কোৰাইছৰ লগত নাই” । ৰছুল(ছ:)এ এনে দৰে মানসিক ভাবে আঘাট কৰি বিভিন্ন গোত্রক কোৰাইছৰ পৰা আতৰাবলৈ মানসিক যুদ্ধ চলালে , সময় পাৰ হোৱাৰ লগে লগে বহুতো গোত্রই ‘আহাবিছ’ সকলৰ দৰে কোৰাইছৰ লগ এৰা দিব ধৰে ।
বিভিন্ন গোত্রৰ বিভিন্নজনে বিভিন্ন ভাবে এই সমস্যাটোৰ সমাধানৰ বাবে চেষ্টা কৰিলে যদিও তেতিয়ালৈকে কোনো ফল ধৰা নাছিল, সেয়েহে এইবাৰ আল্লাহৰ ৰছুল(ছ:)এ নিজ বংশ ‘কোৰাইছ’ৰ পৰা এজনক নিজৰ প্রতিনিধি হিচাপে পঠাবলৈ সিদ্ধান্ত ললে, প্রথম অৱস্থাত তেখেত(ছ:)এ “ওমৰ বিন খাত্তাব”(ৰা:)ক মক্কালৈ পঠাব বিছাৰিছিল যদিও চাহাবা সকলৰ লগত দীঘলিয়া আলোচনাৰ অন্তত “উছমান ইবনে আফ্ফান”(ৰা:)ক আল্লাহৰ ৰছুল(ছ:)ৰ প্রতিনিধি ৰূপে মক্কালৈ পঠাবলৈ সিদ্ধান্ত লোৱা হয় , কিয়নো প্রয়োজন হলে উছমান(ৰা:)ৰ প্রতিৰক্ষাৰ দায়িত্ব লব পৰা নিজ গোত্রৰ বহুতো গণ্য-মাণ্য লোক মক্কাত তেতিয়াও জীবিত আছিল । ফজৰৰ পাছতে মুছলমানৰ চাউনিৰ পৰা উলাই গৈ তেখেতে(ৰা:) ‘বালদাহ’ অঞ্চলেৰে মক্কাত প্রবেশ কৰিব ধৰোতেই মুছৰিক বিলাকৰ এটা পহৰাদাৰী দলৰ মুখা মুখি হয় , এই দলটোৱে উছমান(ৰা:)ক বাধা দি অকথ্য ভাষাৰে গালি-গালাজ কৰি অপমান কৰিব ধৰে, উক্ত দলটোতে উছমান(ৰা:)ৰ পৰিয়ালৰ এজন লোক আছিল, তেখেতৰ নাম আছিল ‘আব্বান ইবনে ছায়ীদ ইবনে আছ’ । নিজৰ পৰিয়ালৰ লোক এজনক এনেদৰে অপমান কৰাটো ‘আব্বানৰ’ কাৰণে অসহ্য হৈ উঠিল আৰু তেঁও খঙেৰে লগৰিয়া সকলক ধমক দি কৈ উঠিল -“সকলো মনে মনে থাকা উছমানক(ৰা:) এতিয়াৰ পৰা মই মোৰ সুৰক্ষাৰ জিম্মাত ললো ” (He is in my protection ) । সেই সময়ৰ আৰবত জাতি,গোত্র বা বংশ-পৰিয়ালৰ সম্পর্ক বিলাক ইমান স্পর্শকাতৰ তথা গুৰুত্ব পূর্ণ আছিল যে নিজ জাতি-গোত্র বা বংশ-পৰিয়ালৰ হকে নিজৰ প্রাণ পর্য্যন্ত বিসর্জন দিবলৈ সকলো সদা প্রস্তুত আছিল , ইয়েই আছিল মানুহ বিলাকৰ মাজৰ একতাৰ একমাত্র ডোল , এই ক্ষেত্রত ‘আব্বানে’ মুছলমান হিচাবে ‘উছমানক’(ৰা:) শত্রু বুলি গণ্য কৰিছিল যদিও নিজ পৰিয়ালৰ লোক হিচাবে আনৰ ওচৰত অপমানিত হোৱাটো সহ্য কৰিব পৰা নাছিল । ‘আব্বানে’ নিজৰ ঘোঁৰাটোত ‘উছমান’(ৰা:)ক উঠাই মক্কাত প্রবেশ কৰা দেখিয়েই সকলোৱে বুজিপালে যে উছমান(ৰা:) ‘আব্বানৰ’ ‘সুৰক্ষাৰ জিম্মাত’ আহিছে সেই বাবে কোনোৱে কিবা কবলৈ বা কৰিবলৈ চেষ্টা নকৰিলে । উছমানে(ৰা:) ‘আব্বানৰ’ লগত কোৰাইছৰ প্রতিটো বংশৰে নেতা সকলক বেলেগে বেলেগে লগ কৰি বিষয়টো আলোচনা কৰিব ধৰে, কিন্তু মুছলমান সকলক ওমৰাহৰ বাবে মক্কাত প্রবেশ কৰিবলৈ দিয়াত কোনো সন্মত নহল , বাৰে বাৰে আলোচনা কৰিও এই ক্ষেত্রত তেখেত(ৰা:) সফল নহ’ল । তাৰ পাচত ‘উছমানে’(ৰা:) সেই সময়লৈকে অত্যাচাৰ সহ্য কৰি কৰি মক্কাতে থকা আৰু মনে মনে ইছলাম গ্রহণ কৰা মুছলমান সকলক লগ কৰি ৰছুল(ছ:)ৰ ফালৰ পৰা জনালে যে –‘আল্লাহে তেঁওলোকৰ অৱস্থাৰ বিষয়ে ভালদৰে জানে আৰু সোনকালেই তেঁওলোকৰ কাৰণে কিবা ভাল ব্যৱস্থা কৰিব’। এনে দৰে আলোচনা কৰি কৰি ঘূৰি ফুৰোতে বহু সময় পাৰ হৈ গ’ল ; আনফালে মুছলমানৰ চাউনীত সকলোৱে ‘উছমান’(ৰা:)এ মক্কাৰ পৰা কি খবৰ আনে তাৰ বাবে অধীৰ আগ্রহেৰে বাট চাই আছিল , আশা কৰাতকৈ বহু বেছি পৰলৈকে তেখেত উভতি নহা কাৰণে সকলো চিন্তিত হব ধৰে , সময় বাগৰাৰ লগে লগে মুছলমানৰ চাউনীত উত্তেজনা বঢ়িব ধৰে , লাহে লাহে বু-বু বা-বা আৰু পাছলৈ সকলো চাহাবা(ৰা:) সকল প্রায় নিশ্চিতৰ দৰেই হৈ পৰিল যে ‘উছমান’(ৰা:)ক ইতিমধ্যে হত্যা কৰা হৈছে নহলে তেখেতে(ৰা:) মক্কাৰ পৰা ঘূৰি অহাত ইমান পলম হোৱাৰ কোনো কাৰণ নাই । এটা সময়ত এই কথাটো আল্লাহৰ ৰছুল(ছ:)ৰ কাণতও পৰিলগৈ , এই কথা শুনি তেখেতে(ছ:) কথাটো সঁচা বুলি ভাবি চিন্তিত হৈ পৰিল আৰু চাহাবা(ৰা:) সকলক গোটাই লৈ ঘোষণা কৰিলে –“এতিয়া আৰু আমি ইয়াৰ পৰা উভতি যাব নোৱাৰো , এই ঘটনাটোক {উছমানৰ(ৰা:) হত্যাক}এনেয়ে এৰি দিয়া নহব , আমি নিশ্চয় ইয়াৰ প্রতিশোধ লম” । তাৰ পাচত ৰছুল(ছ:)এ গোটেই মুছলমানৰ শিবিৰতে ঘোষণা কৰাই দিয়ালে যে –‘জীব্রাইল’ (আ:) আহি সকলো মুছলমানৰে জান আৰু মালৰ বয়ত লবৰ বাবে নির্দেশ কৰিছে অর্থাৎ সকলো মুছলমানকে আল্লাহৰ ৰছুল(ছ:)ৰ হাতত হাত থৈ শপত লবলৈ নির্দেশ কৰিছে যে- এতিয়া উছমান(ৰা:) নোহোৱাকৈ আৰু মদিনালৈ ওভতি যোৱাৰ কোনো কথা নাই , জয়ী নোহোৱা পর্যন্ত্য বা শৰীৰত প্রাণ থকালৈকে ৰছুল(ছ:)ৰ হৈ যুদ্ধ কৰা হব । মহান আল্লাহে ‘উছমান’(ৰা:)ৰ অৱস্থাৰ বিষয়ে ভালদৰে অবগত হোৱাৰ পাছতও এই বয়তৰ নির্দেশ দি চাহাবা(ৰা:) সকলৰ ইমানৰ দৃঢ়তাৰ পৰীক্ষা লব বিছাৰিছিল, এই পৰীক্ষাত এটা মুনাফিকৰ বাহিৰে সকলো মুছলমানেই সফল হয় আৰু আল্লাহৰ সন্তুষ্টিৰ পাত্র হৈ পৰে ।
ৰছুল(ছ:)ৰ নির্দেশত সকলো মুছলমানেই এজন এজন কৈ এজোপা গছৰ তলত আল্লাহৰ ৰছুল(ছ:)ৰ হাতত হাত থৈ নিজৰ জান–মালৰ বয়ত দিয়ে , একেবেৰে শেষত ৰছুল(ছ:)এ নিজৰ বাঁও হাত খন ডাঙি ঘোষণা কৰি কলে–“এইখন উছমানৰ(ৰা:) হাত” , তাৰ পাচত এখন হাতেৰে আনখন হাত ধৰি উছমানৰ(ৰা:)হৈ নিজে বয়ত দিয়ে । মুছলমান সকলৰ এই বয়তত মহান আল্লাহ ইমান সন্তুষ্ট হৈছিল যে চুৰা ‘ফাতাহত’ এই বয়তৰ কথা বাৰে বাৰে উল্লেখ কৰিছে , ১৮ নং আয়াতত এনেদৰে কৈছে –“আল্লাহ মুছলমান সকলৰ উপৰত সন্তুষ্ট হৈ গৈছে যেতিয়া তেঁওলোকে গছজোপাৰ তলত বয়ত গ্রহণ কৰিছিল” । ১০ নং আয়াতত আল্লাহে এই বয়ত সম্পর্কত এনে দৰে কৈছে – “সেইদিনা খন মুছলমান সকলে মহম্মদৰ(ছ:) হাতত হাত থৈ বয়ত লোৱাৰ সময়ত তেঁওলোকৰ হাতৰ ওপৰত আল্লাহৰ হাত আছিল” অর্থাৎ মুছলমান সকলে সেই দিনা প্রকৃততে পোণপতিয়াকৈ আল্লাহকহে বয়ত দিছিল । ৰছুল(ছ:)এ বয়তৰ শেষত সকলোৰে আগত ঘোষণা কৰি কয় –“ আজিৰ দিনত তোমালোকেই হ’লা আটাইতকৈ উত্তম লোক , তোমালোকৰ কাৰণে মহান আল্লাহে দোজখ হাৰাম কৰি দিছে ” । এই বয়তত মুছলমান সকলৰ প্রতি আল্লাহ সন্তুষ্ট হৈ যোৱাৰ কাৰণে এই বয়তক “বয়তে ৰিজৱান” বুলি বিখ্যাত হৈ পৰে । এই বয়তত অংশ লোৱা কেইবাজনো চাহাবাই পাছৰ বছৰ এইফালে আহোতে সেই নিদিষ্ট গছ জোপা বিছাৰি উলিয়াব পৰা নাছিল, হয়তো আল্লাহে এই গছজোপাৰ বিষয়ে চাহাবা(ৰা:) সকলক পাহৰাই দিলে । এই বয়তৰ খবৰ অতি সোনকালে মক্কাৰ কোৰাইছ সকলেও পালে , এই ভুল বুজা বুজিয়ে যাতে খাণ্ডব দাহৰ সৃষ্টি নকৰে তাৰ বাবে কোৰাইছ সকলে অলপো বিলম্ব নকৰি উছমান(ৰা:)ক মক্কাৰ পৰা ঘূৰাই পঠাই , উছমান(ৰা:)ক ঘূৰি অহা দেখি মুছলমানৰ চাউনীত আনন্দৰ জোৱাৰ উঠে , সকলোৱে স্বস্তিৰ নিশ্বাহ পেলালে । কোনো কোনোৱে কোৱা মেলা কৰিলে – “উছমান সচাই খুব সৌভাগ্যবান , নিশ্চয় তেঁও আল্লাহৰ ঘৰত তোৱাফ কৰি আহিছে” , এই কথা শুনি ৰছুল(ছ:)এ কলে –“মই ভাবো তেঁও তোৱাফ নকৰাকৈয়ে ঘূৰি আহিছে” । চাউনীত প্রবেশ কৰাৰ লগে লগে সকলোৱে আনন্দতে তেখেতক আকোৱালি ধৰিলে , সুকলমে তেখেতক ঘূৰি অহা দেখি সকলো চাহাবাৰে আগৰ উদ্বিগনতা নাইকিয়া হৈ এতিয়া ভাবিব ধৰে যে নিশ্চয় তোৱাফ কৰাৰ কাৰণে ইমান দেৰি হৈ গ’ল আমিহে এই মহৎ কামৰ পৰা বঞ্চিত হৈ ৰলো, কোনো এজনে কৈয়ে পেলালে – “উছমান তুমি সচাই খুব ভাগ্যবান সুকলমে ঘূৰি আহিব পাৰিছা যেতিয়া নিশ্চয় আল্লাহৰ ঘৰৰ ও তোৱাফ কৰিয়ে আহিছা” , এই কথা শুনি উছমান(ৰা:)এ খঙেৰে চিঞৰি উঠিল –“তোমালোকে কেনেকৈ ভাবিব পাৰিলা যে আল্লাহৰ ৰছুল(ছ:)ক ইয়াত এৰি থৈ মক্কাত গৈ মই অকলে আল্লাহৰ ঘৰত তোৱাফ কৰিম , আল্লাহৰ কচম মই যদি এবছৰ বা তাতকৈ বেছিদিন ও মক্কাত মুকলি ভাবে থাকিব পাৰিলো হেতেন তেতিয়াও মই আল্লাহৰ ৰছুল(ছ:)তকৈ আগতে কেতিয়াও তোৱাফ নকৰিলো হেতেন” । উছমান(ৰা:)ৰ ৰছুল(ছ:)ৰ প্রতি থকা গভীৰ মৰম আৰু ভাল পোৱা দেখি ৰছুল(ছ:)এ মিচিকিয়াই হাঁহিলে আৰু বাকি সকলো মনে মনে থাকিল ।
‘বয়তে ৰিজৱান’ৰ খবৰে মক্কাৰ পৰিবেশ আৰু উত্তেজনা ময় কৰি তুলিলে ,সকলো লোক যথেষ্ঠ শংকিত হৈ উঠিল যে এই শান্তিময় পৰিবেশ ধ্বংস কৰি এই পবিত্র মাহত এই পবিত্র ভূমিত এতিয়া যি কোনো মূহূর্ত্ততে হিংসাৰ দাবানল জ্বলি উঠিব পাৰে , কোৰাইছ সকলে মক্কাত সৃষ্টি হোৱা এই শংকাপূর্ণ উত্তেজনাময় পৰিস্থিতিৰ কিছু হলেও শাম কটাবলৈ তাততৈয়াকৈ ‘মিকৰাছ ইবনে হাফচ’ নামৰ এজন কোৰাইছক প্রতিনিধি হিচাপে হুদাইবিয়ালৈ পঠালে , আল্লাহৰ ইচ্ছাত ৰছুল(ছ:)এ তেঁওক দূৰতে চিনিব পাৰিলে আৰু চাহাবা সকলক কলে –“ মিকৰাছ থিক মানুহ নহয় , ইয়াৰ পৰা সমস্যাটোৰ কোনো সমাধান সূত্র নোলাব” , সচাকৈয়ে ‘মিকৰাছৰ’ লগত আল্লাহৰ ৰছুল(ছ:)এ কৰা আলোচনাৰ অলপো আগ নাবাঢ়িল ।
ততাতৈয়াকৈ ‘মিকৰাছক’ পঠোৱাৰ পাছত হে কোৰাইছ সকলে উপলব্ধি কৰিলে যে কোৰাইছ সকলৰ মর্য্যদা সম্পন্ন কোনো নেতাকহে মুছলমান সকলৰ লগত আলোচনাৰ বাবে পঠোৱা উচিত আছিল । তেঁও লোক সকলোৱে পুণৰ আলোচনাত মিলিত হৈ কোৰাইছসকলৰ সকলোৰে ওচৰত সন্মানিত তথা উচ্চ মর্য্যদা সম্পন্ন নেতা “ছোহাইল ইবনে আমৰ” ৰ নেতৃত্বত তিনিজনীয়া এটা উচ্চস্তৰীয় প্রতিনিধিৰ দল পুণৰ হুদিবিয়ালৈ পঠায় । ‘মিকৰাছৰ’ লগত আলোচনা বন্ধ হোৱাৰ উপক্রম হওতেই এই দলটো আহি পালেহি , ‘ছোহাইল’ আছিল মক্কাৰ আটাইতকৈ সন্মানিয় লোক সকলৰ মাজৰ এজন , কোৰাইছৰ হৈ যিকোনো সিদ্ধান্ত লবৰ বাবে মক্কাত যি উচ্চস্তৰীয় কমিটি আছিল সেই কমিটিৰ অন্যতম প্রধান ব্যক্তি আছিল “ছোহাইল ইবনে আমৰ” । নিজাববিয়াকৈ কোৰাইছৰ হৈ যিকোনো সিদ্ধান্ত লোৱাৰ অধিকাৰ তেঁওৰ আছিল । বদৰৰ যুদ্ধত বন্দী হঁওতে ‘ছোহাইল’ৰ ব্যক্তিত্বৰ প্রতি সন্মান জনাই আল্লাহৰ ৰছুলে(ছ:) ছোহাইলক নিজৰ ঘৰত নিজৰ লগত ৰাখিছিল । ছোহাইলৰ দৰে উচ্চ মর্য্যদা সম্পন্ন এজন কোৰাইছক বন্দী অবস্থাত দেখি ৰছুল(ছ:)ৰ এগৰাকী পৰিবাৰে কৈ পেলালে –“এনে এজন সন্মানীয় ব্যক্তি এনে দৰে অপমানিত হোৱাটো নিশ্চয় ভাল কথা হোৱা নাই” । লগে লগে ৰছুল(ছ:)এ বিবি গৰাকিক শুধিলে “তুমি কি ছোহাইলৰ পক্ষত” ? তওবা কৰি উক্ত বিবিগৰাকিয়ে কৈ উঠিল –‘ভুলতেহে মোৰ মুখৰ পৰা এনে কথা ওলাই গ’ল , মই নিশ্চয় সদায় আপোনাৰে পক্ষত’ । ‘ছোহাইল’ আছিল কোৰাইছ সকলৰ মাজৰ আন্যতম বগ্মীপুৰুষ ,গম্ভীয্যপূর্ণ কথাৰে যি কোনো মানুহকে তেঁও বশ কৰি পেলাইছিল , তর্ক যুদ্ধত সকলোৱে তেঁওৰ ওচৰত সদায়ে হাৰ মানিছিল । সেয়েহে ওমৰ(ৰা:)এ বন্দী অবস্থাতে ছোহাইলৰ জিভা খন কাতি পেলাবলৈ ৰছুল(ছ:)ৰ পৰা অনুমতি বিছাৰিছিল , যাতে তেঁও আৰু কেতিয়াও ইছলামৰ বিৰুদ্ধে কোনো কথা কব নোৱাৰে । ৰছুল(ছ:)এ তেতিয়া কলে –“ মই এজন নবি , আৰু যুদ্ধবন্দীক অংগক্ষত কৰিবলৈ মই অনুমতি দিব নোৱাৰো” তাৰ পাছত ওমৰ(ৰা:)ৰ ফালে চাই কলে “এদিন এইখন জিভাই এনে কথা কব যে তুমি আনন্দিত হৈ যাবা” । মক্কা বিজয়ৰ পাছত ছোহাইল(ৰা:)এ ইছলাম গ্রহণ কৰিছিল । যেতিয়া মুছলমানৰ হাতত মক্কা বিজয় হয় তেতিয়া ভয়তে মক্কাৰ সকলো লোকেই ইছলাম গ্রহণ কৰি লৈছিল , কিন্তু সকলোৰে অন্তৰত ঈমান মজবুত হোৱা নাছিল , তাৰ দেৰ বছৰ মানৰ পাছত ৰছুল(ছ:)ৰ ইন্তেকালৰ লগে লগে এনেকোৱা বহুতো মুছলমানে ইছলাম ধর্ম ত্যাগ কৰি পুণৰ বোপা-ককাৰ ধর্মলৈ ঘূৰি যায় , দুই এজনে কাবা ঘৰত গৈ ঘোষণা কৰেগৈ যে এতিয়া আৰু ইছলাম মনি চলাৰ কোনো কাম নাই যিহেতো মহম্মদৰ(ছ:) মৃত্যু হৈ গৈছে , সেই সময়ত মক্কাত এক অৰাজক পৰিস্থিতিৰ সৃষ্টি হয় , ৰছুল(ছ:)এ মক্কাৰ প্রশাসক হিচাবে নিযুক্তি দি যোৱা লোক জনে নিজৰ প্রাণৰ ভয়ত আত্মগোপন কৰে , কিয়নো মক্কা বিজয়ৰ পাছত মক্কাৰে এজনক প্রশাসক নিযুক্ত কৰি মদিনাৰ পৰা অহা সকলো চাহাবাই ৰছুল(ছ:)ৰ লগতে মদিনালৈ ঘূৰি যায় , ৰছুল(ছ:)ৰ মৃত্যুৰ লগে লগে মক্কাত পুণৰ এক ভাতৃঘাটি সংঘর্ষৰ সূত্র পাত হোৱাৰ উপক্রম হ’ল । সেই সময়ত তেনে পৰিস্থিতি শান্ত কৰিবলৈ আগবাঢ়ি আহিল “ছোহাইল ইবনে আমৰ”(ৰা:) । তেখেত(ৰা:)এ পবিত্র কাবাঘৰত ঠিয় হৈ গুৰু গম্ভীৰ কণ্ঠেৰে মক্কাৰ লোক সকলক সম্বোধন কৰি এক অন্তৰ স্পর্শা খুতবা প্রদান কৰি কয় – “হে সন্মানিয় মক্কাৰ লোকসকল ; মহম্মদ(ছ:)ৰ জীবন কালত ইছলাম গ্রহণ কৰা আমিয়ে আছিলো শেষ দল আৰু এতিয়া মহম্মদৰ(ছ:) মৃত্যুৰ লগে লগে ইছলাম ত্যাগ কৰা প্রথম দল হিচাবে আমি নিজকে ইতিসাহত লিপিবদ্ধ কৰাম নে” ? এনেকৈ ‘ছোহাইল’(ৰা:)এ কাবাঘৰৰ পৰা দিয়া দীঘলীয়া অন্তৰ স্পর্শা খুতবাটোৱে মক্কাৰ লোক সকলক শান্ত কৰে আৰু কোনো বিঘিনী নঘটাকৈ পৰিস্থিতিৰ শাম কাতে ।
এবাৰ ওমৰ(ৰা:)ৰ খিলাফতৰ সময়ত ‘আবু ছোফিয়ান’(ৰা:)ৰ লগত ‘ছোহাইল’(ৰ:)এ খলিফাৰ দৰবাৰত উপস্থিত হঁওতে দৰবাৰৰ প্রহৰীয়ে বিলাল(ৰা:) আৰু বদৰী চাহাবা সকলক বেছি গুৰুত্ব দিয়া যেন অনুভব কৰি ‘আবু ছোফিয়ান’(ৰা:)এ খঙেৰে কৈ উঠিল –“দেখিছানে এইখন মেহফিলত আমাতকৈ গোলামৰ মর্য্যদা হে বেছি”, তেতিয়া ছোহাইল(ৰা:)এ ‘আবু ছোফিয়ান’(ৰা:)ক কলে –“খং নিজৰ ওপৰতহে কৰা উচিত , কিয়নো যেতিয়া আল্লাহৰ ৰছুল(ছ:)এ সকলোকে ইছলামৰ দাৱাত দি আছিল তেতিয়া আমি অহংকাৰৰ বাবে তেখেত(ছ:)ৰ কথাত কোনো গুৰুত্বই দিয়া নছিলো বৰঞ্চ আমি যিমান পাৰো ইছলামৰ বিৰুধিতা হে কৰিছিলো , সেই সময়ত কোনোৱে ইছলাম গ্রহণ কৰা মানে বাঘৰ নেগুৰেৰে কাণ খজোৱাৰ দৰে কথা আছিল, কিন্তু মৃত্যুলৈ অলপো ভয় নকৰি ‘বিলাল’(ৰা:) আৰু লগৰীয়া (বদৰী চাহাবা)সকলে ইছলাম গ্রহণ কৰিছিল, সেয়ে হে মহান আল্লাহে এঁওলোকক এই দুনীয়াতো বহুত মর্য্যদা দান কৰিছে আৰু আখিৰাততো নিশ্চয় আমাতকৈ বেছি মর্য্যদা দান কৰিব”, “এতিয়া আমি আমাৰ মর্য্যদা বৃদ্ধি কৰাৰ এটাই উপাই আছে সেইটো হ’ল –এতিয়া আমি আমাৰ বাকী থকা জীৱনৰ প্রতিটো মূহূর্ত্ত আল্লাহৰ নির্দেশ মতে ছলিব লাগিব আৰু বেছি বেছিকৈ জিহাদত অংশ গ্রহণ কৰিব লাগিব” । ‘ছোহাইল ইবনে আমৰ’(ৰা:) এজন প্রকৃত ইমানদাৰ মুছলমান হৈ ওমৰ(ৰা:)ৰ খিলাফতৰ সময়ত ছিৰিয়াত গৈ ৰোমান সকলৰ বিৰুদ্ধে কৰা যুদ্ধত শ্বহীদ হৈ জন্নত লাভ কৰাৰ হকদাৰ হৈ পৰে ।
আল্লাহৰ ইচ্ছাত ৰসুল(ছ:)এ ‘হুদাইবিয়া’ৰ ওচৰ পোৱাৰ আগতেই দূৰৰ পৰাই ‘ছোহাইল’ৰ দলটোক চিনি পাই চাহাবা সকলক কলে –“সৌৱা ছোহাইল ইবনে আমৰ আহি আছে , মহান আল্লাহে নিশ্চয় ছোহাইলক আমাৰ কাৰণে শুভ লক্ষণ হিচাবে পঠিয়াইছে , কিয়নো ছোহাইল মানে হ’ল যি কোনো কাম সহজ হৈ যোৱা , এতিয়া নিশ্চয় আল্লাহে সকলো বিলাক কথা সহজ কৰি দিব । কুলক্ষণক বিশ্বাস কৰাটোক ৰছুল(ছ:)এ শ্বীর্ক বুলি কৈছে আৰু শুভ লক্ষণক আল্লাহৰ ফালৰ পৰা ৰহমত বুলি বিশ্বাস কৰিব শিকাইছে ।
এই পবিত্র মাহত এই পবিত্র স্থানত ৰছুল(ছ:)এ ৰক্তপাত হোৱাটো একেবেৰে বিছৰা নাছিল , সেয়েহে কোৰাইছৰ এই দলটোক দেখি চাহাবা সকলে শুণাকৈ কলে –“যদি মুছৰিক বিলাকে আল্লাহ আৰু ইছলামৰ কিবা অসন্মান কৰি কোনো স্বত্ব আৰূপ নকৰে তেন্তে তেঁওলোকৰ সকলো স্বত্বই মানি লম”। ছোহাইল আৰু লগৰিয়া সকলৰ লগত ৰছুল(ছ:)ৰ গাম্ভিয্যপূর্ণ আলোচনা আৰম্ভ হয় , বহু সময় আলোচনাৰ অন্তত দুয়োপক্ষই কিছুমান স্বত্বত মান্তি হৈ এক সন্ধি পত্র লিখি উলিয়াবলৈ সিদ্ধান্ত লয়, ৰছুল(ছ:)ৰ নির্দেশত আলি(ৰা:) এই সন্ধি পত্রখন লিখিবৰ বাবে আগবাঢ়ি আহিল, ৰছুল(ছ:)এ প্রথম নির্দেশ দি কলে আৰম্ভনিতে লিখা -“বিছমিল্লাহীৰ ৰাহমানিৰ ৰাহিম”, মক্কাৰ মুছৰিক বিলাক আল্লাহৰ “ৰহমান” আৰু “ৰহিম” নামৰ বিষয়ে অবগত নাছিল বাবে ছোহাইলে আপত্তি কৰি কলে – “কোনো ৰহমান আৰু ৰহিমক আমি নাজানো, গতিকে আমি সকলোৱে সচৰাচৰ কোৱাৰ দৰে লিখা ‘বিছমিকা আল্লাহুম্মা’, “বিছমিল্লাহিৰ ৰাহমানিৰ ৰাহিম” বুলি লিখাটো মক্কাৰ মুছৰিক বিলাকৰ বাবে কোনো বিশেষ আপত্তি কৰিব লগা বিষয় নাছিল কিন্তু আৰম্ভনিতেই আপত্তি কৰি ছোহাইলে বুজাই দিব বিছাৰিছিল যে সন্ধিখন মুছলমানৰ নির্দেশ মতে নহব বৰঞ্চ মক্কাৰ কোৰাইছ সকলে বিচৰাৰ দৰে হে হব লাগিব । ৰছুল(ছ:)এ বিষয়টোত বিশেষ গুৰুত্ব নিদি আলি(ৰা:)ক তেনেকৈয়ে আৰম্ভ কৰিবলৈ কলে, পুণৰ আলি(ৰা:)ক লিখিবলৈ নির্দেশ দি কলে লিখা –“এই সন্ধি হৈছে মুছলমানৰ হৈ আল্লাহৰ ৰছুল মহম্মদ(ছ:) আৰু মক্কাৰ কোৰাইছৰ হৈ ছোহাইল ইবনে আমৰৰ মাজত” , এই দৰে লিখা হৈ যোৱাৰ পাছত ছোহাইলে আপত্তি কৰি কৈ উঠিল –“আল্লাহৰ ৰছুল মহম্মদ(ছ:) বুলি লিখাটো আমি নামানো, তোমাক যদি আমি ‘আল্লাহৰ ৰছুল’ বুলি মানি লও তেন্তে আমি কিয় তোমালোকক পবিত্র কাবা ঘৰলৈ যোৱাত বাধা দি আছো, ইতিমধ্যে বিস্তৰ ক্ষতি হৈ যোৱা বদৰ উহুদ আদি যুদ্ধ বিলাকৰে বাৰু কি অর্থ থাকিল” । গতিকে “আল্লাহৰ ৰছুল মহম্মদ(ছ:)” টো কাতি তাৰ সলনি লিখা “মুহম্মদ বিন আব্দুল্লা” , ছোহাইলৰ এনে কথাত চাহাবা সকলে অপমান বোধ কৰি আপত্তি কৰি উঠিল ফলত এক হূলস্থোলিয়া পৰিবেশৰ সৃষ্টি হ’ল, ৰছুল(ছ:)এ পৰিস্থিতিটো নিয়ন্ত্রণ কৰিবলৈ কৈ উঠিল –“তোমালোকে মানি নললেও মই আল্লাহৰ ৰছুললেই হয়, তোমালোকে অস্বীকাৰ কৰাৰ কাৰণেই সত্যটো নোহোৱা হৈ নাজায়”, তাৰ পাছত আলি(ৰা:)ক “মুহাম্মদৰ ৰচুলোল্লাহ” শব্দটো কাটি তাৰ সলনি “মহম্মদ ইবনে আব্দুল্লাহ” লিখিবলৈ কলে, এইবাৰ আলি(ৰা:)এ আপত্তি কৰি কলে – “মুহাম্মদৰ ৰচুলুল্লাহ”ক কাটি নোহোৱা কৰাৰ ক্ষমতা মোৰ নাই এইকাম মোৰ দ্বাৰা নহব” , আলি(ৰা:)এ ৰছুল(ছ:)ক ইমানেই সন্মান কৰিছিল যে তেখেত(ছ:)ৰ নামৰ ওপৰতও চুৰি ছলাবলৈ সন্মত নাছিল,ৰছুল(ছ:)ৰ নির্দেশ অমান্য কৰি প্রকৃততে আলি(ৰা:)এ ৰছুল(ছ:)ক সন্মান হে জনাইছিল, আল্লাহৰ ৰছুল( ছ:)এ বিশেষ এক চাৱনি দি কলে – ‘হে আলি তুমিও এদিনাখন মোৰদৰে এনে এক পৰিস্থিতিত পৰিবা, তুমি অনিচ্ছা স্বত্বেও বিপৰীত পক্ষৰ ইচ্ছা অনুসৰি সন্ধিৰ স্বত্বত মান্তি হ’ব লগা হব’ । উক্ত সন্ধিখন আল্লাহৰ ৰছুল( ছ:)ৰ ইন্তেকালৰ প্রায় ২৬ বছৰ মানৰ পাছত চতুর্থ খলিফা ‘আলি’(ৰা:) আৰু ‘মাবীয়া’(ৰা:)ৰ মাজত, এই সন্ধিখনতও বিপৰীত পক্ষই “খলিফাতুল মুছলিমিন আলি ইবনে তালিব” শব্দটো কটাই “আলি ইবনে তালিব” শব্দটো লিখুৱাইছিল । তাৰ পাছত আল্লাহৰ ৰছুল( ছ:)এ “নিজ হাতেৰে “ৰচুলুল্লাহ” শব্দটো কাতি দি “মহম্মদ ইবনে আব্দুল্লাহ” লিখি দিয়ে যদিও ৰছুল( ছ:)এ ভালদৰে আখৰ লিখিব পৰা নাছিল” (বুখাৰী হদিছ নং-৪২৫১) এনেতে পৰিস্থিতিটো শান্ত হয় । সেই সময়ত আজিৰ দৰে কাগজ কলম নাছিল, এই সন্ধি পত্রখন ছামৰাৰ ওপৰত চুৰিৰে কাতি কাতিহে লিখা হৈছিল ।
ৰছুল(ছ:)এ পৰিস্থিতিটো নিজৰ নিয়ন্ত্রণলৈ আনি ছোহাইলক উদ্দেশি কলে –“আমাক ওমৰাহ কৰাত বাধা নিদিবা”, ছোহাইলে কৈ উঠিল -“এই বাৰ ওমৰাহ কৰিবৰ বাবে কোনোপধ্যেই দিয়া নহব, অহা বছৰৰ পৰা হে দিয়া হব আৰু কোৰাইছৰ স্বত্ব মতে হে দিয়া হব” । মক্কাৰ পৰা হুদাইবিয়ালৈ আহোতে ছোহাইলক কোৰাইছৰ সকলো প্রধান প্রধান নেতাই এটা কথাত আটাইতকৈ বেছি গুৰুত্ব সহকাৰে পৰামর্শ দি পঠাইছিল যাতে এইবছৰ মুছলমান সকলক যি কোনো কাৰণতে ওমৰাহ কৰিবলৈ দিয়া নহয় । মুছলমান সকল মক্কালৈ অহাৰ এটাই মাত্র উদ্দেশ্য আছিল সেইটো হ’ল ওমৰাহ কৰা । সেয়েহে ৰছুল(ছ:)এ ছোহাইলৰ এই কথাটো অলপো ভাল নাপালে আৰু চাহাবা সকলৰ লগত বিষয়টো আলোচনা কৰিব ধৰে , তেনেতে ছোহাইলে প্রথম বাৰৰ বাবে নিজৰফালৰ পৰা এটা স্বত্ব দি কলে –“অহা বছৰৰ পৰা ওমৰাহ কৰিবলৈ আহিব পাৰিবা কিন্তু বাটত আত্মৰক্ষাৰ বাবে পয়োজন হোৱা সৰু সৰু অস্ত্রহে লগত আনিব পাৰিবা , যুদ্ধত ব্যবহাৰ কৰা কোনো অস্ত্র লগত আনিব নোৱাৰিবা”, এই স্বত্বটোৰ ওপৰত আলোচনা ছলি থাকোতেই ছোহালে যিটো নতুন স্বত্ব দিলে সেইটো আছিল মুছলমান সকলৰ কাৰণে চুৰান্ত অপমান জনক , ছোহাইলে কলে –“এতিয়াৰ পৰা মক্কাৰ কোনো পুৰুষ মুছলমান হৈ মদিনালৈ গুছি যায় তেতিয়া হলে কোৰাইছ সকলে সেই লোক জনক মদিনাৰ পৰা ঘুৰাই আনিব আৰু যদি কোনো মুছলমান লোক মদিনাৰ পৰা ইছলাম এৰি মক্কালৈ গুছি আহে কোৰাইছ সকলে তাক ঘুৰাই নিদিয়ে” , এনে অপমানজনক যেন লগা স্বত্ব শুনি সকলো চাহাবা খঙত উত্তেজিত হৈ উঠিল, এজন নতুনকৈ হোৱা মুছলমান ভাইক কাফিৰৰ হাতত গতাই দিব লাগিব , ই কেনেকৈ সম্ভব হব পাৰে , আল্লাহ আৰু আল্লাহৰ ৰছুল(ছ:)এ মুছলমান ভাইৰ হকৰ কাৰণে নিজৰ জীৱন পয্যন্ত দিবলৈ কোণ্ঠাবোধ নকৰিবলৈ শিক্ষা দিছে অথচ ছোহালে এইটো কি স্বত্ব আৰূপ কৰিব বিছাৰিছে , এনেকোৱা কোনো স্বত্ব মুছলমান সকলৰ ফালৰ পৰা মানি লোৱাৰ কোনো সাম্ভাবনাই নাছিল । সকলো মুছলমানে ভীষণ ভাবে উত্তেজিত হৈ উঠিল , যিমান উত্তেজিত নহলেও ৰছুল(ছ:)ৰ উপস্থিতিত সকলোৱে কিন্তু নিজকে যিমান পাৰি শান্ত কৰি ৰাখিবলৈ চেষ্টা কৰিলে , ৰছুল(ছ:)ৰ সামান্য এটা ইংগিতৰ বাবে সকলোৱে উদ্বিগনতাৰে বাট চাই ৰ’ল , ইংগিত পালেই কাফিৰ বিলাকৰ ওপৰত জপিয়াই পৰিবৰ বাবে প্রস্তুত হৈ থাকিল কিয়নো সকলো চাহাবাই প্রায় নিশ্চিত হৈ পৰিছিল যে সন্ধিৰ প্রচেষ্টা ইমানতে ইতি পৰিব আৰু এতিয়া যুদ্ধৰ সময় । কিন্তু এতিয়াও আৰু এটা বেদনাপূর্ণ, জটিল , হৃদয় বিদাৰক নাটকৰ আবতাৰণা হবলৈ বাকীয়ে আছিল , মহান আল্লাহে কঠোৰ ভাবে সেই মুছলমানৰ দলটোৰ ইমানৰ পৰীক্ষা লব বিছাৰিছিল । আল্লাহৰ ইচ্ছাত সেই উত্তেজনা পূর্ণ স্পর্শ কাটৰ মূহূর্ত্ততে সেই স্থানত হাত ভৰিত লোহাৰ চিঙা শিকলি আৰু সমগ্র শৰীৰতে অত্যাচাৰৰ দাগ লৈ উপস্থিত হ’ল ইতিমধ্যে মুছলমান হোৱা চোহাইলৰ সৰু পুত্র “আবুজিন্দাল” ।
ছোহাইল ইবনে আমৰৰ দুজন লৰা আছিল , ডাঙৰ জন ‘আব্দুল্লাহ’ আৰু সৰু জন ‘আবুজিন্দাল’ বহু আগতেই দুয়োজনে ইছলাম গ্রহণ কৰি লৈছিল , মক্কাৰ মুছৰিক সকল এই বিষয়ে অবগত নাছিল । মক্কাত ছোহাইলৰ মর্য্যদা কিমান দুয়ো পুত্রই ভাল দৰেই জানিছিল সেয়েহে মুছলমান হৈ যোৱাৰ এই কথাটো যিমান পৰা যায় গোপণে ৰাখি মক্কাৰ পৰা পলাই যাবলৈ সুযোগ বিছাৰি আছিল । বৰপুত্র ‘আব্দুল্লাহে’ বদৰৰ যুদ্ধৰ সময়ত এই সুযোগ গ্রহণ কৰে, ‘আব্দুল্লাহে’ বদৰৰ যুদ্ধৰ সময়ত মুছলমানৰ বিৰুদ্ধে যুজ দিবলৈ প্রস্তুত হোৱা কোৰাইছৰ বাহিনীত যোগদান কৰি বদৰৰ ময়দান পর্য্যন্ত কোৰাইছৰ লগতে আহে । বদৰত আহি কোৰাইছ সকল মুছলমান বাহিনীৰ মুখামুখি হোৱাৰ লগে লগে ‘আব্দুল্লাহে’ মক্কাৰ পৰা অহা কোৰাইছ বাহিনীৰ লগ এৰি মুছলমানৰ বাহিনীত যোগদান কৰে আৰু মুছলমানৰ হৈ কোৰাইছৰ বিৰুদ্ধে যুদ্ধত অংশ লয় । এই ঘটনাই ছোহাইলক ভীষণ ভাবে ব্যাথিত কৰে , মক্কাৰ সকলোৰে ওচৰত তেঁও ভীষণ অপমানিত হব লগা হয় , কোৰাইছৰ এজন নেতা হিচাবে তেঁওৰ যি মর্য্যদা আছিল এই ঘটনাই তাক বহুত লাঘব কৰি দিয়ে , বৰপুত্রৰ এনে কার্য্যই চোহাইলক মানসিক ভাবেও যথেষ্ঠ ভাঙি পেলাইছিল কিয়নো বদৰৰ যুদ্ধত ‘যুদ্ধবন্দি’ হৈ ছোহাইলক পাচফালে হাত বান্ধি শাৰী পতাই যেতিয়া মদিনালৈ অনা হৈছিল তেতিয়া তেঁওৰ বৰপুত্র ‘আব্দুল্লাহে’ মুছলমানৰ পক্ষত থাকি এই দৃশ্য লক্ষ্য কৰি থকা তেঁও দেখিছিল । বদৰৰ যুদ্ধত ‘আব্দুল্লা’ই কোৰাইছৰ লগ এৰি মুছলমানৰ পক্ষলৈ গুছিযোৱাৰ খবৰ পোৱাৰ পাছত হে ‘আবুজিন্দালে’ বুজিব পাৰিলে যে ই তেঁওৰ বাবেও এটা সুবর্ণ সুযোগ আছিল , কিন্তু নিজৰ নির্বুদ্ধিতাৰ কাৰণেই এই সুযোগটো হেৰুৱাই পেলালে , কিয় যে বদৰলৈ গৈ এনে এটা সুবিধা গ্রহণ নকৰিলে ভাবি নিজকে অভিশাপ দিব ধৰে , নিজৰ ওপৰতে খং কৰি তেঁও যে ইতিমধ্যে ইছলাম গ্রহণ কৰি লৈছে কথাটো সকলোকে মুকলিকৈ কব ধৰে , এই খবৰে ঘৰ তথা পৰিয়ালৰ সকলোৱে ভূতৰ ওপৰত দানহ যেন অনুভব কৰিলে প্রথমে সকলোৱে মিলি ‘আবুজিন্দাল’ক মৰমেৰে বুজাবলৈ চেষ্টা কৰি ব্যর্থ হৈ লাহে লাহে মানসিক আৰু শাৰীৰিক অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰি দিয়ে , মনে মনে পলাই যাতে যাব নোৱাৰে তাৰ বাবে ‘আবুজিন্দাল’ক হাতে ভৰিয়ে লোৰ শিকলি বান্ধি ঘৰতে বন্দি কৰি ৰখা হৈছিল , বদৰৰ যুদ্ধৰ পাচৰ পৰা প্রাই চাৰে চাৰি বছৰতকৈও (Four and half years) বেছি সময় তেঁওক বন্দী কৰি ৰাখি অত্যাচাৰ কৰি আছিল , কেতিয়াবা পলাবৰ বাবে সুযোগ পালেও যাত্রাৰ বাবে কোনো ব্যবস্থা নোহোৱাকৈ মক্কাৰ পৰা মদিনালৈ পলাই যোৱাটো কোনোমতেই সম্ভব নাছিল ; খাদ্য,পানী আৰু বাহনৰ ব্যবস্থা নোহোৱাকৈ মৰুভূমিত যাত্রা কৰা মানে জানি বুজি মৃত্যুক আকোৱালি লোৱা । যেতিয়া ‘আবুজিন্দালে’ কেনেবাকৈ জানিব পৰিলে যে মুছলমানৰ এটা বৃহৎ দল আহি হুদিবিয়াত আবস্থান কৰি আছেহি , লগে লগে তেঁও কেনেকৈ পলাই গৈ মুছলমানৰ এই দলটোৰ লগ লাগিব পাৰি তাৰ উপাই বিছাৰিব ধৰে , কিয়নো তেঁওৰ দৃঢ় বিশ্বাস আছিল যে কেনেবাকৈ গৈ মুছলমান সকলৰ লগ লব পৰিলেই তেঁওৰ সকলো বিলাক দুখ-কষ্টৰ যবনিকা পৰিব । সেয়েহে তেঁও প্রথমটো সুবিধাতে ঘৰৰ পৰা পলাইগৈ মুছলমানৰ চাউনীলৈ ধাপলি মেলিলে আৰু চাউনীৰ একেবাৰে ওচৰ পোৱাৰ আগতেই আনন্দতে দূৰৰ পৰাই চিঞৰী উঠিল –“হে মুছলমন ভাই সকল মই আহি গ’লো” , হুদাইবিয়াত তেতিয়া কি ছলি আছিল আবুজিন্দাল অলপো অবগত নাছিল , চাউনীৰ উচৰ পাই নিজৰ বাবাক ছোহাইল আৰু মিকৰাছকে আদি কৰি অন্যান্য কোৰাইছ সকলক দেখি তেঁওৰ মুখৰ মাত মুখতে হৰিল , খন্তেকতে তেঁও বুজি উঠিল যে হুদাইবিয়াৰ বতাহ তেঁওৰ অনুকোলে বৈ থকা নাই , ভয়ত তেঁও চিঞৰী উঠিল “হে মুছলমান ভাই সকল মই ইছলাম গ্রহণ কৰি মুছলমান হৈ গৈছো মই তোমালোকৰ ভাই হয়” । আবুজিন্দালক এনেকোৱা অবস্থাত এই স্থানত দেখি ‘ছোহাইল’ উত্তেজিত হৈ উঠিল, বৰপুত্রৰ কাণ্ডৰ বাবে লাঘব হোৱা সন্মান এতিয়া সৰু পুত্রই সম্পূর্ণ ধূলিৎসা কৰিব অহা দেখি তেঁওৰ হিতা হিত জ্ঞান হেৰোৱাৰ উপক্রম হ’ল ৰছুল(ছ:)লৈ চাই কঠিণ ভাবে কলে –“সন্ধিৰ এই স্বত্ব মতে আমাক ঘূৰাই দিব লগা এইজনেই হ’ল প্রথম ব্যক্তি” , তেতিয়ালৈকে কিন্তু এই স্বত্বটো সন্ধি পত্রত লিখা হোৱা নাছিল কিয়নো চাহাবা সকলে এই স্বত্বটোৰ ঘোৰ বিৰুধীতা কৰিছিল , মক্কাৰ কাফিৰ বিলাকৰ অত্যাচাৰৰ ভয়ত প্রায় প্রতি দিনেই এজন দুজনকৈ মুছলমান সকলে পলাই পলাই মদিনালৈ গৈ আছিল , ফলত মুছলমান সকলৰ শক্তিও শলপ অলপ কৈ হ’লেও বৃদ্ধি পায় আছিল, চাহাবা সকলে ভাবিছিল যে এই স্বত্বটো মানি লোৱাৰ লগে লগে এই প্রক্রিয়াটো সম্পূর্ণ ৰূপে বন্ধহৈ যাব আৰু মক্কাৰ লোকৰ বাবে ইছলাম গ্রহণ কৰাটো অসম্ভব হৈ পৰিব , তাৰ উপৰিও এজন মুছলমান ভাইক কেনেকৈ অত্যাচাৰ কৰিবৰ বাবে কফিৰৰ হাতত এৰি দিব পাৰি । ‘ছোহাইল’ৰ কথাত ৰছুল(ছ:)এ নম্রভাবে কলে –“এতিয়ালৈকে এই স্বত্বটো লিখা হোৱা নাই ,গতিকে এই লৰা জনক ৰেহাই দিয়া” , প্রত্যোত্তৰত ছোহাইলে দৃঢ় ভাবে কৈ উঠিল “হে মুহম্মদ(ছ:) যদি তুমি এই মূহূর্ত্তত ‘আবুজিন্দাল’ক ঘূৰাই নিদিয়া তেন্তে এইখন সন্ধী সম্ভব নহব , মই কোনো কাৰণতে এই কথাটো মানি লব নোৱাৰো”। সেই মূহূর্ত্তত বিষয়টো হৈ পৰিল ‘ছোহাইল’ৰ বাবে ব্যক্তিগত প্রতিস্থাৰ বিষয় , প্রয়োজন হলে যুদ্ধ কৰিবলৈ প্রস্তুত কিন্তু আবুজিন্দালক লগত নিহে এৰিব , কিয়নো তেঁও ভালদৰেই জানিছিল যে বিষয়টো চোহাইলৰ ব্যক্তিগত হলেও সকলো কোৰাইছে এই ক্ষেত্রত তেওঁক লগ দিব । সন্মুখতে সকলো সপোন ধূলিৰ লগত মিহলি হব ধৰা দেখি ‘আবুজিন্দালে’ চিঞৰী চিঞৰী কান্দি উঠিল , ইমান দিনে এই এটা সোপনলৈ তেঁও পৰিয়ালৰ লোকৰ সকলো অত্যাচাৰ নিৰবে সহ্য কৰি আহিছিল যে এদিন নিশ্চয় তেঁও মুছলমান সকলক লগ পাব আৰু তেঁওৰ সকলো দুখৰ অন্ত পৰিব কিন্তু এয়া কি ইমান দিনৰ সপোন হঠাতে দেখোন নোহোৱা হৈ যাব যেন অনুভৱ হৈছে , তেঁওৰ ধৈর্য্যৰ বান্ধ ভাঙি গ’ল আৰু হুকহুকাই কান্দি কান্দি শৰীৰৰ কাপোৰ আতৰাই ক্ষত বিক্ষত শৰীৰটো সকলোকে দেখুৱাই কব ধৰে-“চোৱা,হে মুছলমান ভাইসকল ! মোৰ ওপৰত কেনেকোৱা ধৰণৰ অত্যাচাৰ কৰা হৈছে , তোমালোকে মোক এই অত্যাচাৰৰ পৰা নবচাবানে ? মোক তোমালোকৰ দৰেই এজন মুছলমান বুলি নাভাবানে ? আশ্রয় দিয়া নহলে মোক মুছৰিক বিলাকে অত্যাচাৰ কৰি কৰি মাৰি পেলাব” । আল্লাহৰ ৰছুল(ছ:)এ ‘ছোহাইল’ক কলে “আমাৰ মাজত এইখন যি সন্ধি হব ওলাইছে ইয়াৰ উপহাৰ হিচাবে আবুজিন্দালক মোক দি দিয়া , তোমাৰ বাকী থকা আন সকলো স্বত্ব মানি লোৱা হব” । ছোহাইলে ৰূঢ় ভাবে কৈ উঠিল “ইয়াক উপহাৰ হিচাবেও দিয়া নহব” , ৰছুল(ছ:)এ বাৰে বাৰে কাতৰ ভাবে অনুৰুধ জনোৱাৰ পাছতও ছোহাইল এই ক্ষেত্রত মান্তি নহল । কান্দোনত ভাঙি পৰা ‘আবুজিন্দাল’ক শান্তনা দিবৰ বাবে আল্লাহৰ ৰছুল(ছ:)এ কলে –“হে আবুজিন্দাল ধৈর্য্য ধাৰণ কৰা , মহান আল্লাহে তোমাৰ কাৰণে নিশ্চয় কিবা ভাল ব্যবস্থা কৰিব”, ‘আবুজিন্দাল’ৰ হিয়া ভঙা কন্দোনে মুছলমান সকলকো কন্দোৱাই পেলাইছিল কিন্তু কোনেও কিবা কোৱাৰ বা কৰাৰ কোনো উপাই নাছিল কিয়নো আল্লাহৰ ৰছুল(ছ:)ক অগ্রাহ্য কৰি কিবা কৰাৰ সাহস কোনো চাহাবাৰে নাছিল, সেই সময়ত ওমৰ(ৰা:)এ ‘আবুজিন্দাল’ৰ একেবেৰে কাষলৈ গৈ কলে-“ধৈর্য্য ধাৰণ কৰা” আৰু কলে “মই ভাবো এই মূহূর্ত্তত এই মুছৰিক কেইটাৰ তেজৰ কোনো মূল্য নায়”, তাৰপাছত ইংগীতেৰে নিজৰ তৰোৱালখন দেখুৱালে অর্থাৎ ‘আবুজিন্দাল’ক বুজাবলৈ চেষ্টা কৰিলে যে – যিহেতু আমি কোৰাইছ সকলৰ লগত শান্তিৰ বাবে চেষ্টা ছলাই আছো গতিকে এই মূহূর্ত্তত আমি তৰোৱাল ছলাব নোৱাৰো কিন্তু তুমি এতিয়াও আমাৰ পক্ষৰ হোৱা নাই গতিকে তুমি মোৰ এই তৰোৱালখন লোৱা আৰু আটাইকেইতা মুছৰিককে হত্যা কৰি ইয়াৰ পৰা পলাই যোৱা । কিবা কাৰণত ‘আবুজিন্দালে’ তেনে নকৰিলে , হয়তো নিজৰ বাবাকৰ বিৰুদ্ধে হাতত তৰোৱাল লব নিবিচাৰিলে হয়তোবা আন কিবা কাৰণত । সেই দিনাখন মুছলমান সকলৰ মনৰ অৱস্থা কেনেকোৱা আছিল উপলদ্ধি কৰাটো খুবেই কঠিন , এই ঘটনাৰ বহুদিনৰ পাছত এজন উচ্ছ স্তৰৰ চাহাবা “ছাহাল ইবনে হানিফ”(ৰা:)এ কথা প্রসংগত এনেদৰে কৈছিল-“সেই আবুজিন্দালৰ দিনটোত(য়া’ওমে আবুজিন্দাল) আমি মুছলমান সকলে আমাৰ ইমানৰ শেষ সীমাতগৈ উপস্থিত হৈছিলোগৈ, ৰহমানুৰ ৰাহিম আল্লাহে ৰহম নকৰা হলে আমি ইছলামৰ পৰা বাহিৰ হৈয়ে গলো হেতেন” । ‘ছাহাল’(ৰা:)এ হুদাইবিয়াৰ সন্ধিৰ সেই দিনটোক “আবু জিন্দালৰ” দিন বুলি উল্লেখ কৰিছিল ।
সেই মূহূর্ত্তত পৰিস্থিতিৰ কিছু্ হলেও শাম কতাবলৈ মিকৰাছে মাতলগাই কলে –“মই মক্কাৰ কোৰাইচৰ হৈ প্রতিশ্রুতি দিছো যে ‘আবুজিন্দাল’ক আৰু কোনো অত্যচাৰ কৰা নহব” , আল্লাহৰ ৰছুল(ছ:) মান্তি হৈ যোৱাত ইমানতে ‘আবুজিন্দাল’ক মক্কালৈ ঘূৰাই পঠোৱা হয় আৰু শান্তি চুক্তিৰ বাবে দুয়োপক্ষৰ মাজত পুণৰ আলোচনা আৱম্ভ হয় । দুয়োপক্ষ এটা অতি গুৰুত্বপূর্ণ বিষয়ত একমত হয় যে –‘অহা দহ বছৰলৈ দুয়োপক্ষই যুদ্ধবিৰতি মানি চলি শান্তি বাহাল ৰাখিব , যুদ্ধ সম্পূর্ণ ৰূপে পৰিহাৰ কৰিব । দ্বিতীয়তে আৰবৰ অন্যান্য জাতি গোষ্ঠী বিলাকে যি কোনো পক্ষৰ লগত শান্তি চুক্তি কৰি এই সন্ধিৰ আঁওতাত আহিব পাৰিব অর্থাৎ কোনো গোত্রই যদি মুছলমানৰ লগত শান্তি চুক্তি কৰে লগে লগে সেই গোত্রটোও হদাইবিয়াৰ সন্ধিৰ আঁওতাত আহি যাব আৰু মক্কাৰ মুছৰিক বিলাক বা তেঁওলোকৰ লগত শান্তি চুক্তি থকা আন আন গোত্রবিলাকে এই গোত্রটোৰ লগত যুদ্ধ কৰিব নোৱাৰিব । সেই দৰে কোৰাইছ সকলৰ লগতো কোনো গোত্রই চুক্তি কৰিলে মুছলমান সকলে বা মুছলমান সকলৰ লগত চুক্তি থকা কোনো গোত্রই উক্ত গোত্রটোৰ লগত যুদ্ধ কৰিব নোৱাৰিব। সন্ধিপত্র খনত সকলো বিলাক দফা লিখা হোৱাৰ পাছত মুছলমানৰ পক্ষৰ পৰা আল্লাহৰ ৰছুল(ছ:)এ নিজৰ মোহৰ মাৰি দিয়ে সাক্ষী হিচাবে স্বাক্ষৰ কৰে আবুবক্কৰ,ওমৰ, উছমান আৰু আলি(ৰ:)এ । নিজৰ ইচ্ছা মতে এখন সন্ধিপত্র প্রস্তুত কৰিব পাৰি ছোহাইল আৰু লগৰিয়া কেইজন আনন্দ মনেৰে মক্কালৈ ওভতি যায় । কিন্তু মুছলমান সকলৰ মাজত আনন্দৰ সলনি বিষাদ আৰু উদ্বিগনতাহে বিৰাজ কৰিছিল , কোনোৱে ভাবি পাৰ পোৱা নাছিল যে ইমান এখন অপমান জনক সন্ধি কিয় স্বীকাৰ কৰি লোৱা হ’ল , এই গোটেই সময় খিনিত কিন্তু আবু বক্কৰ ছিদ্দিক(ৰা:)এ কোনো উদ্বিগনতা নেদেখুৱাই নির্বিকাৰ ভাবে মনে মনে ৰছুল(ছ:)ৰ ওচৰে পাজৰে আছিল, কোনো উদ্বিগনতা তথা কোনো প্রতিক্রিয়া তেখেতৰ মুখত ফুতি উঠা নাছিল । কিন্তু বাকী চাহাবা সকলৰ মনত হাজাৰটা প্রশ্নই জোমোৰি দি থাকিল কিন্তু কোনো এজনেও মুখ খুলি ৰছুল(ছ:)ক শুধিবৰ বাবে সাহস নকৰিলে, এই খেত্রত দু:সাহস কৰিলে ওমৰ(ৰা:)এ, তেখেত(ৰা:)এ ৰছুল(ছ:)ৰ ওচৰলৈ আহি পোন পতিয়াকৈ শুধিলে –“হে আল্লাহৰ ৰছুল(ছ:) , আপোনি প্রকৃততেই আল্লাহৰ ৰছুল হয় নে নহয়” ? আল্লাহৰ ৰছুল(ছ:)এ এনেকুৱা এটা প্রশ্ন অন্তত: ওমৰ(ৰা:)ৰ পৰা এনে এটা মূহূর্ত্তত কেতিয়াও আশা কৰা নাছিল । খন্তেক সময় মনে মনে থাকি তেখেত(ছ:)এ শান্ত ভাবে উত্তৰ দি কলে -“নিশ্চয় মই আল্লাহৰ ৰছুল হয়” , তাৰ পাছত ওমৰ(ৰা:)এ আকৌ শুধিলে “আমি মুছলমান সকল সত্যত আছো নে নাই” ?, ৰছুল(ছ:) এ “আছো” বুলি উত্তৰ দিয়াত ওমৰ(ৰা:) এ পুণৰ সুধিলে “এই মুছৰিক বিলাক যদি আজিৰ এই অৱস্থাতেই মৰে ইঁহতক আল্লাহে জহন্নামত নিক্ষেপ কৰিব নে নাই” ? ৰছুল(ছ:)ৰ পৰা মুছৰিক বিলাক এই অৱস্থাতেই মৰিলে ইহঁতক আল্লাহে নিশ্চয় জহন্নামত নিক্ষেপ কৰিব বুলি কোৱা শুনাৰ লগে লগে ওমৰ(ৰা:)এ চিঞৰী উঠিল – “হে আল্লাহৰ ৰছুল তেনেহলে আমি কিয় এনে এখন অপমান জনক চুক্তি মানি লব লগা হল” ? কিছু সময় নিৰবে থাকি ৰছুল(ছ:)এ শান্ত ভাবে কলে –“মই এজন আল্লাহৰ ৰছুল হয়, আল্লাহক মই কেতিয়াও অমান্য কৰিব নোৱাৰো , আল্লাহে নিশ্চয় আমাক সহায় কৰিব” । অর্থাৎ ৰছুল(ছ:)এ যি কৰিছে সকলো আল্লাহৰ নির্দেশতে কৰিছে আল্লাহৰ বিনা নির্দেশত একো কৰা নাই, তেতিয়ালৈকে আল্লাহৰ ৰছুলেও(ছ:) পৰিস্কাৰ কৈ এই বিষয়ত একো বুজিব পৰা নাছিল কিন্তু তেখেত(ছ:)ৰ দৃঢ় বিশ্বাস আছিল যে সকলো বোৰ কথা কাণ্ডই যিহেতো আল্লাহৰ নির্দেশ মতেই হৈ আছে গতিকে আল্লাহে সহায় কৰিব নিশ্চয় । এনে উত্তৰত সন্তুষ্ট নহৈ ওমৰ(ৰ:)এ পুণৰ কলে “হে আল্লাহৰ ৰছুল(ছ:),আপুনিয়েই জানো কোৱা নাছিল আমি আল্লাহৰ পবিত্র ঘৰত তোৱাফ কৰিম বুলি” ? ৰছুল(ছ:)এ কলে “নিশ্চয় কৈছিলো , কিন্তু এই বছৰেই কৰিম এই বুলিতো কোৱা নাছিলো , আল্লাহেও নিদিষ্ট কৈ এই বছৰেই ওমৰাহ কৰিব লাগে বুলি কোৱা নাছিল, এতিয়াহে বুজিব পাৰিছো নিশ্চয়কৈ আমি অহা বছৰলৈ হে ওমৰাহ কৰিম” । ৰছুল(ছ:)ৰ উত্তৰে ওমৰ(ৰা:)ক অলপো সন্তুষ্ট কৰিব নোৱাৰিলে, এইবাৰ তেঁও আবুবক্কৰ ছিদ্দিক(ৰা:)ৰ ওচৰলৈ গৈ ৰছুল(ছ:)ৰ লগত হোৱা কথা বতৰা খিনি সবিশেষ জনাই তেখেতক(ৰা:) একে কেইতা প্রশ্নই কৰিলে, ওমৰ(ৰা:)ৰ কথা শুনি আবুবক্কৰ ছিদ্দিক(ৰা:) খঙত উত্তেজিত হৈ উঠিল আৰু খঙেৰে কলে –“হে মানুহটো ! তুমি নাজানা নে তেখেত(ছ:) আল্লাহৰ ৰছুল হয় আৰু ৰছুলে আল্লাহৰ নির্দেশ অমান্য নকৰে , আল্লাহৰ ৰছুল(ছ:)ৰ প্রতি এনে ব্যবহাৰ কৰিবলৈ তুমি ইমান সাহস কেনেকৈ গোটাব পাৰিলা ? ইয়ে নিশ্চয় তোমাৰ ধ্বংস মাতি আনিব, এতিয়াই যদি আল্লাহৰ গজব তোমাৰ ওপৰত নাজিল হয় ময়ো হয়তো তোমাৰ লগতেই ধ্বংস হৈ যাম , তুমি মোৰ ওচৰৰ পৰা এতিয়াই আতৰি যোৱা”। আবুবক্কৰ ছিদ্দিক(ৰা:)ৰ ধমক খাইহে ওমৰে(ৰা:) লাহে লাহে উপলদ্ধি কৰিব ধৰিলে কিমান যে এটা বেয়া পৰিবেশৰ সৃষ্টি কৰি পেলালে , লাহে লাহে তেখেতৰ(ৰা:) ভৰিৰ তলৰ মাটি নোহোৱা হোৱাৰ উক্রম হ’ল । ওমৰে(ৰা:) কোনো ব্যক্তিগত কাৰণত এনে কৰা নাছিল , ইছলাম আৰু আল্লাহৰ ৰছুলৰ(ছ:) অপমান হোৱা বুলি অনুভব কৰিহে নিজকে নিয়ন্ত্রন কৰি ৰাখিব পৰা নাছিল , সেই দিনটো মনত পেলাই বহুদিনৰ পাছত এবাৰ ওমৰে(ৰা:) কৈছিল –“ৰছুল(ছ:) নহৈ যদি আন কোনো দলপতি থাকিল হেতেন সেই দিনাখন মই কেতিয়াও এনে অপমান জনক যেন অনুভব হোৱা সন্ধিত মান্তি নহলো হেতেন , নিশ্চয় সেই সময়ত বিৰোধিতা কৰিলো হেতেন” । সেই দিনা খন প্রায় সকলো চাহাবাৰে মনৰ অৱস্থা তেনেকুৱাই আছিল ,“ছফিনৰ যুদ্ধৰ” সময়ত মুছলমান সকলৰ মাজত যেতিয়া হক আৰু বাতিল নির্ণয় কৰাটো কঠিন হৈ পৰিছিল তেতিয়া “বয়তে ৰিজৱান”ত অংশ লোৱা ছাহাল ইবনে হানিফ(ৰা:)এ কৈছিল –“হে ইমানদাৰ লোক সকল, আল্লাহ আৰু আল্লাহৰ ৰছুল(ছ:)ৰ কোনো কথাৰ ওপৰত নিজৰ মত আৰু বোধশক্তি প্রয়োগ কৰিবলৈ চেষ্টা নকৰিবা, আল্লাহ আৰু আল্লাহৰ ৰছুল(ছ:)ৰ সকলো কথাই আখৰে আখৰে পালন কৰিবলৈ চেষ্টা কৰা, যদিও তুমি সেই বিষয়টোত একোৱে বুজি নোপোৱা, বেছিকৈ বুজিবলৈ চেষ্টা নকৰি আল্লাহ আৰু আল্লাহৰ ৰছুল(ছ:)ৰ নির্দেশ আখৰে আখৰে পালন কৰাটোৱেই প্রকৃত ইমানদাৰৰ লক্ষণ, সেই ‘আবুজিন্ডালৰ দিনটো’ত আমি আল্লাহৰ ৰছুল(ছ:)ৰ কথাৰ ওপৰত নিজৰ মত তথা বোধশক্তি প্রয়োগ কৰি তেখেত(ছ:)ক অমান্য কৰি ইছলামৰ পৰা বাহিৰ হৈ যোৱাৰেই উপক্রম হৈছিল কিন্তু আল্লাহৰ ৰহমতত আমি কোনো মতে বাছি গৈছিলো”।
সন্ধি পর্ব শেষ হোৱাৰ পাছত ৰছুল(ছ:)এ হুদাইবিয়াতেই জন্তুবিলাকক কোৰবানী কৰি চুলি খুৰাই এহৰাম খুলিবলৈ চাহাবা সকলক নির্দেশ কৰিলে, কিন্তু সেই সময়ত চাহাবা সকলৰ মানসিক অৱস্থা এনে এক পয্যায়ত আছিল যে আল্লাহৰ ৰছুল(ছ:)ৰ মাতটো শুনিও যেন একো বুজি পোৱা নাছিল, ৰছুল(ছ:)ৰ নির্দেশ শুনিয়ো সকলোৱে নুশুনাৰ দৰে অলপো লৰ চৰ নকৰাকৈ নিজ নিজ স্থানতে বহি থকিল । আল্লাহৰ পবিত্র ঘৰলৈ উদ্দেশ্য কৰি অনা জন্তুবোৰক আদবাটতে কেনেকৈ কোৰবানী কৰি দিব তথা ওমৰাহ নকৰাকৈ কেনেকৈ চুলি খুৰাই এহৰাম খুলি লব বুজি নাপায় সকলোৱে মানসিক অশান্তিত ভুগী আছিল । এবাৰ দুবাৰকৈ তিনিবাৰ কোৱাৰ পাছতও যেতিয়া চাহাবা সকলৰ ফালৰ পৰা কোনো সহাৰি পোৱাৰ লক্ষণ নেদেখিলে আল্লাহৰ ৰছুল(ছ:)এ চিন্তিত ভাবে নিজৰ তম্বুলৈ সোমাই আহিল , চাহাবা সকলে ৰছুল(ছ:)ৰ নির্দেশ শুনাৰ পাছতও একো নুশুনা নির্জীব পদার্থৰ দৰে নিজ নিজ ঠাইতে বহি থাকিল । ৰছুল(ছ:)ৰ চিন্তিত মুখ মোবাৰক দেখিয়ে তেখেত(ছ:)ৰ পৰিবাৰ উম্মে ছালামা(ৰা:)ৰ বুজিবলৈ অলপো দেৰি নালাগিল যে সাংঘাতিক কিবা এটা ঘতিছে , আঠে বাঠে বহিব দি তেখেত(ৰা:)এ সুধিলে –“হে আল্লাহৰ ৰছুল(ছ:) আপোনাক কিয় ইমান বিচলিত আৰু চিন্তিত দেখা গৈছে”, উত্তৰত ৰছুল(ছ:)এ কলে – “যি চাহাবা সকলে মোৰ সমান্য এটা ইংগিতত নিজৰ প্রাণ পর্য্যন্ত উচর্গা কৰিবলৈ সদা প্রস্তুত থাকে সেই চাহাবা সকলে আজি দুই তিনি বাৰ কোৱাৰ পাছতও মোৰ কথা অমান্য কৰিছে , মই সছাকৈয়ে চিন্তিত হৈ পৰিছো” । চালামা(ৰা:)এ কলে “হে আল্লাহৰ ৰছুল(ছ:), আপোনাৰ লগৰীয়া(ৰা:) সকলে আপোনাক অমান্য কৰিবৰ বাবে কেতিয়াও এনে কৰা নাই , বৰঞ্চ সমগ্র ঘটনাৱলীৰ বাবে তেখেত(ৰা:)সকল মানসিক ভাবে ইমানেই ভাঙি পৰিছে যে আপোনাৰ নির্দেশ পালন কৰিবলৈ কোনো খৰ-খেদা কৰিব বিছৰা নাই, আপুনি যদি লগৰীয়া সকলৰ সন্মুখতে কোৰবানী কৰি চুলি খুৰাই দিয়ে দেখিব যে তেখেত(ৰা:)সকলেও খৰ-খেদাকৈ আপোনাক অনুকৰণ কৰি তাকে কৰিছে” । উম্মে ছালামা(ৰা:)ৰ পৰামর্শ মতে ৰছুল(ছ:)এ চাহাবা সকলৰ সন্মুখতে নিজৰ ভাগৰ জন্তু কোৰবানী কৰি চুলি খুৰোৱাই পেলালে , ৰছুল(ছ:)এ চুলি খুৰাই এহৰাম খুলি লোৱা দেখিহে চাহাবা সকলৰ সম্বিত ঘূৰি আহিল, সকলোৱে অলপো বিলম্ব নকৰি নিজৰ নিজৰ জন্তু বোৰ কোৰবানী কৰি চুলি খুৰাই এহৰাম খুলিবলৈ আৰম্ভ কৰিলে । সকলোৰে এহৰাম খোলা হোৱাৰ পাছত ৰছুল(ছ:)এ যিসকলে চুলি খুৰালে তেঁওলোকৰ কাৰণে তিনিবাৰ দোৱা কৰিলে আৰু যি সকলে চুলি নোখুৰাই চুটিকৈ কাটিলে তেঁওলোকৰ কাৰণে এবাৰহে দোৱা কৰিলে । কোৰাইছৰ লগত হোৱা চুক্তি অনুসৰি কোৰবানী কৰা জন্তুবোৰ মক্কাৰ লোক সকলৰ বাবে পঠিয়াই দিয়া হ’ল , প্রথমেই পঠোৱা হ’ল বদৰৰ যুদ্ধত হস্তগত হোৱা আবু জেহেলৰ উটটো, মক্কাৰ সকলোৱেই যিটোক খুউব ভালকৈয়ে চিনি পাইছিল । উটটোৱে মক্কাৰ সকলোকে পুণৰ বাৰ বদৰৰ বিপর্য্যৰ কথা সোৱৰাই দিলে ।
তাৰপাছত বিষণ্ণ মনেৰে সকলো মুছলমানে মদিনালৈ ওভতনি যাত্রা আৰম্ভ কৰি দিয়ে , কিছু সময় বাগৰাৰ পাছত মনৰ উদ্দিগ্নতা সম্পূর্ণ ৰূপে নোহোৱা হোৱাৰ পাচত লাহে লাহে ওমৰ(ৰা:)এ উপলদ্ধি কৰিবলৈ ধৰে যে কিমান দূৰ সীমা অতিক্রম কৰি তেখেত(ৰা:)এ আল্লাহৰ ৰছুল(ছ:)ৰ লগত ব্যবহাৰ কৰিলে । যাত্রা পথতে ক্ষমা বিছাৰিবৰ বাবে ওমৰ(ৰা:)এ ৰছুল(ছ:)ৰ ওচৰলৈ আহি ছালাম জনালে কিন্তু আল্লাহৰ ৰছুল(ছ:)ৰ পৰা কোনো জবাব নাপালে , এনেকৈ তিনিবাৰকৈ ছালাম দিয়াৰ পাছতও যেতিয়া আল্লাহৰ ৰছুল(ছ:)ৰ পৰা ছালামৰ কোনো উত্তৰ নাপালে তেতিয়া ওমৰ(ৰা:)এ ভাবি ললে যে নিশ্চয় আল্লাহৰ ৰছুল(ছ:) তেওঁৰ ওপৰত অসন্তুষ্ট হৈছে আৰু ই হ’ল তেখেতৰ ধ্বংস হৈ যোৱাৰ ইংগীত । তেখেত(ৰা:)এ ধৰি ললে যে এনে ব্যবহাৰৰ নিশ্চয় কোনো ক্ষমা নাই আৰু নিজকে নিজে কব ধৰে “মোৰ মায়ে মোৰ কাৰণে এতিয়া কান্দিব পাৰে” অর্থাৎ ‘মই সঁচাই ধ্বংস হৈ গলো’ । ওমৰ(ৰা:)ৰ নিজৰ ভৰিৰ তলৰ মাটি নোহোৱা হৈ যোৱাৰ উপক্রম হ’ল , কোনো চাহাবাই ছালাম দিলে ছালামৰ উত্তৰ দি তেখেত(ৰা:)এ কব ধৰে –“মোৰ মাক খবৰ দি দিবা,তেঁওৰ লৰা নোহোৱা হৈ গ’ল” (এইটো আৰব সকলৰ মাজত প্রচলিত এটা কথা) অর্থাৎ তেখেত ধ্বংস হৈ গৈছে । অলপ সময়ৰ পাছতে এজন লোকে দূৰৰ পৰাই চিঞৰী চিঞৰী আল্লাহৰ ৰছুল(ছ:)এ ওমৰ(ৰা:)ক বিছৰা বুলি কব ধৰে , লোক জনৰ কথা শুনি তেখেত(ৰা:)ৰ এনে লাগিল যেন কোনোবাই মৃত্যু দণ্ডৰ হে ফৰমান শুনালে, তেখেত(ৰা:)এ ভাবি ললে যে ৰছুল(ছ:)এ ওচৰলৈ মাতি নিশ্চয় কব ‘তুমি ধ্বংস হৈ গৈছা , এতিয়াই তোমাৰ ওপৰত আল্লাহৰ গজব নজিল হব’, কিন্তু তেনেকোৱা একো নহল, ওমৰ(ৰা:)এ ভয়ে ভয়ে উট দৌৰাই ৰছুল(ছ:)ৰ ওচৰ পালত দেখিলে যে কিবা এক আনন্দত আল্লাহৰ ৰছুল(ছ:)ৰ মুখমন্ডল উজ্জ্বল হৈ উঠিছে , একেবাৰে ওচৰ পোৱাৰ লগে লগে ৰছুল(ছ:)এ ইংগীতেৰে নিজৰ উটটোলৈ আহিবলৈ কলে আৰু আনন্দৰে চুৰা ফাতাহৰ প্রথম আয়াতটো তিলাৱত কৰি শুনালে –“ইন্না ফাতাহ না লাকা ফাতহাম মুবিনা ......” অর্থাৎ “মই তোমালোকক নিশ্চয় এটা বিৰাট বিজয় দান কৰিলো .......” , ওমৰ(ৰা:)এ আচৰিত হৈ কলে “হে আল্লাহৰ ৰছুল (ছ:) ই কেনেকৈ আমাৰ বাবে বিৰাট বিজয় হ’ল , আমি অপমানিত হৈ হাৰিহে আহিলো” , ৰছুল(ছ:)এ কলে “আল্লাহে কৈছে ই আমাৰ বাবে এক বিৰাট বিজয়” , এটা মূহূর্ত্ত ও বিলম্ব নকৰি ওমৰ(ৰা:)এও আনন্দতে চিঞৰী উঠিল –“আল্লাহুৱাক বাৰ” , “আল্লাহুৱাক বাৰ” , আল্লাহে কৈছে –“ইন্না ফাতাহ না ফাতাহাম মুবিনা ......” আনন্দতে ওমৰ(ৰা:)এ নিজৰ উটটোলৈ জাপ মাৰি গৈ চাহাবা সকলৰ মাজে মাজে উট দৌৰাই দৌৰাই চিঞৰী চিঞৰী কব ধৰে –ৰছুল(ছ:)এ কৈছে “আল্লাহে আমাক এটা বিৰাট বিজয় দান কৰিলে”, বাকী চাহাবা সকলেও একো বুজি নাপালেও আল্লাহে হুদাইবিয়াত মুছলমান সকলক বিজয় দান কৰা বুলি শুনি আনন্দ কৰিব ধৰে , সকলোৱে ওমৰ(ৰা:)ৰ লগতে আনন্দতে চিঞৰী চিঞৰী “আল্লাহুৱাক বাৰ” –“আল্লাহুৱাক বাৰ” কৈ তিলাৱত কৰিব ধৰে – “ইন্না ফাতাহ না লাকা ফাতহাম মুবিনা ......” বিষাদ মনেৰে মদিনালৈ আহি থকা মুছলমান সকল হঠাতে আনন্দত আত্মহাৰা হৈ উঠিল । হুদাইবিয়াৰ সন্ধিখন মুছলমানৰ বাবে কেনেকৈ “এটা বিৰাট বিজয়” হ’ল সেই কথাটো সেই সময়ত কোনো মুছলমানে বুজি পোৱা নাছিল আৰু ইয়াক বুজি পাবলৈ চাহাবা সকলক আৰু দুটা বছৰৰ প্রয়োজন হ’ল ।
যিসময়ত ওমৰ(ৰা:)এ বাৰে বাৰে ছালাম দিও ছালামৰ উত্তৰ পোৱা নাছিল সেই সময়ত আল্লাহৰ ৰছুল(ছ:)ৰ ওচৰত অহী লৈ ‘জিব্রাইল’(আ:) আহিছিল আৰু সেই সময়তে চুৰা ফাতাহটো সম্পূর্ণ ৰূপে নাজিল হৈছিল, এই চুৰাটোত আল্লাহে চাহাবা সকলক ভূয়সী প্রশংসা কৰাৰ উপৰিও চাহাবা সকলৰ মনৰ বিষণ্ণতা, উদ্বিগ্নতা তথা উৎকণ্ঠা নোহোৱা কৰিবলৈ তেখেত(ৰা:) সকলৰ মনত উদয় হৈ থকা প্রতিটো প্রশ্নৰ উত্তৰ দি কেইবাতাও আয়াত নাজিল কৰে । গাইবৰ সকলো খবৰ জানোতা মহান আল্লাহে এই সমগ্রহ ঘটনাৱলীৰ অবতাৰণা কৰাৰ এটা অন্যতম কাৰণ হ’ল আল্লাহে মুছলমান সকলৰ ঈমানৰ কঠোৰ ভাবে পৰীক্ষা লব বিছাৰিছিল যাৰ ফলত মুনাফিক বিলাক মুছলমানৰ পৰা পৃথক হৈ পৰিছিল । এই সমগ্রহ ঘটনাৱলীৰ কাৰণ সম্পর্কত এই চুৰাৰ ২ নং আয়াতত আল্লাহে কৈছে যে “যাতে আল্লাহে তোমালোকৰ অতীত আৰু ভবিষ্যতৰ ত্রুটি সমূহ মাফ কৰি দিয়ে আৰু তোমালোকৰ প্রতি আল্লাহৰ অনুগ্রহ সম্পূর্ন কৰি তোমালোকক সৎ পথ দেখুৱায়” । ইয়াৰ দ্বাৰা আল্লাহে কব বিছাৰে যে -‘আল্লাহৰ ৰচুল (ছ:)ৰ নেতৃত্বত বিগত ১৯ বছৰ ধৰি সাহাবা(ৰ:) সকলে ইছলামৰ দ্বাৱাতৰ বাবে যি চেষ্টা-সাধনা কৰি আহিছিল তাৰ মাজত অজানিতে যি ত্রুটি-বিচ্যুটি ৰৈ গৈছিল যিবিলাক সম্পর্কত মুছলমান সকল অজ্ঞ আছিল কিন্তু মহান আল্লাহৰ উচৰত শ্রেষ্ঠত্বৰ যি মান দণ্ড সেই মতে এনে দুষ-ত্রুটি সমূহৰ বাবে মুছলমান সকলে সমগ্র আৰব ভূমিক নিজৰ অধীনলৈ আনিবলৈ দীর্ঘ সময়ৰ প্রয়োজন হ’ল হেতেন , মহান আল্লাহে মুছলমান সকলৰ এনে দূর্বলতা আৰু দোষ-ত্রুটি সমূহ উপেক্ষা তথা ক্ষমা কৰি নিজৰ অনুগ্রহৰ দ্বাৰা তাৰ পূর্ণতা সাধন কৰি হুদাইবিয়াত মুছলমান সকলৰ বাবে এই বিজয় আৰু গৌৰবৰ দুৱাৰ খুলি দিছিল যিটো সাধাৰণ দৃষ্টিত মুছলমান সকলৰ নিজৰ চেষ্টাত সম্ভব নহ’ল হেতেন । এই চুৰাৰ ৩ নং আয়াতকে ধৰি কেইবাটাও আয়াতত মহান আল্লাহে উল্লেখ কৰিছে যে সেই উত্তেজনা পূর্ণ মূহহর্তত মুমিন সকলৰ অন্তৰত আল্লাহে প্রশান্তি (ছাকিনা)দান কৰিছিল কাৰণেহে সকলোৱে ৰচুল(ছ:)ৰ নেতৃত্বৰ ওপৰত পূর্ণ আস্থা ৰাখি ধৈর্য্যৰে সৈতে সেই কঠিণ পৰিস্থিতি অতিক্রম কৰিব পাৰিছিল । ফলত মুছলমান সকলৰ ঈমান আৰু বৃদ্ধি পাইছিল । মুছলমান সকল আটাইতকৈ বেছি বিছলিত হোৱাৰ এটা অন্যতম কাৰণ আছিল ওমৰাহ কৰিব নোপোৱাতো , ওমৰাহৰ বাবে আল্লাহৰ পক্ষৰ পৰা নির্দেশ হোৱাৰ পাছতো ওমৰাহ নকৰাকৈ কিয় উভতি যাব লগা হৈছে , তেখেত সকলে ভাবিছিল যুদ্ধ কৰি হলেও মক্কালৈ আগবাঢ়িব লাগিছিল আল্লাহে নিশ্চয় সহায় কৰিলে হেতেন । এই সম্পর্কত এই চুৰাৰ ২৫ নং আয়াতত সবিশেষ বর্ননা কৰি কয় যে-‘ সেই সময়ত মক্কাত বহুত ঈমান ৱালা লোক আছিল যি সকলে মদিনালৈ হিজৰত কৰিব নোৱাৰি তাতেই লাঞ্চিত বঞ্চিত হৈ আছিল আৰু কিছু লোকে কাফিৰ বিলাকৰ পৰা অত্যাচাৰিত হোৱাৰ ভয়ত নিজৰ ঈমানৰ কথা গুপনে ৰাখিছিল, গতিকে এনে পৰিস্থিতিত যুদ্ধ হোৱা হলে হয়তো অজানিতে মুছলমান সকলে এই নিৰিস মুছলমান সকলকো ৰেহায় নিদিলে হেতেন তাৰ উপৰিও মহান আল্লাহে এক ৰক্তক্ষয়ী যুদ্ধৰ মাজেৰে মুছলমানৰ হাতত মক্কা বিজয় হোৱাতকৈ দুটা বছৰৰ পাছতে বীনা যুদ্ধে মুছলমানৰ হাতত মক্কা বিজয় হোৱাতো বিছাৰিছিল । ২৭ নং আয়াতত আল্লাহে কয় যে পিছৰ বছৰ মুমিন সকলে শান্তিৰে সৈতে ওমৰাহ কৰিব পাৰিব । এই চুৰাৰ শেষৰ আয়াতটোত (২৯নং) চাহাবা সকলৰ বহুতো গুণাগুণ বর্ননা কৰি কৈছে যে আগৰ স্বর্গীয় কিতাবত ( তৌৰাত আৰু ইনজিল) চাহাবা সকলৰ বহুতো গুণাগুণ উল্লেখ আগতিকৈয়ে কৰি ৰাখিছে । এই আয়াতটোত মহান আল্লাহে আমাৰ ৰচুল(ছ:)ক “মহম্মদুৰ ৰচুলোল্লাহ” (মহম্মদ আল্লাহৰ ৰচুল) বুলি উল্লেখ কৰিছে , সমগ্রহ কোৰাণত আল্লাহে মাত্র দুবাৰ হে এনেকৈ উল্লেখ কৰিছে । এই চুৰাতে হুদাইবিয়াৰ সন্ধিক এক বিৰাট বিজয় বুলি কোৱাৰ লগতে আৰু এটা ডাঙৰ বিজয় আৰু বহুতো যুদ্ধলব্ধ সামগ্রী দান কৰিব বুলি ভবিষ্যত বানী কৰে যিটো “খাইবাৰৰ যুদ্ধত” মুছলমান সকলৰ হস্তগত হয় ।
মুছলমান সকল মদিনা আহি পোৱাৰ কেইদিন মানৰ পাছতে “আবু বছীৰ” নামৰ এজন লোকে ইছলাম গ্রহণ কৰি মক্কাৰ পৰা মদিনালৈ পলাই আহে , তেঁও যদিও কোৰাইছ নাছিল কিন্তু মক্কাতে বাস কৰি আহিছিল । লোকজন মদিনা আহি পোৱাৰ দুদিন মানৰ পাছতে মক্কাৰ কোৰাইছৰ পক্ষৰ পৰা দুজন লোক আহি মদিনাত উপস্থিত হৈ হুদাইবিয়াৰ সন্ধিৰ স্বত্ব মতে ‘আবু বছীৰক’ তেঁওলোকৰ হাতত গতাই দিবৰ বাবে ৰছুল(ছ:)ক আহ্বান জনায় , ৰছুল(ছ:) এ ‘আবু বছীৰক’ মাতি আনি কলে –“হে আবু বছীৰ , তুমি ভালকৈয়ে জানা আমাৰ মাজত এখন সন্ধি হৈছে আৰু এই শান্তি চুক্তিৰ কোনো এটা দফাও মই উলংঘা কৰিব নোৱাৰো , তুমি এঁওলোকৰ লগত মদিনাৰ পৰা যাবগৈ লাগিব” । আবু বছীৰে যদিও সন্ধি খনৰ বিষয়ে জানিছিল কিন্তু ইয়াক ইমান গুৰুত্ব সহকাৰে লোৱা নাছিল , কোনো মুছলমানক যে আল্লাহৰ ৰছুল(ছ:)এ কাফিৰৰ হাতত গতাই দিব সেই কথাটো তেঁও কল্পনাও কৰা নাছিল, ৰছুল(ছ:)ৰ কথা শুনি আবু বছীৰ আতংকিত হৈ চিঞৰী কৈ উঠিল –“হে আল্লাহৰ ৰছুল, আল্লাহে মোক মক্কাৰ কাফিৰ বিলাকৰ হাতৰ পৰা বছোৱাৰ পাছতও কিয় আপুনি মোক ইহঁতৰ হাতত গতাই দিব বিছাৰিছে” ? “ইহঁতৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰিহে নিজৰ পা-পৰিয়াল ,ঘৰ-দুৱাৰ,সা-সম্পতি, এৰি থৈ মই এনেকৈ পলাই আহিছো , মোক ঘূৰাই নিব পাৰিলে ইহঁতে এইবাৰ নিশ্চয় মোক মাৰি পেলাব , হে আল্লাহৰ ৰছুল(ছ:) মোক মাৰি পেলাবলৈ ইহঁতৰ হাতত এৰি নিদিব” । ৰছুল(ছ:)এ শান্তভাবে ‘আবু জিন্দালক’ কোৱাৰ দৰে কলে-“ধৈয্য ধাৰণ কৰা আল্লাহে তোমাৰ বাবে নিশ্চয় কিবা ভাল ব্যৱস্থা কৰিব” । তাৰ পাছত লোক দুজনে ‘আবুবছীৰ’ক লগত লৈ মক্কালৈ বুলি ৰাওনা হ’ল । ‘আবু বছীৰ’ এজন অত্যন্ত বাকপতু ,সুচতুৰ,সাহসী আৰু সুদক্ষ্য যুদ্ধা আছিল । মদিনাৰ পৰা সামান্য বাট আহিয়ে কোনো এখন ঠাইত গছৰ ছাঁত তিনিও জনে জীৰণী লয়, খন্তেক পাছতে ছাঁতে এজন তোপনি যায় আৰু আনজনৰ লগত ‘আবুবছীৰে’ বিভিন্ন কথাৰ আবতাৰণা কৰে , অলপ সময় কথা পাতিয়ে তেঁও বুজিব পাৰিলে যে লোকজন অত্যন্ত অহংকাৰী আৰু মুর্খ লোক , লোক জনক না না মিছা কথাৰে প্রশংসা কৰি আনন্দিত কৰি তোলে , তাৰ পাছত লোক জনৰ তৰোৱাল খনৰ প্রশংসা কৰি কব ধৰে –“এনে এখন মজবুত তৰোৱাল মই খুব কমেই দেখিছো , এইখন নিশ্চয় তোমাৰ বাপ দাদাৰ যুগৰ তৰোৱাল হব , এই খনৰ দ্বাৰা নিশ্চয় বহুত ডাঙৰ ডাঙৰ কান্ড কৰা হৈছে”, লোক জনেও স্ফূর্টিতে বুকু ফুলাই তেঁওৰ বাবাকে এই তৰোৱাল খন কেনেকৈ নানাকৰ পৰা পাইছিল , নানাকে কেনেকৈ শত্রুৰ ওপৰত চলাইছিল , তাৰ বাবাকে এইখনেৰে কাক কেনেকৈ হত্যা কৰিছিল আদি কাহিনী শুনাবলৈ ধৰে । ছেগ বুজি ‘আবুবছীৰে’ লোক জনক কব ধৰে –“ইমান এখন মহান তৰোৱালৰ গৰাকী তুমি সঁচাই মহান, ময়ো যদি এনে এখন মহান তৰোৱাল কেতিয়াবা হাতেৰে চুই চাব পাৰিলো হেতেন”, লোক জনে আনন্দতে আবু বছীৰৰ হাতত তৰোৱাল খন তুলি দি কলে –“লোৱা এইখন চুই চাই তুমিও ধন্য হোৱা” । লগে লগে আবু বছীৰে তৰোৱাল খনেৰে লোকজনৰ মূৰটো দিঙিৰ পৰা চিঙি দিলে আৰু লগৰ জনকও হত্যা কৰিবলৈ খেদি গ’ল, নিজৰ প্রাণ বছাবলৈ লোক জনে পলাব ধৰে আৰু আহি মদিনা পায়হি , তেতিয়া ৰছুল(ছ:) ‘মজিদে নববিতে’ আছিল , লোকজনে চিঞৰী চিঞৰী কব ধৰে –“মোক বছোৱা , মোক বছোৱা , এই মানুহটোৱে মোৰ লগৰ জনক হত্যা কৰিছে আৰু মোকো হত্যা কৰিবৰ বাবে খেদি আহিছে”, ‘আবু বছীৰে’ মানুহটোক খেদি খেদি আহি তাত উপস্থিত হ’ল আৰু কলে –“হে আল্লাহৰ ৰছুল(ছ:) আপুনি আপোনাৰ দায়িত্ব পালন কৰি মোক ইহঁতৰ হাতত গতাই দিলে , আল্লাহৰ ইচ্ছাত মই সিহঁতৰ হাতৰ পৰা আকৌ পলাবলৈ সক্ষম হলো, মই এতিয়া আৰু মক্কাৰ পৰা পলাই অহা লোক হৈ থকা নাই, গতিকে মোক এতিয়া মদিনাত আশ্রয় দিয়ক”, ৰছুল(ছ:)এ ‘আবুবছীৰ’ক পোণপতিয়াকৈ সম্বোধন নকৰাকৈ সকলোৱে শুনাকৈ নিজকে নিজে কোৱাৰ দৰে কব ধৰে-“এই চতুৰ সহসী মানুহ জনৰ মাকলৈ হে মোৰ বেজাৰ লাগিছে”, সেই সময়ৰ আৰবৰ লোক সকলে এনেকৈয়ে কবিতাৰ দৰে কথা কৈছিল, আমাৰ ৰছুল(ছ:)ও ব্যতিক্রম নাছিল । এনেকৈ কৈ ৰছুল(ছ:)এ ‘আবুবছীৰ’ক বুজাব বিছাৰিলে যে –‘তুমি যদি মদিনাতে থাকা তেনেহলে দুই চাৰি দিনৰ ভিতৰতে তোমাক ঘূৰাই নিবৰ বাবে মক্কাৰ পৰা আৰু মানুহ আহিব ময়ো চুক্তি মতে কোনো আপত্তি কৰিব নোৱাৰিম আৰু এইবাৰ নিশ্চয় সিঁহতে তোমাক বাটতে হত্যা কৰিব’, ৰছুল(ছ:)এ পুণৰ কলে –“ইমান এজন বুদ্ধিমান আৰু সাহসী বীৰ যুদ্ধাৰ নিৰাপত্তাৰ দায়িত্ব লব পৰা যদি কোনোবা থাকিল হেতেন”, আল্লাহৰ ৰছুল(ছ:)ৰ কথা শুনি আবু বছীৰে ভাল দৰেই বুজি উঠিল যে তেঁওৰ পক্ষে মদিনাত থকাটো কোনো পধ্যেই সম্ভব নহব, লগে লগে তেঁও হত্যা কৰা লোকজনৰ পৰা হস্তগত কৰা ঘোঁৰাটো আৰু তৰোৱাল খনৰ সৈতে তাৰ পৰা পলায়ণ কৰে ।
মদিনাৰ পৰা পলালে যদিও আশ্রয় লবৰ বাবে কোনো ঠায় বিছাৰি নাপালে , কিয়নো আৰবৰ সকলোৱেই ইতিমধ্যে মুছলমান বা মক্কাৰ মুছৰিক কোনো এটা পক্ষৰ লগত চুক্তিত আবদ্ধ হবলৈ আৰম্ভ কৰি দিছে , গতিকে ‘আবুবছীৰে’ ভাল দৰেই বুজি উঠিল যে সমগ্র আৰবত তেওঁৰ আশ্রয় দাতা কোনো নোলাব , কিয়নো মুছলমানৰ লগত চুক্তিত আবদ্ধ কোনো জাতিৰ ওচৰত গলে মক্কাৰ মুছৰিক বিলাকে হুদাইবিয়াৰ সন্ধি মতে তেওঁক এই দৰেই ঘূৰাই লৈ যাব পাৰিব আৰু মক্কাৰ মুছৰিক বিলাকৰ লগত চুক্তিত আবদ্ধ কোনো জাতিৰ ওচৰলৈ যাব নোৱাৰে । গতিকে তেঁওৰ পানীত হাঁহ নছৰা অবস্থা হ’ল । কোনো জন প্রাণী নথকা মৰুভূমিৰ মাজৰ পাহাৰত তেঁও আশ্রয় ললে, খাদ্য পানীৰ অভাবত এনেদৰে অকলে অকলে জীবন নির্বাস কৰাটো ‘আবুবছীৰ’ৰ কাৰণে অত্যন্ত দূৰূহ হৈ উঠিল , জীয়াই থকাৰ তাৰণাত এদিনাখন সেই পাহাৰৰ ওচৰৰে পাৰ হৈ যোৱা কোৰাইছৰ এটা সৰু বাটৰুৱাৰ দলক আক্রমণ কৰি দুজন মানক গুৰুতৰ ভাবে আহত কৰি বহু পৰিমানৰ খাদ্য আৰু পানী লুত কৰি পলাই যায় , এনে দৰে কোৰাইছৰ মুছাফিৰৰ দল দেখিলেই দলৰ পৰা পিছপৰি যোৱা অকলশৰিয়া লোকক আক্রমন কৰি খাদ্য আৰু পানী লুত কৰি পলাই গৈ পাহাৰত গৈ লুকাই পৰে । লাহে লাহে এনে ঘটনা বিলাকে মক্কাত চর্চা লাভ কৰিব ধৰে ।
হুদাইবিয়াৰ পৰা ‘আবুজিন্দাল’ক ওভতাই নিয়াৰ পাছত ছোহাইলে সছাকৈয়ে ‘মিকৰাছে’ দিয়া কথা ৰাখি কোনো অত্যাচাৰ নকৰিলে আৰু মুকলিকৈ ঘূৰি ফুৰিবলৈ এৰি দিলে কিয়নো ছোহাইলে ভাল দৰে জানিছিল যে ক’ৰবালৈ পলাইযোৱাৰ সকলো ৰাষ্টা বন্ধ হৈ গৈছে , ‘আবুজিন্দালে’ও কথা বিলাক ভাল দৰেই বুজি উঠিছিল , সেয়েহে তেখেতে পলাবলৈ চেষ্টা নকৰি পবিত্র কাবা ঘৰতে আল্লাহৰ ওচৰত দোৱা কৰি থাকিল আৰু আল্লাহৰ ৰছুল(ছ:)এ কোৱা “ভাল ব্যবস্থাটোৰ” বাবে অধিৰ আগ্রহেৰে অপেক্ষা কৰি থাকিল । এদিনাখন যেতিয়া ‘আবুবছীৰ’ৰ সেই কথা বিলাক শুনিলে তেখেতৰ মনত আশাৰ সঞ্চাৰ হ’ল , এদিনা খন সুবিধা বুজি মক্কাৰ পৰা পলাই গৈ মৰুভূমিৰ মাজৰ পাহাৰত বিছাৰি বিছাৰি ‘আবুবছীৰ’ৰ লগ লাগিলগৈ । খাদ্য পানীৰ অভাবত পৰিলেই এই বাৰ দুয়োজনে লগ লাগি কোৰাইছৰ মোছাফিৰৰ দলক আক্রমণ কৰে আৰু জীবন নির্বাস কৰিব ধৰে , খুব কম সময়ৰ ভিতৰে এওলোক দুয়োজনৰে কর্ম-কান্ডৰ বিষয়ে সমগ্র আৰবতে চর্চা লাভ কৰিব ধৰে । কোৰাইছৰ বাহিৰেও আন আন আৰু বহু জাতি গোত্রৰ মাজত এনে লোক বহুত আছিল যি সকলে মনে মনে ইচলাম গ্রহণ কৰিছিল আৰু নিজৰ লোকৰ ওচৰতে অত্যচাৰিত হোৱাৰ ভয়ত লুকাই লুকাই থাকিছিল , এনে লোক সকলে এতিয়া মদিনালৈ পলাই নগৈ এজন দুজন কৈ ‘আবুবছীৰ’ হঁতৰ লগ লাগিবগৈ ধৰে , এনেদৰে কোৰাইছ আৰু অন্যান্য জাতি-গোত্রৰ পৰা পলাই অহা লোকেৰে অলপ দিনৰ ভিতৰতে ‘আবুবছীৰ’হঁত এটা শক্তিশালী দলত পৰিণত হব ধৰে । এই দলটো মুছৰিক বিলাকৰ দ্বাৰা অত্যাচাৰিত হৈ নিজৰ পৰিয়াল পৰিজন , ঘৰ-দুৱাৰ , সা-সম্পত্তি তথা এটা সুখী জীবন এৰি এনে প্রতিকূল পৰিস্থিতিত জীবন ধাৰণ কৰিবলৈ বাধ্য হোৱা লোক , মুছৰিক বিলাকৰ প্রতি এঁওলোকৰ আছিল তীব্র ক্ষোভ তথা ঘৃণা কিয়নো মুছৰিক বিলাকে এওলোকক ভীষণ অত্যাচাৰ কৰি সা-সম্পত্তি লুতি নি জীৱনতো দূর্বিসহ কৰি পেলাইছিল , মদিনা বা আন কোনো ঠাইলৈ গৈ শান্তিৰে জীবন নির্বাহ কৰাটো অসম্ভব কৰি তুলিছিল । সেয়েহে তেওঁলোকে জন-বসতি নথকা এনে এদুখৰ দুর্গম ঠাইত আশ্রয় লব লগা হৈছিল য’ত জীবিকাৰ কোনো ব্যৱস্থা নাছিল । এই দলটো দিনক দিনে শক্তিশালী হোৱাৰ লগে লগে এইবাৰ তেঁওলোকে কোৰাইছৰ বাণিজ্যিক দল বিলাকক আক্রমণ কৰিবলৈ আৰম্ভ কৰি দিয়ে । কোৰাইছ সকল পবিত্র কাবাঘৰৰ ত্বত্তাবধায়ক হোৱাৰ সুবাদত আৰবৰ কোনো জাতি গোত্রই তেওঁলোকৰ ওপৰত কেতিয়াও কোনো আক্রমণ নকৰিছিল, সকলোৱে মনে মনে ভয় কৰি ছলিছিল কিজানিবা কোৰাইছ সকল অসন্তুস্ত হলে ওমৰাহ আৰু হজত ইয়াৰ প্রভাব পৰিব পাৰে । কিন্তু এই দলটোৰ তেনে কোনো ভয়ৰ কাৰণ নথকাৰ কাৰণে তেওঁলোকে বাৰে বাৰে কোৰাইছৰ বাণিজ্যিক দলৰ ওপৰত আক্রমণ কৰি সকলো মাল-সম্পত্তি লুত কৰিব ধৰে । একবছৰ মানৰ ভিতৰতে ‘আবুবছীৰ’হঁতৰ এই দলটো ৮০ জন মানৰ এটা শক্তিশালী বাহিনীত পৰিণত হয় । কোৰাইছ সকলৰ অর্থনীতিৰ ৰাজহাড় স্বৰূপ বাণিজ্যিক কাফিলা বিলাকৰ ওপৰত লুত-পাট আৰম্ভ হোৱাৰ লগে লগে সমগ্র আৰবতে যেন এক ধুমোহাৰ সৃষ্টি হ’ল । মক্কাৰ কোৰাইছ সকলে এই লুত-পাট কাৰি দলটোক মষিমূৰ কৰিবলৈ সেনা বাহিনীৰ দল পঠাবলৈ ধৰে কিন্তু এই দলটো আছিল সুচটুৰ ‘আবুবছীৰ’ৰ নেতৃত্বত, কোৰাইছৰ সৈন্যদল দূৰৰ পৰা দেখা পোৱাৰ লগে লগেই ‘আবুবছীৰে’ নিজৰ লোক সকলক সৰু সৰু বিভিন্ন দলত ভাগ কৰি পাহাৰৰ মাজত লুকাই পৰে , কোৰাইছৰ বাবে এইদলটো হৈ পৰিল মৰিছিকাৰ দৰে । বহুবাৰ চেষ্টা কৰিও কোৰাইছৰ সেনাদলে এই দলটোৰ ছাঁটোকে বিছাৰি নাপালে । ‘আবুবছীৰ’ৰ দলটোৱেও ঠাই সলাই সলাই কোৰাইছৰ বাণিজ্যিক দলৰ ওপৰত আক্রমণ অব্যাহত ৰাখিলে । অলপ দিনৰ ভিতৰতে এই দলটোৱে কোৰাইছৰ অর্থনীতিত এক বিৰাট আঘাট হানিবলৈ সক্ষম হ’ল । উপাইবিহীন হৈ কোৰাইছ সকলে এই দলটোৰ বিৰুদ্ধে অভিযোগ দিবলৈ আল্লাহৰ ৰছুল(ছ:)ৰ ওচৰলৈ প্রতিনিধি দল পঠালে , অভিযোগ শুনি ৰছুল(ছ:)এ কলে “তোমালোকে যিখিনি লোকৰ বিৰদ্ধে অভিযোগ আনিছা সেইলোক সকল মদিনাৰ পৰা যোৱা বা আমাৰ লগত চুক্তিত আবদ্ধ থকা কোনো লোক নহয় বৰঞ্চ সেই লোকসকল তোমালোকৰহে মানুহ , তেঁওলোকৰ ওপৰত আমাৰ নিয়ন্ত্রণ থকাৰটো কোনো কথা নাই” । কোৰাইছ সকলে ভাল দৰেই জানিছিল যে এই দলটোক নিয়ন্ত্রণ কৰাৰ ক্ষমতা ৰছুল(ছ:)ৰ আছে , ৰছুল(ছ:)ৰ নেতি বাছক উত্তৰে কোৰাইছ সকলক বৰুকৈয়ে শতাস কৰিলে ।
হুদাইবিয়াৰ সন্ধিৰ দেড় বছৰ মানৰ ভিতৰত অবস্থা এনে পর্য্যায় পালেগৈ যে মক্কাৰ কোৰাইছ সকলৰ বেপাৰ-বাণিজ্য সম্পূর্ণ ৰূপে বন্ধ হোৱাৰ উপক্রম হ’ল , তেওঁলোকৰ অর্থনীতি একেবাৰে ভাঙি পৰিল । মক্কাৰ এনে কোনো জাতি-গোত্র নাছিল যাৰ বাণিজ্যিক কাফিলা এই দলটোৱে লুত-পাট কৰা নাছিল , অবশেষত আবু ছোফিয়ানে(ৰা:) {তেতিয়ালৈকে ইছলাম গ্রহণ কৰা নাছিল } মদিনালৈ গৈ আল্লাহৰ ৰছুল(ছ:)ক নিজে লগ কৰি কলে –“হে মুহম্মদ(ছ:), তুমি ভালকৈয়ে জানা আমাৰ বর্ত্তমান কেনে পানীত হাঁহ নছৰা অবস্থা হৈছে , আমি মক্কাৰ সকলো মর্য্যদাশীল কোৰাইছ পথৰ ভিকহু হোৱাৰ উপক্রম হৈছো , আল্লাহৰ শপত তুমিও এজন মর্য্যদাশীল কোৰাইছ বংশৰ লোক , তুমি কি তোমাৰ ভাই সকলৰ ইমান দূর্দশা এনেয়ে ছাই থাকিবা ?” । নিজ বংশৰ দোহাই দি আবু ছোফিয়ানে(ৰা:) পুণৰবাৰ কাতৰ ভাবে কলে “হে মুহম্মদ(ছ:) , আমি কি তোমালোকৰে ভাই নহয় ? আমাক জীয়াই থাকিবলৈ নিদিবা নিকি ? যদিও এই দলটোৰ সকলো লোকেই মক্কা আৰু আৰবৰ বিভিন্ন জাতি গোষ্ঠীৰ পৰা নিজ ধৰ্ম এৰি মুছলমান হৈ পলাই অহা লোক, এই দলটোৱে তোমাৰ কথা নিশ্চয় কেতিয়াও নেপেলাব , ইঁহতক তোমলোকৰ মাজলৈ লৈ আহা , এতিয়াৰ পৰা মদিনালৈ যিয়ে ইচ্ছা কৰে গুছি আহিব পাৰিব আমাক আৰু ঘূৰাই দিব নালাগে । সন্ধিৰ এই প্রস্তাবটো এতিয়াৰ পৰা বাতিল বুলি ধৰি লোৱা আমি ইয়াক উঠাই লৈছো” । ৰচুলে(ছ:) এই প্রস্তাবটোত মান্তি হৈ উক্ত দলটোক মদিনালৈ ঘূৰাই অনাৰ প্রতিশ্রুতিৰে আবু ছোফিয়ানক(ৰা:) মদিনাৰ পৰা ঘূৰাই পঠালে । সন্ধিখনৰ যিটো দফাৰ বাবে মুছলমান সকল আটাইতকৈ বেছি ব্যথিত হৈছিল আৰু মক্কাৰ মুছৰিক বিলাকে যিতোক নিজৰ সফলতা ভাবি খুউবেই আন্দিত হৈছিল মহান আল্লাহে সন্ধিখনৰ উক্ত দফাটোৰ দ্বাৰাই এনেকোৱা পৰিবেশ ৰচনা কৰি দিয়ে যে দুটা বছৰৰ ভিতৰতে মক্কাৰ মুছৰিক কোৰাইছ বিলাকেই উক্ত দফাটো বাতিল কৰিবৰ বাবে আল্লাহৰ ৰছুল(ছ:)ক কাকুটি-মিনতি কৰিব লগাত পৰে । তাৰ পাছত আল্লাহৰ ৰছুল(ছ:)এ ‘আবুবছীৰ’ আৰু তেঁওৰ দলটোলৈ চিঠি পঠিয়াই সকলোকে সেই দূর্গম পৰিবেশ পৰিস্থিতি এৰি মদিনালৈ গুছি আহিবলৈ আমন্ত্রণ জনায় ,কিন্তু সেই সময়ত আবু বছীৰ(ৰা:)এ বিচনাত পৰি মৃত্যুৰ ক্ষণ গণি আছিল , কোনো এটা বাণিজ্যিক দল আক্রমণ কৰোতে হোৱা খন্ড যুদ্ধত তেখেত(ৰা:) গুৰুত্বৰ ভাবে আহত হৈছিল আৰু ইয়ে তেওঁক মৃত্যুশর্য্যালৈ লৈ আহিছিল । আল্লাহৰ ৰছুল(ছ:)ৰ আমন্ত্রণ পায় আনন্দতে ‘আবুবছীৰ’ৰ দুচকুৰে দুধাৰি লোতক বাগৰি আহিল তেঁও জানিছিল মদিনালৈ যোৱাৰ আবকাশ তেওঁৰ হাতত নাই । চিঠি পোৱাৰ দ্বিতীয় দিনাই ‘আবুবছীৰ’ৰ ইন্তেকাল হয় আৰু তেওঁক সেই ঠাইতেই দফন কৰা হয় । মুছলমানৰ এই দলটো ‘আবুজিন্দাল’ৰ নেতৃত্বত মদিনালৈ আহে , আল্লাহৰ ৰছুল(ছ:) আৰু চাহাব(ৰা:)সকলে এই দলটোক উষ্ম আদৰণিৰে মদিনালৈ আনে, এনেদৰেই মহান আল্লাহে ‘আবুজিন্দাল’ক সন্মানেৰে সৈতে মুছলমানৰ মাজলৈ লৈ আহে । সন্ধিৰ পৰা এই প্রস্তাবটো বাতিল হোৱাৰ লগে লগে সমগ্র আৰবতে গোপণে ইছলাম গ্রহণ কৰা লোকসকলে বিনা সংকুচেৰে জাকে জাকে মদিনালৈ আহিবলৈ ধৰে ।
‘আবুবছীৰে’(ৰা:) মদিনালৈ আহি আশ্রয় নাপাই পলাই যোৱাৰ কেইদিন মানৰ পাছতে আন এটা একে ধৰনৰ ঘটনা ঘটে , এইবাৰ এগৰাকী মহিলা চাহাবিয়াই মক্কাৰ পৰা পলাই মদিনা পালেহি । মহিলা গৰাকী হ’ল “উকবাৰ” জীয়াৰি “উম্মে কুলছুম” , ‘উকবা’ হ’ল সেইজন লোক যিজনে এবাৰ পবিত্র কাবা ঘৰত নামাজ পঢ়ি থকা অবস্থাত আল্লাহৰ ৰছুল(ছ:)ৰ ওপৰত উটৰ ভূৰু এটা জাপি দিছিল । ইছলাম গ্রহণ কৰি কাফিৰ বিলাকৰ অত্যাচাৰৰ পৰা বাছিবলৈ ‘উম্মে কুলছুমে’ এটা বানিজ্যিক দলৰ লগত মনে মনে মদিনালৈ পলাই আহে লগে লগে বিষয়টোৱে বিশেষ চর্চা লাভ কৰে , ইছলাম গ্রহণ কৰা এগৰাকী মহিলাক কেনেকৈ কাফিৰৰ হাতত গতাই দিব পৰা যায় ! শান্তি চুক্তিত আবদ্ধ হৈ থকা আল্লাহৰ ৰছুলেও(ছ:) এই বিষয়ত কোনো সিদ্ধান্তত উপনিত হব নোৱাৰা অবস্থাত পৰে । এনে এক পৰিস্থিতিত মহান আল্লাহে সুৰা “মুন তাহিনা” ৰ দহ নং আয়াতটো নাজিল কৰি আল্লাহৰ ৰছুল(ছ:)ৰ লগতে মুছলমান সকলকো এটা বিৰাত সকাহ দিয়ে , এই আয়াতটোত আল্লাহে কয় –“ হে ইমানদাৰ সকল , যেতিয়া মুমিন নাৰী সকল হিজৰত কৰি তোমালোকৰ ওচৰলৈ আহে তেতিয়া সিহঁতৰ (ঈমান সম্পর্কে) বাছ-বিছাৰ কৰি লবা । সিহঁতৰ ঈমান সম্পর্কে আল্লাহে ভাল দৰে জানে । যদি তোমালোকে নিশ্চিত ভাবে জানিব পাৰা যে তেঁওলোক সছাকৈয়ে ঈমানদাৰ নাৰী , তেন্তে তেনে ঈমানদাৰ নাৰীক কাফিৰ বিলাকক ওভতাই নিদিবা, ........” তাৎপর্য্যপূর্ণ কথাটো হ’ল যে যি সময়ত সন্ধিৰ এই স্বত্বটো লিখা হৈছিল ‘ছোহাইলৰ’ নির্দেশত আৰবি “ৰোজুলুন” শব্দটো লিখোৱা হৈছিল । এই শব্দটোৱে প্রকৃততে পুৰুষক হে বুজায় , সেই সময়ত যিহেতু কেৱল মতা মানুহ সকলেহে হিজৰত কৰি আছিল হয়তো সেই কাৰণেই “ৰোজুলুন” শব্দটো লিখি পেলোৱা হৈছিল , তাৰ মানে কোনো মহিলাই হিজৰত কৰিলে কোৰাইছ সকলে ৰেহায় দিব সেইটো কেতিয়াও বুজোৱা হোৱা নাছিল । মহান আল্লাহৰ ইচ্ছাত যিহেতু সেই সময়ত চুক্তিখনত “ৰোজুলুন” শব্দটো লিখি পেলোৱা হৈছিল , এতিয়া আল্লাহৰ নির্দেশত আল্লাহৰ ৰছুল(ছ:)এ দৃঢ়তাৰ কয় “যিহেতু কোনো মহিলাক ঘূৰাই দিয়াৰ কথা সন্ধিখনত উল্লেখ নাই গতিকে কোনো মহিলাক ঘূৰাই দিবলৈ আমি বাধ্য নহয়” । কোৰাইছ বিলাকেও বিষয়টো ভাল দৰে চালিজাৰি চাঁওতেহে তেঁওলোকৰ ভুলটো ধৰিব পাৰিলে ,আনহাতে হিজৰত কৰা মহিলাৰ সংখ্যা অতি নগন্য মাত্র দুই এগৰাকীহে সেয়েহে মুছৰিক বিলাকে বিষয়টো সিমানতে এৰি দিলে । পাছত ‘উম্মে কুলছুম’ক আল্লাহৰ ৰছুল(ছ:)ৰ তুলনিয়া পুত্র জয়দ(ৰা:)এ নিকাহ কৰে ।
পাছৰ বছৰ মুছলমান সকলে সদল বলে আহি সন্ধিৰ স্বত্ব মতে উমৰাহ আদায় কৰে , মক্কাৰ মুছৰিক বিলাকে তিনি দিনৰ বাবে ওচৰৰ পাহাৰলৈ আতৰি গৈ মুছলমান সকলক লক্ষ্য কৰি থাকে । মদিনাৰ আৱহাৱা মক্কাৰ দৰে শুকাণ আৰু কঠিণ নাছিল মদিনা আছিল গছ-গছনিৰে ভৰা এখন শীতল ঠাই । সেয়েহে মক্কাৰ মুছৰিক বিলাকে মদিনাত থকা লোক সকলক দূর্বল আৰু ৰুগীয়া বুলি ভাবিছিল , এই বিষয়টো লৈ মক্কাৰ মুছৰিক বিলাকে চাহাবা(ৰা:) সকলক ঠাট্টা মছকৰাও কৰিছিল । সেয়েহে আল্লাহৰ ৰছুল(ছ:)এ এই উমৰাহত তোৱাফ কৰোতে প্রথম তিনিটা পাকত চাহাবা(ৰা:) সকলক এহৱামৰ কাপোৰৰ পৰা সুকান্ধটো উলিয়াই লৈ বুকু ফিন্দাই বীৰৰ দৰে বেগা বেগীকৈ খোজ কাঢ়িবলৈ নির্দেশ দিছিল যাতে মক্কাৰ মুছৰিক বিলাকে পাহাৰৰ পৰা দেখা পাই যে মদিনাবাসী সকল ৰুগীয়া বা দুর্বল নহয় । ইয়াক ‘ৰমল’ কৰা বুলি কোৱা হয় । যদিও আল্লাহৰ ৰছুল(ছ:)এ পৰিস্থিতি আপেক্ষেহে ‘ৰমল’ কৰিবলৈ নির্দেশ দিছিল ই কিন্তু আমাৰ কাৰণেও চুণ্ণত হৈ গ’ল ।
হুদাইবিয়াৰ সন্ধিৰ সময়ত মুছৰিক কোৰাইছ বিলাকৰ মনে মনে এক কু-চক্রান্ত আছিল যে দুই তিনি বছৰ ভালদৰে ব্যবহায়-বাণিজ্য কৰি নিজৰ তনকিয়াল অৱস্থা হ’লেই সকলো মিত্রজোতকে একলগ কৰি এক বিৰাট সেনা বাহিনী গঠণ কৰি মুছলমান সকলক মদিনাতে গৈ সমূলঞ্চে ধংব্স কৰা হব , সিহঁত বিলাকৰ এই কু-চক্রান্তৰ বিপৰীতে মহান আল্লাহে কৰি ৰাখিছিল এক গোপণ পৰিকল্পনা যাৰ ফলতেই সমগ্র আৰব ভূমিত মুছলমান সকলৰ মর্য্যদা দিনক দিনে বৃদ্ধি পাব ধৰে কিয়নো এই সন্ধিৰ দ্বাৰা মক্কাৰ মুছৰিক আৰু সিহঁতৰ মিত্রজোটে মুছলমান সকলক এটা মর্য্যদা পূর্ণ স্বতন্ত্র জাতি হিচাবে স্বিকৃতি দিবলৈ বাধ্য হৈ পৰিছিল । নহলে সিহঁতে মুছলমান সকলৰ লগত একেখন টেবুলতে বহি সন্ধি কৰাৰ বিবেচনাই নকৰিলে হেতেন । সিহঁতে মুছলমান সকলৰ উথ্থানক অনিচ্ছা স্বত্বেও স্বিকৃতি দিবলৈ বাধ্য হৈ পৰিছিল । এই সন্ধিয়ে সমগ্রহ আৰব ভূমিলৈকে এটা শান্তিৰ পৰিবেশ নমাই আনিছিল , মক্কাৰ মুছৰিক আৰু সিহঁতৰ মিত্রজোটে মুছলমান সকলৰ লগত বাৰে বাৰে কৰি থকা যুদ্ধ বিলাকে আৰব ভূমিৰ অন্যান্য জাতি-গোষ্ঠী সমূহৰ ওপৰতও যথেষ্ঠ প্রভাব পেলাইছিল , বহুতো লোক হতা হত হোৱাৰ উপৰিও যুদ্ধ বিলাকে সমগ্র আৰব ভূমিৰ ব্যৱসায়-বানিজ্যত সাংঘাটিক ধৰণে প্রভাব পেলাইছিল । কোৰাইছ সকল আছিল পবিত্র কাবা গৃহৰ তত্বাবধায়ক তথা ৰক্ষণা বেক্ষণকাৰী সেয়েহে আৰবৰ আন আন জাতি গোষ্ঠীৰ লোক সকলে তেঁওলোকক যথেষ্ঠ সন্মান দেখুৱাইছিল আৰু সমীহ কৰি ছলিছিল , কোৰাইছ সকল অসন্তোষ্ট হলে ওমৰাহ আৰু হজৰ সময়ত তাৰ প্রভাব পৰিব পাৰে বুলি ভাবি ভয়তে কোনো কোনো জাতি গোষ্ঠীৰ লোকে মুছলমান সকলৰ লগত সম্পর্ক যথেষ্ঠ ভাল হোৱাৰ পাছতও অনিচ্ছা স্বত্বেও মুছলমান সকলৰ পৰা আতৰি আতৰি থাকিছিল, এই সন্ধিয়ে এনে জাতি-গোষ্ঠীৰ লোক সকলক মুছলমান সকলৰ ওচৰ চপাই অনাৰ লগতে বাকী জাতি-গোষ্ঠী বিলাকৰ লগত মুছলমান সকলৰ অবাধ মিলা-মিছাৰ বাট মুকলি কৰি দিয়ে । এনে এটা পৰিবেশ সৃষ্টি হোৱাৰ লগে লগে প্রথম বাৰৰ বাবে মুছলমান সকলে সম্পূর্ণ নিৰাপত্তা অনুভব কৰিবলৈ লয় কিয়নো এই সন্ধিৰ আগলৈকে সকলো সময়তে যুদ্ধৰ কলা ডাৱৰ মুছলমান সকলৰ মূৰৰ ওপৰত উৰি ফুৰিছিল , যুদ্ধৰ শংকা সম্পূর্ণ নোহোৱা হোৱাৰ লগে লগে মুছলমান সকলে ইছলামৰ দ্বাৱাতৰ কামৰ উপৰিও ব্যৱসায়-বানিজ্য আদি সকলোতে পূর্ণ ভাবে মনোনিবেশ কৰিব ধৰে, সমগ্র আৰবৰ লগতে আন্তৰাষ্ট্রীয় পর্য্যায়ত মুকলি ভাবে ইছলামৰ প্রচাৰ ছলিব ধৰে, ইছলাম কি ওচৰৰ পৰা বুজিবলৈ সুবিধা পোৱাৰ ফলত জাকে জাকে লোকসকলে ইছলামৰ চত্র-চায়াত আহিবলৈ ধৰে। খুউব কম সময়ৰ ভিতৰতে মুছলমান সকলে দেশ বিদেশৰ লগত সুদৃঢ় বানিজ্যিক সম্পর্ক গঢ়ি তুলি এক সবল অর্থব্যবস্থা গঢ়িব ধৰে , আৰু আল্লাহৰ ৰছুল(ছ:)এ পাৰস্য ,ৰুম,আবিছিনিয়া আদি অন্যান্য ৰাষ্ট্রৰ ৰজা-মহাৰজা সমূহৰ ওচৰলৈ ইছলামৰ দ্বাৱাতৰ বাবে চিঠি আৰু মানুহ পঠাব ধৰে ।
মদিনাৰ ওচৰ-পাজৰত থকা কিছুমান ইহুদী জাতিৰ লোকে প্রথমৰে পৰাই মুছলমান সকলক বাৰে বাৰে অসুবিধা দি আছিল কিন্তু মক্কাৰ মুছৰিক বিলাকৰ পৰা যিকোনো মূহূর্ত্ততে হব পৰা আক্রমণৰ শংকাৰ কাৰণে আল্লাহৰ ৰছুল(ছ:)এ ইছলামৰ ক্ষতি কৰি থকা এনে জাতি বিলাকৰ প্রতি মনোনিবেশ নকৰি যিমান পাৰি এৰাই ছলিবলৈ হে চেষ্টা কৰিছিল । এতিয়া এই জাতি বিলাকৰ প্রতি মনোনিবেশ কৰি মুছলমান সকলৰ নিৰাপত্তা আৰু সুৰক্ষাৰ কাৰণে এনে ক্ষতি কাৰক ইহুদী বিলাকক মদিনাৰ ওচৰৰ পৰা আতৰাই পঠিয়াব ধৰে ।
সুদাইবিয়াৰ সন্ধিয়ে সমগ্র আৰবৰ জাতি-গোষ্ঠী সমূহক পোনপতিয়াকৈ দুটা ভাগত বিভক্ত কৰি দিয়ে , এটা ফালে হ’ল ‘ইছলাম’, ইয়াত আছিল এক আল্লাহৰ ইবাদত কৰা আৰু মহম্মদ(ছ:)ক আল্লাহৰ ৰছুল বুলি স্বীকাৰ কৰি লোৱা মুছলমান সকল , এঁওলোকৰ মাজত বিভিন্ন বংশ , গোত্র , ভাষা-ভাষি , বর্ণ তথা বিভিন্ন জাতি-জনজাতিৰ লোক কোনো ভেদা ভেদ নোহোৱাকৈ এক ইছলামৰ ডোলেৰে বান্ধ খাই আছিল I এনে অনক্যৰ মাজতও মুছলমান সকলৰ ঐক্যৰ বান্ধোনৰ হেতু আছিল এক মাত্র উপাস্য আল্লাহ আৰু আল্লাহৰ ৰছুল(ছ:) । আনফালে হ’ল মক্কাৰ কোৰাইছৰ লগতে আৰবৰ অন্যান্য মুছৰিক বিলাক , ইছলামৰ প্রথম অৱস্থাত বিৰুধ আৰম্ভ হৈছিল ‘বনু হাচিম’ (ৰছুল(ছ:)ৰ বংশ) আৰু কোৰাইছৰ বাকী অন্যান্য বংশৰ লোক সকলৰ মাজত , এতিয়া মুছৰিক কোৰাইছ বিলাকৰ লগত বিভিন্ন জাতি গোষ্ঠীৰ মুছৰিক বিলাকেও লগ হৈ মুছলমান সকলৰ বিৰুদ্ধে ঠিয় দিলে , কোৰাইছ আৰু এই বিভিন্ন জাতি গোষ্ঠীৰ মুছৰিক বিলাকৰ মাজত সম্বন্ধৰ কোনো হেতু নথকাৰ কাৰণে একতাৰ খুউবেই অভাব আছিল । সেয়েহে এনে সুযোগতে খুউব কম সময়ৰ ভিতৰতে ইছলামে সম্পূর্ণ আৰব ভূমিতে নিজৰ বিজয় ধ্বজ্জা উৰুৱাবলৈ সক্ষম হয় । এই সন্ধি আছিল মুছলমান সকলৰ কাৰণে “মক্কা বিজয়ৰ” আধাৰশীলা স্বৰূপ । এই সন্ধি সম্পাদন হোৱাৰ দুটা বছৰৰ পাছত মক্কাৰ কোৰাইছ বিলাকে তেঁওলোকৰ লগত চুক্তিত আবদ্ধ থকা এটা গোষ্ঠীৰ হৈ মুছলমান সকলৰ লগত চুক্তিত আবদ্ধ থকা এটা গোষ্ঠীক আক্রমণ কৰি বহুতো লোকক হতাহত কৰে । হুদাইবিয়াৰ সন্ধিক অবমাননা কৰি কোৰাইছ বিলাকে যুদ্ধ কৰাৰ কাৰণে উক্ত গোষ্ঠীটোৱে হুদাইবিয়াৰ সন্ধি অনুসৰি মুছলমান সকলৰ সহায় বিচাৰে , আল্লাহৰ ৰছুল(ছ:)এ হুদাইবিয়াৰ সন্ধি অনুসৰি উক্ত গোষ্ঠীটোক সহায় কৰিবৰ বাবে মক্কা আক্রমণৰ যো-জা কৰে আৰু লগে লগে কোৰাইছ বিলাকৰ লগত কৰা এই সন্ধি বাতিল হৈ পৰে ।
What's Your Reaction?
Like
0
Dislike
0
Love
0
Funny
0
Angry
0
Sad
0
Wow
0